/asomiyapratidin/media/media_files/2025/08/05/lok-kalyan-divash-2025-08-05-13-40-43.jpeg)
ডিজিটেল ডেস্কঃ লোকপ্ৰীয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক মৃত্যু তিথি উপলক্ষে আজি কামৰূপ মহানগৰ জিলাৰ উদ্যোগত নৱগ্ৰহৰ শান্তিস্থলত লোক কল্যাণ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু গোপীনাথ বৰদলৈৰ পৰিয়ালৰ কেইবাজনো সদস্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াই পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। তাৰোপৰি অনুষ্ঠিত হয় এক সৰ্ব ধৰ্মীয় সভাৰো।
আনহাতে অসম চৰকাৰে লোক কল্যাণ দিৱস উপলক্ষত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আদৰ্শ নিষ্ঠা সহকাৰে অনুসৰণ কৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অসম চৰকাৰে কৰ্মশ্ৰী আৰু লোক সেৱা বঁটা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত প্ৰদান কৰে। এই অনুষ্ঠানতো মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। তাৰোপৰি উপস্থিত থাকে অসম চৰকাৰৰ কেইবাজনো শীৰ্ষ বিষয়া।
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰেই গোপীনাথ বৰদলৈকো মনত ৰাখিব লাগে
নৱগ্ৰহৰ শান্তিস্থলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত দাসে কয় যে, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ তিৰোভাৱ তিথিৰ দিনা মই অসম চৰকাৰ আৰু অসমৰ ৰাইজৰ হৈ তেখেতৰ পৰম আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাইছো। নিশ্চতভাৱে ঈশ্বৰে তেওঁক বৈকুণ্ঠতে ৰাখিছে। এইগৰাকী মহান ব্যক্তিৰ বাবেই হয়তো আপোনালোকৰ সন্মুখত আজি থিয় দিব পাৰিছো। কাৰণ গ্ৰুপিং ব্যৱস্থাৰ যদি তেওঁ বিৰুদ্ধাচাৰণ নকৰিলেহেতেন, মই হয়তো অসমীয়াত আপোনালোকৰ সন্মুখত কথা ক’বলৈ নোৱাৰিলোহেতেনে। তেওঁ গ্ৰুপিং ব্যৱস্থাৰ বিৰোধিতা নকৰিলে আমি হয়তো পাকিস্তানৰ বাসিন্দা হলো হয়।
তেওঁ আৰু কয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অসমীয়া ভাষা, কৃষ্টিক আগুৱাই দিছিল আৰু ইয়াৰ সংবৰ্ধন আৰু সংৰক্ষণৰ কৰাৰ ক্ষেত্ৰত গ্ৰুপিং ব্যৱস্থাৰ বিৰুদ্ধে বিৰোধিতা কৰি গোপীনাথ বৰদলৈয়ে এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। গতিকে মই ভাবো অসমীয়া জাতিয়ে অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতিৰ ক্ষেত্ৰত আমি যেনেদৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক মনত ৰাখিছো তেনেকৈয়ে গোপীনাথ বৰদলৈকো আমি প্ৰতিগৰাকীয়ে মনত ৰখা উচিত।
তেওঁ আৰু কয়, মই ভাবো আজিৰ মৃত্যু তিথিৰ দিনা অসমৰ প্ৰতিটো পৰিয়ালে নিজৰ ঘৰত তেওঁৰ বিষয়ে অপলহলেও আলোচনা কৰিব লাগে। গোপীনাথ বৰদলৈদেৱৰ অৰহিণাৰ বাবেই যে আমি আজি অসমীয়া হৈ থাকিবলৈ পাৰিছো, আমি ভাৰতীয় হ’ব পাৰিছো, বৃহত্তৰ অসমীয়া জাতি হিচাপে পৰিচিত হ’ব পাৰিছো এইবোৰ কথা নতুন চামক আমি শিকোৱাৰ প্ৰয়োজন আছে।
On the 75th Punyatithi of Bharat Ratna Lokpriya Gopinath Bordoloi, we remember a soul whose life was a silent shield for Assam.
— Ranjeet Kumar Dass (@RanjeetkrDass) August 5, 2025
His ideals still echo in our identity, our unity, and our pride.
Offered heartfelt tributes at his Samadhi in Navagraha, Guwahati, on behalf of the… pic.twitter.com/fFgcFOiuSd
''আজিৰ অসমৰ পৰিস্থিতিত গোপীনাথ বৰদলৈৰ আদৰ্শ আগবঢ়াই দিয়া উচিত''
আনহাতে গোপীনাথ বৰদলৈৰ কণিষ্ঠ পুত্ৰই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, আজি মোৰ দেউতা লোকপ্ৰীয় গোপীনাথ বৰদলৈৰ ৭৫ তম মৃত্যু বাৰ্ষিকী। প্ৰথমে মই তেওঁৰ পুত্ৰ হিচাপে ভাগ্যবান বুলি ভাবো। অসমেই নহয়, গোটেই ভাৰতবৰ্ষত তেখেতক যিধৰণে সন্মান দিব লাগে সেইধৰণে পাইছে। তেখেতৰ পৰা সৰু পুত্ৰ হিচাপে কেনেকৈ ৰাইজৰ লগত থাকিব লাগে সেই বিষয়ে শিকিলো, জানিলো।
তেওঁ আৰু কয়, সকলোকে ক’বলৈ বিচাৰো আমি প্ৰত্যেক বছৰেই এনেদৰে মৃত্যুতিথি হওঁক বা জন্মতিথি হওঁক পালন কৰো। কিন্তু তেখেতৰ যিবোৰ আদৰ্শ আছিল, যিদৰে দেশৰ কাৰণ ত্যাগ কৰিছিল, পৰিয়ালক বাদ দি দেশৰ কথা চিন্তা কৰিছিল সেই কথাবোৰ আমি নৱপ্ৰজন্ম বুলিয়েই নহয় সকলোকে জনাব লাগে। গ্ৰুপিংৰ তেওঁ কিদৰে বিৰোধিতা কৰিছিল সেই কথা জনাৰ খুবেই দৰকাৰ। অভিভাৱকসকলক অনুৰোধ কৰিব বিচাৰো এতিয়া অসমৰ যি পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ পৰা বচাবৰ কাৰণে তেখেতৰ আদৰ্শবোৰ আগবঢ়াই দিয়া উচিত।
উল্লেখ্য যে, ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি ২০২২ চনৰ পৰা ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছ।এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্রশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়।
৬৯ গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা বঁটা
এই উপলক্ষে ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে চলিত বছৰৰ বাবে ৬৯ গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা বঁটাসমূহ ঘোষণা কৰিছিল। সেই অনুসৰিয়েই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হয়। ঘোষণা অনুসৰি ৰাজ্যিক পৰ্যায়ত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ দলপতি অংকুৰ নাৰায়ণ দাস, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মাল্টি টাস্কিং ষ্টাফ বীৰ বাহাদুৰ ৰায়, ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক চিন্ময় বৰা, বিত্ত বিভাগৰ সহকাৰী শাখা বিষয়া দ্বীপজ্যোতি বনিয়াকে ধৰি ১০ গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা বঁটা আগবঢ়োৱা হৈছে।
একেদৰে বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী বীৰেন্দ্ৰ নাথ দাস, বজালী জিলা আয়ুক্ত কাৰ্যালয়ৰ কনিষ্ঠ প্রশাসনিক সহায়ক অবিনাশ গোস্বামী, কাছাৰৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক হেমাংগ বড়োকে ধৰি ৫৯ গৰাকী কৰ্মচাৰীলৈ জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আগবঢ়োৱা হৈছে।