/asomiyapratidin/media/media_files/2025/12/20/modi-live-2025-12-20-15-02-03.jpg)
- আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ প্রধানমন্ত্রী নৰেন্দ্র মোডী
- উদ্বোধন কৰিব বিমান বন্দৰৰ নতুন টাৰ্মিনেল
- বিয়লি ৪.১৫ বজালৈ পৰিদৰ্শন কৰিব নতুন টাৰ্মিনেল
- বিয়লি ৪.১৫ বজাত এখন জনসভাক সম্বোধন কৰিব
- বিয়লি ৪.৫৫ বজাত বাজপেয়ী ভৱন অভিমুখে ৰাওনা হ’ব প্রধানমন্ত্রী
- বিয়লি ৫.১৫ বজাত বাজপেয়ী ভৱনত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী
- বাজপেয়ী ভৱনত দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰিব প্রধানমন্ত্রীয়ে
- প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ আগমনক লৈ দিয়া হৈছে পথ নিৰ্দেশনা
- বিশেষ পথ নিৰ্দেশনা নাথাকিলেও কিছু কিছু পথ এৰাই চলাৰ আহ্বান
- পাণবজাৰ, ফাঁচীবজাৰত যান–জঁটৰ প্রতি লক্ষ্য ৰাখি উক্ত পথ এৰি চলাৰ আহ্বান
- মহানগৰীত নিষিদ্ধ গধুৰ বাহনৰ চলাচল
- বিমান বন্দৰতে প্রায় ১ লাখ ২০ হাজাৰ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা
- বিমান যাত্রীসকলক সোনকালে আহিবলৈ অনুৰোধ
- River Frontৰ পথ এৰাই চলাৰ আহ্বান
- লখৰা, বৰগাঁও অঞ্চলৰ পথ এৰি চলিবলৈ আহ্বান জনসাধাৰণক
- বিমান বন্দৰৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্রহণকাৰীক পানী বটল, ডাঙৰ বেগ নানিবলৈ আহ্বান
- পেণ্ডেলতে থাকিব খোৱাপানীৰ ব্যৱস্থা
- বিমান বন্দৰৰ উদ্বোধনী কাৰ্যসূচীত গড়লৰ দিশৰ পৰা অহা বাহনত ২য় ৰটাৰী পইণ্টত বাহন ৰখাব লাগিব
- পুৰণি টাৰ্মিনেল দিশৰ পৰা অহা বাহন SOS Villageত ২ ঘণ্টা পূৰ্বেই ৰখাই দিয়া হ’ব
- একমাত্র Pass থকা বাহনহে পুৰণা টাৰ্মিনেল দিশৰ পৰা আহিবলৈ পাৰিব
- Dec 20, 2025 16:46 IST
বৰঝাৰত জনসভা সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰঝাৰ বিমান বন্দৰৰ টার্মিনেল ভৱন বাহিৰত এখন জনসভা সম্বোধন কৰে। সভাত অংশ লয় উপস্থিত ৰাইজক অসমীয়াত সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে । লগতে তেওঁ অসমৰ উন্নয়নৰ বাবে প্ৰতিজ্ঞাবদ্ধ বুলি মন্তব্য কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে, আজিক দিনটো অসমৰ বাবে উৎসৱৰ দিন। দেশৰ উন্নয়ণৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে অসম। অসম বহু ক্ষেত্ৰত বিকশিত ভাৰতৰ ইঞ্জিন স্বৰূপ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
- Dec 20, 2025 15:38 IST
অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্রতিমূর্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ
বৰঝাৰ বিমানবন্দৰত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ এটা প্রতিমূর্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। এই কার্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, অসামৰিক পৰিবহণ মন্ত্রী কে ৰামমোহন নাইডু, ৰাজ্যমন্ত্রী মুৰলীধৰ মহল, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালাকে ধৰি কেইবাগৰাকী মন্ত্রী-বিধায়ক উপস্থিত থাকে।
- Dec 20, 2025 15:37 IST
বৰঝাৰ বিমান বন্দৰৰ টাৰ্মিনেল মুকলি প্ৰধানমন্ত্ৰীৰ
প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে মুকলি কৰিলে গুৱাহাটীৰ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱবনির্মিত টার্মিনেল। প্রায় ১ লাখ ৪০ হাজাৰ বর্গমিটাৰ এলেকাজুৰি নির্মাণ কৰা এই নতুন টার্মিনেলটো বছৰি এক কোটি ৩০ লাখ যাত্রীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু অর্কিড বিষয়বস্তুৰে নির্মাণ কৰা এই টার্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যক প্রতিফলিত কৰিছে।
- Dec 20, 2025 15:19 IST
প্ৰধানমন্ত্ৰী মোডীক আদৰণি মুখ্য়মন্ত্ৰী হিমন্ত বিশ্বৰ...
বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱা পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই আদৰণি জনালে প্ৰধানমন্ত্ৰী মোডীক। তেওঁলোকক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ কেবাগৰাকী নেতৃত্বই।
- Dec 20, 2025 15:07 IST
বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰী...
বৰঝাৰ বিমান বন্দৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিমান বন্দৰত অৱতৰণ প্ৰধানমন্ত্ৰীগৰাকীৰ বিশেষ বিমান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)

Follow Us