কোৰোনাৰ ভয়, চাহ একাপ খাওঁক বুলি গৃহস্থই নকয়ঃ লকডাউনত চাহপাত বিক্ৰী কমিল ৩০ শতাংশ…

কোৰোনাৰ ভয়, চাহ একাপ খাওঁক বুলি গৃহস্থই নকয়ঃ লকডাউনত চাহপাত বিক্ৰী কমিল ৩০ শতাংশ…

author-image
asomiyapratidin
New Update
কোৰোনাৰ ভয়, চাহ একাপ খাওঁক বুলি গৃহস্থই নকয়ঃ লকডাউনত চাহপাত বিক্ৰী কমিল ৩০ শতাংশ…

ডিজিটেল ডেস্কঃ পুৱা একাপ গৰম চাহ। সতেজ লাগে মনটো। চাহ খোৱাতো অসমীয়া মানুহৰে নহয় বহুতৰে নিয়মীয়া অভ্যাস। চাহ কাপেৰে আৰম্ভ হয় দিনটো। কেৱল ঘৰতে নহয়, বাটে পথে ঘূৰি থাকোতেও অৱসাদ দূৰ কৰিবলৈ কোনোবা এখন চাহৰ বিপনী, ৰেষ্টুৰেন্টত সোমাই চাহ জুতি লোৱাতো অভ্যাস।

Advertisment

লকডাউনে বহুতৰ এই অভ্যাস সলনি কৰি দিলে। ঘৰত সোমাই থাকি মানুহবোৰে দুই-একাপ চাহ খালেও বাট-পথৰ দোকান-পোহাৰ বন্ধ হৈ পৰাত সৰু সৰু চাহৰ দোকান, হোটেল, ৰেষ্টুৰেন্ট আদিত চাহ খোৱাৰ আমেজ প্ৰায় নাইকিয়া হোৱাৰ দৰেই।

এই পৰিৱৰ্তনেই চাহ উদ্যোগটোলৈ নমাই আনিছে ভয়ংকৰ বিপদ। কমিছে চাহৰ ব্যৱহাৰ। একেদৰে ঘৰৰ বাহিৰলৈ আহি একাপ চাহ খোৱা অভ্যাসো নাইকিয়া কৰিলে। সৰু সৰু চাহ দোকানীবোৰে লকডাউনৰ বাবে চাহ বিক্ৰী বন্ধ কৰিব লগা হোৱাত ইয়াৰ প্ৰভাৱ পৰিছে চাহ উদ্যোগটোত।

কোৰোনা ভাইৰাছে দেশৰ আন উদ্যোগৰ লগতে চাহ উদ্যোগলৈ নমাই আনিছে এই দুঃসংবাদ। দেশত চাহৰ বিক্ৰী যোৱা তিনি মাহত কমিছে ২৫-৩০ শতাংশ। ফেডাৰেশ্যন অৱ অল ইণ্ডিয়া টী ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনৰ তথ্যত প্ৰকাশ এই কথা। ৰাজু চাহু, বৃত্তিত মহানগৰীৰ এজন চাহ দোকানী। তেওঁ ক'লে- যোৱা তিনি মাহ ধৰি একাপ চাহো বিক্ৰী কৰা নাই। দিনটোত মোক এক-ডেৰ কেজি চাহপাতৰ প্ৰয়োজন হয়। কিন্তু এই লকডাউনৰ সময়ত মই দোকানৰ বাবে ১০০ গ্ৰাম চাহপাতো কিনিব লগা হোৱা নাই। আজি এসপ্তাহ মানৰ পৰা চাহৰ দোকান খুলিছো যদিও, মানুহে চাহ খাব ভয় কৰে। দিনটোত ১০ কাপো চাহ বিক্ৰী নহয়। গুৱাহাটীৰ বামুণীমৈদামৰ এখন ঠেলাত চাহৰ দোকান দিয়ে এইজন ৰাজু চাহুৱে।

এনেদৰে ক'ত ৰাজু চাহুৱে এই সময়ত চাহ কিনাৰ কথা ভাবিবই পৰা নাই। প্ৰতিমাহত দেশত ৯০ মিলিয়ন কেজি চাহপাত কেৱল ঘৰুৱা ব্যৱহাৰৰ বাবেই বিক্ৰী হয়। সেই বিক্ৰীৰ হাৰ দোকান-পোহাৰ বন্ধ থকাৰ বাবে যোৱা লকডাউনৰ সময়চোৱাত হ্ৰাস পাইছে ৭২ মিলিয়ন কেজিলৈ।

স্বাভাৱিক সময়তকৈ চাহ দোকান, হোটেল, ৰেষ্টুৰেন্টৰ বাবে ক্ৰয় কৰা চাহপাতৰ বিক্ৰীৰ পৰিমান হ্ৰাস হৈছে ৩৬ মিলিয়ন কেজিলৈ। ঘৰুৱা চাহৰ ব্যৱহাৰৰ পৰিমান প্ৰায় ঠিকেই হ'লেওঁ, ঘৰৰ বাহিৰত খোৱা চাহৰ পৰিমান বহু হ্ৰাস পাইছে লকডাউনৰ এই সময়চোৱাত। সেয়েহে মুঠ চাহৰ ব্যৱহাৰৰ পৰিমান ২৫-৩০ শতাংশ হ্ৰাস পাইছে। এই কথা জনাই অধ্যক্ষ শ্বাহে। ইফালে, ৱাঘ বকৰী চাহ কোম্পানীৰ এগজিকিউটিভ ডাইৰেক্টৰ পৰাগ দেশাইয়ে কয় যে, কো্ম্পানীটোৱে চলোৱা ১৩টা লঞ্জ আৰু ১০০টা কিঅ'স্কছ এই লকডাউনৰ সময়চোৱাত বন্ধ হৈ আছে। ইয়াৰ বাবে আমাৰ ঘৰুৱা চাহ বিক্ৰীৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছে। দীপাৱলি সময়লৈকে ব্যৱসায় পুনৰ ভাল হ'ব বুলিও আশা ব্যক্ত কৰে পৰাগ দেশাইয়ে।

লকডাউনৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লাখ লাখ প্ৰবাসী শ্ৰমিক নিজ নিজ ঘৰলৈ উভতিছে। তেওঁলোকে দৈনন্দিন কাম-কাজ কৰি থকা সময়ত যিমান কাপ চাহ খাইছিল তাৰ সমান্তৰাল পৰিমানৰ চাহ ঘৰত পাবনে নাই সেয়াও লক্ষণীয় এক বিষয়। মেকলিঅ'ড ৰাছেল ইণ্ডিয়াৰ ডাইৰেক্টৰ আজাম মোনেমে এই সন্দৰ্ভত কয়- প্ৰবাসী শ্ৰমিকসকলে দিনটোত ৪-৫ কাপ চাহ খাই। এতিয়া তেওঁলোক নিজৰ নিজৰ ঘৰলৈ উভতিছে। কিন্তু তেওঁলোকে ঘৰত সমান পৰিমানৰ চাহ খাবলৈ পাবনে? 

ইফালে, গুডৰিকী গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ অতুল আস্থানাই কয় যে- এবাৰ চাহ পূৰ্বৰ দৰে উপলব্ধ হোৱাৰ পাছত ইয়াৰ ব্যৱসায়ো বৃদ্ধি পাব। আনহাতে, অল ইণ্ডিয়া টি ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনৰ অধ্যক্ষ শ্বাহে আৰু লগতে কৈছে যে- 'বজাৰত চাহ উপলব্ধ হোৱাৰ পাছত ফাৰ্ম গেটৰ মূল্য ৬০ৰ পৰা ৭০ টকা প্ৰতি কেজি হ'ব। কিন্তু প্ৰশ্ন হ'ল এই মূল্য এমাহৰ পাছত হ্ৰাস পাব নে সমানেই থাকিব?

লকডাউনৰ সময়ত চাহ উদ্যোগ তথা খুচুৰা চাহ ব্যৱসায়ীসকলৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে বাৰুকৈ। ইণ্ডিয়া টী এছ'চিয়েশ্যনৰ অধ্যক্ষ বিবেক গয়েংকাই কয় যে, অসম আৰু পশ্চিমমবংগত ২০২০ৰ মাৰ্চ-এপ্ৰিলত মাহত চাহৰ উৎপাদনৰ হাৰ ৬৫ শতাংশলৈ হ্ৰাস পায়। আৰু মে' মাহত এই হাৰ ৫০ শতাংশলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। লগতে তেওঁ কয় যে, এই দুয়োখন ৰাজ্যৰ চাহ উৎপাদন মাৰ্চ, এপ্ৰিল আৰু মে' মাহত অনুমানিক প্ৰায় ১৪০ মিলিয়ন কেজি চাহৰ লোকচান হ'ব। লক্ষণীয় যে, ২০১৯ত ভাৰতত ১,৩৯০ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰা হৈছিল।

দ্য নৰ্থ ইষ্টাৰ্ণ টী এছ্যচিয়েশ্যন চমুকৈ নেটাই চলিত বৰ্ষত এপ্ৰিলত সদৰী কৰা অনুসৰি, লকডাউনৰ ফলত অসম চাহ উদ্যোগটোৱে ৮০ মিলিয়ন কেজি অৰ্থাৎ ১২৮০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। যিটো সময়ত চাহপাতৰ উৎপাদন সৰ্বাধিক হয়, সেই সময়তে এইদৰে চাহপাত বিক্ৰীত প্ৰভাৱ পৰাত ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ খেতিয়ক আৰু চাহ বাগানসমূহৰ উদ্যোগ ক্ষতিগ্ৰস্ত হৈছে। এসময়ত অসমৰ চাহৰ নাম আছিল বিশ্বৰ বজাৰত। জৈৱিক চাহ উৎপাদনৰ ওপৰত আন ৰাষ্ট্ৰসমূহে গুৰুত্ব দিয়া সময়ত অসমৰ চাহ উদ্যোগে এই বিষয়টোত গুৰুত্ব নিদিয়াত চাহৰ বিক্ৰী আৰু পূৰ্বৰ বজাৰখন এতিয়া অসমৰ হাতৰ পৰা ওলাই গৈছে।

উগ্ৰপন্থী সমস্যা, বানপানী, আন্দোলন আদিয়েও চাহ উদ্যোগটোক ৰুগ্ন কৰি পেলালে। আৰু শেষত কোৰোনা ভাইৰাছৰ এই প্ৰভাৱে অসমৰ চাহ উদ্যোগৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। চৰকাৰে চাহ উদ্যোগে সন্মুখীন হোৱা এই সমস্যাসমূহ সমাধানৰ বাবে অদ্যপি কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলে চাহপাত উৎপাদন কৰি সেইবোৰ উচিত মূল্য নাপাই ৰাজপথত পেলাই দিব লগাও অৱস্থা হৈছে।

অথচ উন্নত মানৰ চাহপাতৰ মূল্য এতিয়াও আছে বজাৰত। এইখন অসমতে প্ৰতি কেজি চাহপাত কিছুদিনৰ পূৰ্বে ৭৫,০০০ টকাত বিক্ৰী কৰি অভিলেখ গঢ়াৰ উদাহৰণ আছে। বিশ্বৰ আটাইতকৈ দামী চাহ ৰূপে পৰিগণিত হৈছিল ডিকম গ'ল্ডেন বাটাৰফ্লাই চাহ। এই চাহ বিক্ৰী হৈছিল গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে। তাৰ পূৰ্বেও মনোহাৰী আৰু মাইজান চাহে বিশ্বত অভিলেখ গঢ়িছিল।

তেওঁলোকে প্ৰতি কেজি চাহপাত বিক্ৰী কৰিছিল ৭০,৫০০ টকাকৈ। কিন্তু সেইবোৰ খবৰৰ মাজতো আশাৰ খবৰ নাই চাহ খেতিয়কসকলৰ বাবে। উৎপাদনৰ ব্যয় বাঢ়ি গৈ আছে। হ্ৰাস পাইছে বিক্ৰী। কোৰোনাৰ সংক্ৰমণ হোৱাৰ পাছত বিশ্বৰ আন দেশলৈ ৰপ্তানী হোৱা নাই চাহ। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব অসম, পশ্চিমবংগ আদি চাহ উৎপাদনৰ বাটকটীয়া ৰাজ্যবোৰত।

এতিয়া এনে অৱস্থা হৈছে- কাৰোবাৰ ঘৰলৈ মানুহ গ'লে চাহ একাপ যঁচা মানসিকতাই মানুহৰ মাজৰ পৰা হেৰাই গৈছে। অথচ অসমীয়া মানুহে অচিনাকি আলহী গ'লেও চাহ একাপ নোখোৱাকৈ নপঠায়। হোটেল, ৰেষ্টুৰেন্ট খুলিলেও সেইবোৰত চাহ খাবলৈ যোৱা মানুহ নাই। লকডাউন খুলিছে, কিন্তু মানুহৰ মনৰ পৰা কোৰোনাৰ ভয়-শংকা আতৰা নাই। কিমান দিনলৈ এই শংকা ৰৈ যায় সেয়া সময়ে ক'ব। কিন্তু বৰ বেয়া ধৰণে ক্ষতিগ্ৰস্ত হৈ পৰিল চাহ উদ্যোগ।