/asomiyapratidin/media/media_files/2026/02/22/iouoioiritrtt-2026-02-22-22-39-57.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ বিকাশ যাত্ৰাত সংযোজিত আন এক সোণালী অধ্যায়। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেল উদ্বোধনৰ পিছতেই ৰাজ্যজুৰি আনন্দৰ সোঁত বৈছে। আধুনিক প্ৰযুক্তি, আকৰ্ষণীয় স্থাপত্য আৰ্হি আৰু উন্নত সা-সুবিধাৰে সজোৱা এই নৱ-টাৰ্মিনেলত কৰ্মৰত বহু অসমীয়া যুৱ-যুৱতীয়ে নিজৰ দক্ষতা আৰু যোগ্যতাৰ দীপ্ত নিদৰ্শন দাঙি ধৰিছে।
গোলাঘাটৰ ৰাজ কুমাৰ শইকীয়া, যতীন বৰা, এন্থেনি হেণ্ডিক, লিজা দাস, পলাশ বাৰীৰ বিকাশ কুমাৰ, আজাৰাৰ ভৱেশ মেধিকে ধৰি বহুতো অসমীয়াই এই টাৰ্মিনেলত বিভিন্ন দায়িত্ব পালন কৰিবলৈ সক্ষম হয়। কথাৰে নহয়, কামেৰে নিজৰ প্ৰতিভা আৰু সামৰ্থ্য প্ৰমাণ কৰিছে তেওঁলোকে। তেওঁলোকৰ নিষ্ঠা, আত্মবিশ্বাস আৰু কঠোৰ শ্ৰমে অসমৰ নতুন দিগন্ত উন্মোচন কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে।
উল্লেখ্য যে, প্ৰায় ৪,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অত্যাধুনিক টাৰ্মিনেলৰ জৰিয়তে বছৰি প্ৰায় ১ কোটি ৩০ লাখ বিমানযাত্ৰীয়ে সেৱা লাভ কৰিব পাৰিব বুলি অনুমান কৰা হৈছে। যাত্ৰীৰ সুবিধা, সুৰক্ষা আৰু আৰামৰ দিশত লক্ষ্য ৰাখি নিৰ্মিত এই বৃহৎ প্ৰকল্পটোৱে কেৱল বিমান পৰিসেৱাৰ ক্ষেত্ৰতেই নহয়, অসমীয়াৰ কর্মসংস্থানৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।
অসমৰ অসমীয়াই নতুন টাৰ্মিনেলত কাম কৰাৰ সুযোগ লাভ কৰি নিজকে অসমীয়া হিচাপে গৌৰৱান্বিত অনুভৱ কৰিছে। গোলাঘাটৰ ৰাজ কুমাৰ শইকীয়া, এন্থেনি হেণ্ডিক, যতীন বৰা, লিজা দাস, পলাশবাৰীৰ বিকাশ কুমাৰ, আজাৰাৰ ভৱেশ মেধিয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে, ‘অসমীয়া হিচাপে আজি গৌৰৱান্বিত। অসমৰ চৰকাৰে আমাক এনেকুৱা এটা প্ৰজেক্টত কাম কৰাৰ সুবিধা দিছে। অসমীয়া হিচাপে অসমত কাম কৰাৰ সুযোগ পাই বহুত বেছি সুখী হোৱাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।’ লগতে তেওঁলোকে এই অভিজ্ঞতা কেৱল এটা চাকৰি নহয়, ই হৈছে নিজৰ ৰাজ্যৰ উন্নয়নৰ অংশীদাৰ হোৱাৰ এক সোণালী সুযোগ বুলিও উল্লেখ কৰে।
উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সমন্বিত প্ৰচেষ্টাত এই বৃহৎ প্ৰকল্পটো বাস্তৱায়িত হৈছে। অসমীয়া কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে। সামগ্ৰিকভাৱে, এই নতুন সংহত টাৰ্মিনেল কেৱল এখন আধুনিক স্থাপত্য নহয়; ই অসমৰ আত্মবিশ্বাস, সামৰ্থ্য আৰু আগবঢ়াৰ মানসিকতাৰ এক উজ্জ্বল প্ৰতীক হিচাপে পৰিগণিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us