ক’ত, কিমান দিনৰ বাবে বৃদ্ধি লকডাউন…

ক’ত, কিমান দিনৰ বাবে বৃদ্ধি লকডাউন…

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল ডেস্কঃ দেশত লকডাুন বৃদ্ধি কৰা হ'ব নে নহয় তাক লৈ এতিয়াও নিশ্চিত নহয় কেন্দ্ৰ। শনিবাৰে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰাৰ সময়ত লকডাউনৰ সময়সীমা ৩০ এপ্ৰিললৈকে বৃদ্ধিৰ ইংগিত দিছিল প্ৰধানমন্ত্ৰীয়ে। সমগ্ৰ ভাৰততে কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দিয়া লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হ'বনে সেয়া নিশ্চিত নহ'লেও তেলেংগানাকে ধৰি কেবাখনো ৰাজ্যই লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে। তেনেদৰে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা আন কেইখনমান ৰাজ্য এনেধৰণৰঃ

Advertisment

১. পঞ্জাৱঃ ৰাজ্যখনত ১ মে' লৈকে বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা। মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে এই কথা সদৰি কৰিছে।

২. উৰিষ্যাঃ ৩০ এপ্ৰিললৈকে উৰিষ্যাত লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

৩. মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ৩০ এপ্ৰিললৈকে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

৪. কৰ্ণাকটঃ ৰাজ্যখনত আগন্তুক দুসপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে লকডাউন।

৫. পশ্চিমবংগঃ পশ্চিমবংগত ৩০ এপ্ৰিললৈকে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

৬. তেলেংগানাঃ ৰাজ্যখনত আগন্তুক দুসপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে লকডাউন।

৭. উত্তৰাখণ্ডঃ উত্তৰাখণ্ডত লকডাউন এপ্ৰিলৰ ৩০ তাৰিখলৈকে বৃদ্ধি কৰা হৈছে।

৮. দিল্লীঃ দেশৰ ৰাজধানী চহৰখনত ৩০ এপ্ৰিললৈকে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

৯. তামিলনাডুঃ দুসপ্তাহৰ বাবে তামিলনাডুত বৃদ্ধি কৰা হৈছে লকডাউন।