/asomiyapratidin/media/media_files/2026/01/06/1-2026-01-06-22-31-03.jpg)
ডিজিটেল সংবাদ,ধৰমতুলঃ ধৰমতুল বনাঞ্চলীক বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হৈ বনাঞ্চলীক বিষয়াক জবাবদিহি কৰিলে বেলতলাৰ শতাধিক ৰাইজে। জানিব পৰা মতে, বিগত দেওবাৰে নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া আমচৈ বনাঞ্চলৰ সমীপৰ বেলতলা গাঁৱত এটা অকলশৰীয়া বনৰীয়া হাতীয়ে নিজ গৃহত চৌহদতে আক্ৰমণ কৰি হত্যা কৰিছিল দুই বায়োজেষ্ঠ্য পুৰুষ মহিলাক।
৭৫ বছৰীয়া অশ্বিনি বিশ্বাস আৰু ৬০ বছৰীয়া সৰলা সৰকাৰক হাতীয়ে হত্যা কৰাৰ পিছতো বন বিভাগে গুৰুত্ব আৰোপ নকৰাত সোমবাৰে নিশা স্থানীয় ৰাইজে নিজাববীয়াকৈ দিছিল পহৰা। পহৰা দি থকাৰ অৱস্থাত সোমবাৰে নিশাৰ একেটা হাতীয়ে পুনৰ আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে মিথুন বৰদলৈ আৰু প্ৰভাত ৰাভাক।
ইয়াৰোপৰি চলিত মাহত বনৰীয়া হাতীয়ে বৰ্তমানলৈ ৬ জনক আক্ৰমণ কৰিছে। ৰাইজৰ অভিযোগ অনুসৰি বাৰে বাৰে বনৰীয়া হাতীয়ে উপদ্ৰপ চলাই আছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বন বিভাগে। বন কৰ্মীয়ে পেট্ৰলিংৰ নামত দুই এটা পাক মাৰীয়ে সামৰিছে নিজৰ দায়িত্ব।
বন বিভাগে সমগ্ৰ ঘটনা গুৰুত্ব প্ৰদান নকৰাত হাতীৰ উপদ্ৰৱত অতিষ্ঠ বেলতলাৰ ৰাইজ আজি ধৰমতুল বনাঞ্চলীক বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হয় আৰু বনাঞ্চলিক বিষয়া দিপন ডেকাক জবাবদিহি কৰে।অন্যহাতে ধৰমতুল বনাঞ্চলীক বিষয়া দিপণ ডেকাই ৰাইজৰ সহযোগত পেট্ৰলিং কৰি থকা বুলি মন্তব্য কৰাৰ লগতে ইলেকট্ৰিক ফেঞ্চিংৰ ব্যবস্থা কৰিব বুলি মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us