কোনে দিছে সুৰক্ষা? পলাতক লাটমণ্ডল লোচন বৰাৰ বিৰুদ্ধে জিলা প্ৰশাসনে লোৱা নাই কঠোৰ ব্যৱস্থা...

ৰজাই ভাল দেখে যাক হাতী ঘোৰাও নেলাগে তাক । এগৰাকী মহিলাৰ পৰা ভূমি বিক্ৰীৰ অনুমতি আৰু পঞ্জীয়নৰ নামত বৃহৎ পৰিমানৰ ধন প্ৰবঞ্চনাৰে সৰকাই নিয়াৰ পিছতো বিজেপি চৰকাৰৰ শাসন কালত তেজপুৰৰ এজন দুৰ্নীতিপৰায়ণ লাটমণ্ডল এনেদৰেই ৰহস্যজনকভাৱে সুৰক্ষিত

author-image
Asomiya Pratidin
New Update
dddddddddddd

ডিজিটেল সংবাদ,তেজপুৰঃ  ৰজাই ভাল দেখে যাক হাতী ঘোৰাও নেলাগে তাক । এগৰাকী মহিলাৰ পৰা ভূমি বিক্ৰীৰ অনুমতি আৰু পঞ্জীয়নৰ নামত বৃহৎ পৰিমানৰ ধন প্ৰবঞ্চনাৰে সৰকাই নিয়াৰ পিছতো বিজেপি চৰকাৰৰ শাসন কালত তেজপুৰৰ এজন দুৰ্নীতিপৰায়ণ লাটমণ্ডল এনেদৰেই ৰহস্যজনকভাৱে সুৰক্ষিত হৈ আছে। 

Advertisment

মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা ৰাজহুৱাভাৱে সভাই সমিতিয়ে ঘোষণা কৰি অহাৰ সময়তে অবাধ-দুৰ্নীতিৰ  ভূস্বৰ্গত পৰিনত হৈছে তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। অসম চৰকাৰৰ ৰাজহ বিভাগৰ সকলো নীতি নিৰ্দেশনা সম্পুৰ্ণৰূপে উলংঘা কৰি তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ক্ষমতাৰ ৰাগীত অন্ধ হৈ বিগত দিন ধৰি বিয়াগোম কেলেংকাৰী সংঘটিত হৈ অহাৰ পিছতো শোণিতপুৰ জিলা প্ৰশাসনে কোনো কঠোৰ পদক্ষেপ গ্ৰহন নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে।

এনে সময়তে এগৰাকী মহিলাৰ পৰা ৯০ হেজাৰ টকা প্ৰবঞ্চনাৰে সৰকাই গ্ৰেপ্তাৰ হোৱাৰ ভয়ত আজি ২০ দিন ধৰি পলাতক অৱস্থাত থকা তেজপুৰ ৰাজহ চক্ৰৰ দুৰ্নীতিগ্ৰস্ত লাটমণ্ডল লোচন বৰাৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ চৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য ।

আশ্বৰ্যজনক বিষয় এয়ে যে আজিলৈকে ২০ দিনে  অকৰ্তত্বশীলভাৱে কাৰ্যালয়ত তথা কৰ্তব্যত উপস্থিত নথকাৰ পিছতো জিলা আয়ুক্তৰ লগতে ৰাজহ বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তয়ো দুৰ্নীতিপৰায়ণ লাটমণ্ডলজনৰ বিৰুদ্ধে কোনোধৰণৰ শাস্তিমুলক ব্যৱস্থা গ্ৰহন কৰা নাই। ইমানেই নহয় সদৰ থানাত লাটমণ্ডল লোচন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ পিছতো জিলা প্ৰশাসনে চাকৰিৰ নিলম্বিত কৰা নাই ।

জানিব পৰা মতে তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য্য বুঢ়াগোহাঁইয়ে লাটমণ্ডল লোচন বৰা ৫/০৮/২০২৫ ৰ পৰা কাৰ্যালয়ত উপস্থিত নথকাৰ সন্দৰ্ভত ৭/৮/২০২৫ তাৰিখে নং টি আৰ চি - ০১/- ২২৫/১৪৮ যোগে জিলা আয়ুক্তক অৱগত কৰে।

কিন্ত আজি এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো জিলা প্ৰশাসনে লাটমণ্ডল লোচন বৰাৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কোনোধৰনৰ শাস্তিমুলক পদক্ষেপ গ্ৰহন নকৰা বুলি অভিযোগ উঠিছে। একেদৰে ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাই এজন কৰ্মচাৰী অকৰ্তত্বশীল ভাৱে ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা আতৰি থকাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহন নকৰি হাতসাৱতি বহি থকাটো চক্ৰ বিষয়াৰ পত্ৰতে সকলো ওলাই পৰিছে।

এইক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়াৰ পত্ৰৰ পিছতো প্ৰশাসনে কিয় পদক্ষেপ গ্ৰহন কৰা নাই তাক লৈ প্ৰশ্ন উঠিছে। ইফালে পলাতক লাটমণ্ডলজনৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কঠোৰ পদক্ষেপ গ্ৰহন কৰিবৰ কাৰনে ৰাইজে দাবী জনাইছে। উল্লেখ্য যে ভূমিৰ পঞ্জীয়ন আৰু ভূমি বিক্ৰীৰ অনুমতিৰ কাম কৰি দিয়াৰ বাবদ তেজপুৰ সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল লোচন বৰাই বিহগুৰি মৌজাৰ গাভৰু শিৱ মন্দিৰৰ নিৱাসী জ্যোতি দেৱী কেওটৰ পৰা অতি প্ৰবঞ্চনাৰে ৯০ হেজাৰ টকা সৰকাই নিছিল।

সেই অনুসৰি লাট মণ্ডল লোচন বৰাই পৰৱৰ্তীসময়ত প্ৰয়োজনীয় ভূমি -সংক্ৰান্তীয় কামকাজসমূহ বহু দিনলৈকে নকৰাত উপাইহীন হৈ মহিলাগৰাকীয়ে লাটমণ্ডল লোচন বৰাৰ বিৰুদ্ধে জিলা আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰি শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকলৈ প্ৰতিলিপি প্ৰেৰণ কৰি ন্যায় বিচাৰিছিল। ইয়াৰ পিছতে আৰক্ষী অধীক্ষকৰ নিৰ্দেশত লাটমণ্ডল লোচন বৰাৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত গোচৰ ৰুজু হয়।

জানিব পৰা মতে সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল লোচন বৰাৰ বিৰুদ্ধে এনে ধৰনৰ আৰু বহু গুৰুতৰ অভিযোগ আছে। অভিযোগ মতে সদৰ ৰাজহ চক্ৰ কাৰ্যালয়ত বিগত দিন ধৰি ভূমিকেন্দ্ৰিক ব্যাপক দুৰ্নীতিঅনিয়ম সংঘটিত হৈ আহিছে। 

কাৰ্যালয়টোৰ একাংশ লাট মণ্ডল আৰু কৰ্মচাৰীৰ দুৰ্নীতি অনিয়মত ৰাইজ অতিষ্ঠ হৈ পৰিছে। ইফালে মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ অভিযোগ পত্ৰ প্ৰেৰণৰ পিছতো কিয় লাটমণ্ডল লোচন বৰা চাকৰিৰ পৰা নিলম্বিত হোৱা নাই তাক লৈ সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

তেজপুৰ