অচিৰেই কৰা হ’ব ঘোষণাঃ অহা ৩০ এপ্ৰিলৰ লৈকে ভাৰতত লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা…

  • দুসপ্তাহলৈ বৃদ্ধি পাব পাৰে লকডাউন।
  • অহা ৩০ এপ্ৰিলৰ লৈকে ভাৰত চৰকাৰে লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা কথা চৰ্চা হৈছে।
  • শনিবাৰেই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পাৰে এই ঘোষণা।
  • প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকৰ পাছত ইয়াৰ স্পষ্ট ইংগিত দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
  • টুইটাৰত তেওঁ লিখিছে, লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত সঠিক।
  • জনতাৰ বাবেই লকডাউন সম্প্ৰসাৰণ কৰাটো জৰুৰী বুলি কলে কেজৰিৱালে।
  • উল্লেখ্য যে, শনিবাৰৰ বৈঠকত প্ৰায় সকলো মুখ্যমন্ত্ৰীয়েই লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰিছিল।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in