LIVE UPDATES- পলিটিক্স নকৰিবা বন্ধু কাৰ কাৰণে লিখিছিল জুবিনে? ক'লে মুখ্যমন্ত্ৰীয়ে...

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন।  সদনৰ কাম কাজ আৰম্ভ হোৱাৰে পৰা জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ বিষয়ক গৈ উত্তপ্ত হৈ পৰিছে। বিৰোধী বিধায়কসকলে জুবিন মৃত্যুকাণ্ডৰ ভিন্ন প্ৰসংগ টানি আনি জবাবদিহি কৰিছে চৰকাৰক।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ecd8a3ac-d882-44f1-ba97-ed3ff3050f0a

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন।  সদনৰ কাম কাজ আৰম্ভ হোৱাৰে পৰা জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ বিষয়ক গৈ উত্তপ্ত হৈ পৰিছে। বিৰোধী বিধায়কসকলে জুবিন মৃত্যুকাণ্ডৰ ভিন্ন প্ৰসংগ টানি আনি জবাবদিহি কৰিছে চৰকাৰক। 

  • Nov 25, 2025 12:22 IST

    মুখ্যমন্ত্ৰীৰ বক্তব্যৰ উত্তৰেৰে সামৰণি পৰিল বিধানসভাত জুবিন বিষয়ৰ আলোচনা

    • মুখ্যমন্ত্ৰীৰ বক্তব্যৰ উত্তৰেৰে সামৰণি পৰিল বিধানসভাত জুবিন বিষয়ৰ আলোচনা।
    • মুখ্যমন্ত্ৰীৰ আশ্বাস- পানীনসৰকাকৈ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্ত হ’ব।
    • সাৰি যাব নোৱাৰিব কোনেও এই ঘটনাৰ পৰা।
    • ৮ ডিচেম্বৰত অভিযোগনামা দাখিল কৰাৰ পাছত জুবিনকেন্দ্ৰিক আন কথাবোৰৰো হ’ব তদন্ত।
    • জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ প্ৰস্তাৱ ল’ব সাজু বুলি উল্লেখ সদনত।
    • পুনৰ জুবিনক হত্যা কৰা হৈছে বুলি দোহাৰিলে সদনত।
    • প্ৰাথমিক তদন্ততে পোহৰলৈ আহিছিল এই তথ্য।
    • ধনৰ বাবে হত্যা কৰা হৈছিল জুবিনক।
    • এই হত্যাকাণ্ডৰে জড়িত অভিযুক্তৰ ৭জন আছে কাৰাগাৰত।
    • মুখ্যমন্ত্ৰীৰ উত্তৰত সন্তুষ্ট নহ’ল বিৰোধী।
    • ইয়াৰ প্ৰতিবাদ সদন ত্যাগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।
    • মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সময়ত হস্তক্ষেপ কৰাৰ বাবে সদনৰ পৰা নিলম্বিত অখিল গগৈ।
    • জুবিনৰ সন্দৰ্ভত উত্তৰ দি মুখ্যমন্ত্ৰীয়ে সদনত দাখিল কৰিলে ৮৩ৰ ৰক্তাক্ত নেলী কাণ্ডৰ তিৱাৰী কমিটিৰ প্ৰতিবেদন।



  • Nov 25, 2025 11:48 IST

    অখিলক লৈহে জুবিনে লিখিছিল- ‘পলিটিক্স নকৰিবা বন্ধু’

    • জুবিনৰ হুৰ হুৰ হুৰাই দে/ আপোন পথাৰখন মোকলাই দে... গীত পৰিৱেশন তালুকদাৰৰ।
    • অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে বিশেষ সাজ পৰিধান বিধায়ক অখিল গগৈৰ।
    • হাতত পোষ্টাৰ লৈ প্ৰতীকি প্ৰতিবাদ অখিল গগৈৰ।
    • জুবিন গাৰ্গৰ ‘পলিটিক্স নকৰিবা বন্ধু’ গীতৰ প্ৰসংগয়ো স্থান পালে বিধানসভাত।
    • অখিলৰ মন্তব্য- সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বকলৈহে জুবিনে লিখিছিল ‘পলিটিক্স নকৰিবা বন্ধু’ গীত।
    • ইয়াৰ পাছতে অখিলক উভতি ধৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
    • মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া- অখিলক লৈহে জুবিনে লিখিছিল উক্ত গীতটি



  • Nov 25, 2025 11:48 IST

    সভা স্থগিতৰ প্ৰস্তাৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ...

    অসম বিধানসভাত জুবিন গাৰ্গক লৈ আলোচনা
    অসম বিধানসভাৰ শীতকালীন অধিবেশন আৰম্ভ।
    সভা স্থগিতৰ প্ৰস্তাৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।
    সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি সদনত জুবিন গাৰ্গক লৈ আলোচনা।
    বিতৰ্কত অংশ লৈ দেৱব্ৰত শইকীয়াৰ দাবী-  ন্যায় দিয়ক জুবিনক।
    জুবিনৰ ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান বিধায়ক মনোৰঞ্জন তালুকদাৰৰ।
    বিতৰ্কত অংশ লৈ তালুকদাৰে কয়- শাসকীয় দলে জুবিনৰ ধৰ্মক লৈ ৰাজনীতি কৰিছে। 



অসম বিধানসভা