LIVE UPDATES: জুবিন গাৰ্গৰ মোবাইল ফোন উদ্ধাৰ...

অসম আৰক্ষীৰ জালত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা।  গীতানগৰ থানাত হাজিৰ কৰাই দুয়োকে লৈ যোৱা হয় চি জে এমৰ বাসগৃহলৈ। দুৰ্গা পূজাৰ বাবে বন্ধ আছে আদালত। সেইবাবেই CJMৰ বাসগৃহলৈ নিয়া হয় দুই অভিযুক্তক।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
web ap live update

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ জালত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা।  গীতানগৰ থানাত হাজিৰ কৰাই দুয়োকে লৈ যোৱা হয় চি জে এমৰ বাসগৃহলৈ। দুৰ্গা পূজাৰ বাবে বন্ধ আছে আদালত। সেইবাবেই CJMৰ বাসগৃহলৈ নিয়া হয় দুই অভিযুক্তক।

দিল্লী বিমান বন্দৰৰ পৰা গ্রেপ্তাৰ কৰা হৈছিল শ্যামকানু মহন্তক। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খাইছিল দুয়োজনৰ।  IX1197 নম্বৰ এয়াৰ ইণ্ডিয়াৰ বিমানেৰে লৈ অনা হৈছিল অসমলৈ।  বৰঝাৰ বিমান বন্দৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।  আৰক্ষী, CRPF বাহিনীৰ নিৰাপত্তা বেষ্টনীৰ মাজত লৈ অনা হয় মহন্তক। বুলেট প্রুফ বাহনত বিমান বন্দৰৰ পৰা উলিয়াই অনা হ’ব দুয়োজনক।  মুখ্য ন্যায়িক দণ্ডাধীশে ১৪দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে দুয়োকে।

  • Oct 01, 2025 10:01 IST

    জুবিন গাৰ্গৰ মোবাইল ফোন উদ্ধাৰ...

    • সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ কৰিছে জুবিন গাৰ্গৰ মোবাইল ফোন।
    • জুবিন গাৰ্গ মৃত্যুৰ পাছতে সিদ্ধাৰ্থৰ হাতত আছিল ফোনটো।
    • জুবিনৰ ভাতৃ সন্দীপনে সদৰি কৰিছিল এই তথ্য।
    • জুবিন মৃত্যু হোৱাৰ পাছৰে পৰা ফোনটো অফ কৰি ৰাখিছিল সিদ্ধাৰ্থে। 

     



  • Oct 01, 2025 09:59 IST

    সিদ্ধাৰ্থ- শ্যামকানুৰ গ্ৰেপ্তাৰ কৰাতো ভাল হৈছেঃ গৰিমা গাৰ্গৰ প্ৰতিক্ৰিয়া...

    জুবিন মৃত্যকাণ্ডৰ অন্যতম অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। চি জে এম আদালতে দুয়োকে ১৪দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। বুলেটপ্ৰুফ বাহনত উঠাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ যোৱা হয় চি আই ডিৰ কাৰ্যালয়লৈ। ইফালে সিদ্ধাৰ্থ আৰু শ্যামকানুক গ্ৰেপ্তাৰ কৰাৰ পাছতে সন্তুষ্টি প্ৰকাশ কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। তেওঁ কয় যে, শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিছে ভাল কথা। চৰকাৰ আৰু ন্যায়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। তেওঁলোকৰ মুখৰ পৰা উলিয়াৱক, আঁচলতে সেইদিনা কি হৈছিল। আমি সকলোৱে জানিব বিচাৰি আছো ইমান দিন ধৰি। জুবিন গাৰ্গ নিচিনা এগৰাকী ব্যক্তিৰ সৈতে কিয় এনে হবলৈ পালে এই সকলোবোৰৰ উত্তৰ আমাক লাগিব। উল্লেখ্য যে, আজি যোৰহাটত অনুষ্ঠিত হোৱা আদ্যশ্ৰাদ্ধস্থলীত এই মন্তব্য প্ৰদান কৰে গৰিমা গাৰ্গে। 



জুবিন গাৰ্গ