/asomiyapratidin/media/media_files/2026/02/11/udjjdjd-2026-02-11-10-19-55.jpg)
ডিজিটেল ডেস্কঃ লোকসভাৰ অধ্যক্ষ পদৰ পৰা সাময়িকভাৱে অব্যাহতি গ্ৰহণ কৰছে ওম বিৰলাই। বিৰোধীয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অনা অনাস্থাৰ প্ৰস্তাৱৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ওম বিৰলাই। যোৱা মঙলবাৰে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে লোকসভাৰ সচিবক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
উল্লেখ কৰা প্ৰয়োজন যে, লোকসভাৰ অধ্যক্ষগৰাকীৰ পক্ষপাতমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি বিৰোধী অসন্তুষ্ট হৈ পৰিছিল। বিৰোধী দলপতি ৰাহুল গান্ধীক সদনত ভাষণৰ বাবে অনুমতি দিয়া নাছিল অধ্যক্ষগৰাকীয়ে। তাৰ পিছতে বিৰোধীয়ে তেওঁৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ দাখিল কৰে।
এই বিষয়টোক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত লোকসভাৰ কাম-কাজৰ পৰা নিজকে নিলগাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ওম বিৰলাই। ধাৰণা কৰা হৈছে, বাজেট অধিবেশনৰ পৰৱৰ্তী অংশ আৰম্ভ হোৱাৰ প্ৰথম দিনা অৰ্থাত ৯মাৰ্চত এই বিষয়টো সদনত উত্থাপন কৰা হ'ব। কমেও ৫০গৰাকী বিৰোধী বিধায়কে এই অনাস্থাৰ প্ৰস্তাৱত সমৰ্থন জনালে অধ্যক্ষৰ পদ এৰিব লাগিব ওম বিৰলাই।
কংগ্ৰেছ তথা বিৰোধীয়ে দাখিল কৰা অনাস্থাৰ প্ৰস্তাৱত উল্লেখ কৰা হৈছে যে, বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অন্যান্য বিৰোধী সাংসদক ৰাষ্ট্ৰপতি ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ ওপৰত ভাষণ দিবলৈ দিয়া নাছিল ওম বিৰলাই। কংগ্ৰেছে এই অভিযোগনামাত ৮গৰাকী সাংসদক নিলম্বনৰ কথাও উল্লেখ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us