Advertisment

আকৌ ঋণঃ মাৰ্চ মাহত দ্বিতীয় বাৰৰ বাবে ৯০০কোটিৰ ঋণ ল'বলৈ সাজু অসম চৰকাৰ...

১০মাৰ্চত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শেষৰখন পূৰ্ণাংগ বাজেট দাখিল কৰিব। কিন্তু শেহতীয়াকৈ চৰ্চালৈ আহিছে যে, ১০মাৰ্চত বাজেট দাখিল কৰি ১১মাৰ্চত ৯০০কোটি টকাৰ ঋণ লব অসম চৰকাৰে।

author-image
Asomiya Pratidin
New Update
okokokok

ডিজিটেল ডেস্কঃ ১০মাৰ্চত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শেষৰখন পূৰ্ণাংগ বাজেট দাখিল কৰিব। কিন্তু শেহতীয়াকৈ চৰ্চালৈ আহিছে যে, ১০মাৰ্চত বাজেট দাখিল কৰি ১১মাৰ্চত ৯০০কোটি টকাৰ ঋণ লব অসম চৰকাৰে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৫ৰ মাৰ্চ মাহত এয়া দ্বিতীয়বাৰৰ বাবে ঋণ লব অসম চৰকাৰে। চলিত মাহৰ বিগত ৪ মাৰ্চত ৯০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে পুনৰ ১১ মাৰ্চত ৯০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । 

প্ৰাপ্ত খবৰ অনুসৰি,  ২০ বছৰৰ বাবে চৰকাৰী ষ্টক নিলামৰ জৰিয়তে ৰাজ্য চৰকাৰখনে এই ঋণ ল'ব । ইতিমধ্যে ৰিৰ্জাভ বেংকৰ সৈতে সকলো যাৱতীয় কাম সম্পন্ন হৈছে। এইখিনিতে পুনৰ উল্লেখ কৰিব লাগিব যে, জানুৱাৰীত দুটা পৰ্যায়ত মুঠ ১,০০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে ফেব্ৰুৱাৰীত ৩,৬৫০ কোটি টকাৰ ঋণ লৈছিল ।

আনফালে চৰ্চা হৈছে যে,  চলিত বিত্তীয় বৰ্ষ সমাপ্ত হ'বলৈ মাজত মাত্র কেইটামান দিন বাকী আছে । সেয়েহে চৰকাৰখনে মাৰ্চ মাহত যিমান পাৰে সিমান ঋণ লোৱাৰ বাবে উঠি-পৰি লাগিছে ।

অসম