/asomiyapratidin/media/media_files/2025/12/23/bad666c8-56d5-4580-8295-3fd72eceee0d-2025-12-23-18-38-46.jpeg)
ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে পৰিস্থিতি অধিক অৱনতি ঘটিছে কাৰ্বি ভূমিত। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। এটাৰ পিছত আনটো স্থানত প্ৰতিবাদকাৰীয়ে সংযোগ কৰিছে অগ্নি। প্ৰতিবাদকাৰীৰ আক্ৰমণত এতিয়ালৈকে ৪০ৰো অধিক আৰক্ষীৰ লোক আহত হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে নিদেশ সকলো দিশ চোৱা চিতা কৰি আছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই।
যোৱা ২২ডিচেম্বৰ, ২০২৫ত তুলিৰাম ৰংহাঙৰ ঘৰ জ্বলাই দিছিল প্ৰতিবাদকাৰীয়ে। তাৰ পিছতে ২৩ডিচেম্বৰ, ২০২৫ৰ দিনটোত প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত বহিছিল যদিও পুনৰ উত্তপ্ত হৈ পৰে পৰিস্থিতি। এই সন্দৰ্ভত শেহতীয়া আপডেট এনেধৰণৰ-
- Dec 24, 2025 13:57 IST
ক্ৰমাত স্বাভাৱিক হ'বলৈ ধৰিছে খেৰণিৰ পৰিস্থিতি
উত্তেজনা অব্যাহত থাকিলেও পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি ক্ৰমাত স্বাভাৱিক হ'বলৈ ধৰিছে। বিশেষকৈ অগ্নি সংযোগ কৰা ঘৰৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাই সকলোকে মৰ্মাহত কৰা পিছত পাৰ্বত্য জিলাখনৰ সকলো দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে যিকোনো পৰিস্থিতিতে সংঘৰ্ষৰ মানসিকতা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে।
ইয়াৰ মাজতে কে চি এচ, কে এ এচ এ আদিৰ সংগঠনৰ উপৰি বয়োজ্যেষ্ঠ-বৰণ্য ব্যক্তি সকলো আছে। আনহাতে, অনশন স্থগিত ৰাখি ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্রকাশ কৰিছে প্ৰতিবাদকাৰীয়ে।
অঞ্চলটোৰ শান্তিৰ বাবে এয়া এক ইতিবাচক খবৰ যদিও বিভিন্ন জনগোষ্ঠীৰ মাজত বিক্ষিপ্তভাৱে অব্যাহত থকা উত্তেজনা পুনৰ সংঘৰ্ষমুখী কৰিবলৈও এচামে প্ৰচেষ্টা চলাই থকা বুলিও অভিযোগ উঠিছে। যাৰ পৰিপ্ৰেক্ষিততে আৰক্ষী-প্ৰশাসনে এতিয়াও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰাখিছে। - Dec 24, 2025 12:54 IST
ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্রকাশ প্ৰতিবাদকাৰীৰ
আজি পুৱাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি, সুৰক্ষা বাহিনীয়ে জিলাখনত পুৱা ৮ বজাৰে পৰা ফ্লেগ মার্শ্ব কৰি আছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে খেৰণি ফেংলাপিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আৰু ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্রকাশ কৰে।
২৬ ডিচেম্বৰত প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্রিপাক্ষিক আলোচনা হোৱাৰ কথা আছে।
ইপিনে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে তেওঁ এই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখি আছে। এই অশান্ত পৰিস্থিতিত কালি দুজন লোকৰ প্ৰাণহানিৰ ঘটনাত মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্রকাশ কৰে। তেওঁ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। - Dec 24, 2025 10:37 IST
খেৰণিত কাণ্ডত আহত ৪৮ গৰাকীকৈ আৰক্ষীৰ লোক
খেৰণি কাণ্ডত প্ৰথমাৱস্থাত কেইজনমান লোক আহত হোৱাৰ খবৰ পোৱা গৈছিল যদিও বৰ্তমান সেই সংখ্যা বৃদ্ধি পাইছে। বহুতো লোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, ঘটনাত আহত হৈছে ৪৮ গৰাকীকৈ আৰক্ষীৰ লোক। আহত সকলৰ ভিতৰত ডিজিপিকে ধৰি ৩ গৰাকী আই পি এছ বিষয়া আছে।
- Dec 24, 2025 09:48 IST
খেৰণি কাণ্ডক লৈ ইউনাইটেড খ্ৰীষ্টান ফ'ৰামৰ উদ্বেগ প্ৰকাশ
কাৰ্বি আংলং জিলাৰ সকলো শাখাৰ গীৰ্জা আৰু সংগঠনৰ ঐক্যবদ্ধ মঞ্চ ‘ইউনাইটেড খ্ৰীষ্টান ফ'ৰাম’-এ যোৱা ২২ ডিচেম্বৰত খেৰণি আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত সংঘটিত হোৱা ঘটনাক লৈ গভীৰ অস্বস্তি আৰু উদ্বেগ প্ৰকাশ কৰিছে।
ফেলাংপিত উচ্ছেদজনিত সমস্যা আৰু প্ৰতিবাদকাৰীৰ গ্ৰেপ্তাৰক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ লগতে কেইবাখনো দোকান-পোহৰ একাংশ উত্তেজিত লোকে ভাঙি লণ্ডভণ্ড কৰে। এই ঘটনাত কেইবাজনো লোক আহতও হৈছে।
পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাৰ সকলো নাগৰিকক যিকোনো ধৰণৰ হিংসাত্মক কাৰ্যৰ পৰা বিৰত থাকিবলৈ ইউনাইটেড খ্ৰীষ্টান ফ'ৰামে আহ্বান জনায়। লগতে যিকোনো ধৰণৰ প্ৰতিবাদ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ পদ্ধতিৰে সাব্যস্ত কৰিবলৈও কয় ইউনাইটেড খ্ৰীষ্টান ফ'ৰামে।
- Dec 24, 2025 08:54 IST
অগ্নিগৰ্ভা খেৰণিৰ আজি তৃতীয়টো দিনঃ সষ্টম নিৰাপত্তা বাহিনী
আজি পুৱাৰ ভাগত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি শান্ত আৰু নিয়ন্ত্ৰণত থকা বুলি জানিব পৰা গৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা কূটাঘাতমূলক কাৰ্য যাতে সংঘটিত হ’বলৈ নোৱাৰে, তাৰ বাবে খেৰণি আৰু ইয়াৰ আশে-পাশে থকা স্পৰ্শকাতৰ এলেকাসমূহত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ তহল বৃদ্ধি কৰা হৈছে।
অঞ্চলটোত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয় যে, অঞ্চলটোলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিবলৈ সকলো পক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে।
মুখ্যমন্ত্রীয়ে কয়, তেওঁ এই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখি আছে। এই অশান্ত পৰিস্থিতিত দুজন লোকৰ প্ৰাণহানিৰ ঘটনাত মুখ্যমন্ত্রীয়ে উদ্বেগ প্রকাশ কৰে। তেওঁ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং জিলাখনত বাহৰ পাতি থাকি অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
- Dec 23, 2025 22:27 IST
খেৰণিত অগ্নিসংযোগ কৰা ঘৰত উদ্ধাৰ এজনৰ মৃতদেহ
- পশ্চিম কাৰ্বি আংলঙৰ প্ৰতিবাদস্থলীৰ পৰা উদ্ধাৰ এটি মৃতদেহ।
- অগ্নিসংযোগ কৰা এটা ঘৰত উদ্ধাৰ মৃতদেহটো।
- উদ্ধাৰ হোৱা মৃতদেহটো সূৰয দে’ নামৰ এজন ব্যক্তিৰ ।
- প্ৰতিবাদৰ সময়তে একাংশই অগ্নিসংযোগ কৰিছিল ঘৰটোত।
- অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণৰ সময়ত উদ্ধাৰ কৰে মৃতদেহটো।
- পশ্চিম কাৰ্বি আংলঙৰ প্ৰতিবাদস্থলীৰ পৰা উদ্ধাৰ এটি মৃতদেহ।
- Dec 23, 2025 21:55 IST
কাৰ্বি আংলঙক "ATM" হিচাপে ব্যৱহাৰ কৰিছে চৰকাৰেঃ লুৰীণজ্যোতি গগৈ
পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বজাৰ অঞ্চলত সংঘটিত হোৱা দুৰ্ভাগ্যজনক আৰু হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। খেৰণিৰ শেহতীয়া পৰিস্থিতিক অত্যন্ত উদ্বেগজনক বুলি অভিহিত কৰি লুৰীণজ্যোতিয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।
জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত অব্যাহত থকা প্ৰতিবাদক সমৰ্থন জনাই তেওঁ চৰকাৰৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ আন শক্তিয়ে কাঢ়ি নিব বুলি থকা শংকা এতিয়া বাস্তৱত পৰিণত হ'বলৈ ধৰিছে। চৰকাৰে বিভিন্ন ব্যক্তিগত কোম্পানীক জনজাতীয় ভূমি গতাই দিয়াৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তাৰ বাবেই খিলঞ্জীয়া লোকসকল চিন্তিত হৈ পৰিছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক পোনপটীয়াকৈ লক্ষ্য কৰি গগৈয়ে কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে কাৰ্বি আংলঙক কেৱল এখন ‘এ টি এম’ হিচাপেহে ব্যৱহাৰ কৰি আহিছে।
তেওঁ অভিযোগ কৰে যে, কাৰ্বি পাহাৰৰ সম্পদসমূহ লুণ্ঠন কৰাত চৰকাৰ ব্যস্ত, কিন্তু তাৰ পৰিৱৰ্তে স্থানীয় জনজাতীয় লোকসকলৰ সুৰক্ষাৰ বাবে একোৱেই কৰা নাই। কাৰ্বি আংলঙৰ ভূমিত দীৰ্ঘদিন ধৰি চলি থকা বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ বাবেই আজি পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। এই সমগ্ৰ পৰিস্থিতিৰ বাবে তেওঁ পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক জগৰীয়া কৰে। চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবেই আজি ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে বুলি তেওঁ মন্তব্য কৰে।
- Dec 23, 2025 21:24 IST
কাৰ্বি আংলঙৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ গৌৰৱ গগৈৰ উদ্বেগ প্ৰকাশ
কাৰ্বি আংলঙত যিধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে সেয়া ৰাজ্যখনৰ লগতে গণতন্ত্ৰৰ বাবেও উদ্বেগজনক। কংগ্ৰেছ দলে সদায়েই মহাত্মা গান্ধীৰ অহিংস নীতিক সাৰোগত কৰি আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি আজি লখিমপুৰত এক সংবাদমেলত এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
সমূহ কাৰ্বি আংলংবাসীক শান্তি-সম্প্ৰীতি আৰু আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনাই গগৈয়ে কয়, ''গণতান্ত্ৰিক দেশত প্ৰতিবাদ সাব্যস্ত কৰিব পৰাতো নাগৰিকসকলৰ সাংবিধানিক অধিকাৰ। কিন্তু কেতিয়াও প্ৰতিবাদৰ সময়ত চৰকাৰ-প্ৰশাসনেই হওক বা প্ৰতিবাদকাৰীসকলেই হওক হিংসাৰ আশ্ৰয় লোৱা অনুচিত।’’
লগতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰতিবাদকাৰীসকলক প্ৰৰোচিত হ’ব পৰা কাম নকৰিবলৈকো চৰকাৰ-প্ৰশাসনক অনুৰোধ জনায়। তেওঁ কয়, ''প্ৰতিবাদকাৰীসকলৰ দাবী থাকিবই। সেয়া শুনি আলাপ-আলোচনাৰ মাধ্যমৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটোৱেই হৈছে চৰকাৰৰ দায়িত্ব।’’
- Dec 23, 2025 20:09 IST
খেৰণিত মৃত যুৱকজনৰ পৰিচয় উদ্ধাৰ
পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বজাৰ অঞ্চলত সংঘটিত হোৱা দুৰ্ভাগ্যজনক আৰু হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা যুৱকজনৰ পৰিচয় অৱশেষত উদ্ধাৰ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মৃত যুৱকজন ছিংথি টিমুং। খেৰণি আদৰ্শ চিকিৎসালয়ত মৃত্যু হয় ছিংথি টিমুঙৰ। উল্লেখ্য যে, যুৱকজনৰ পৰিচয় নিশ্চিত হোৱাৰ পাছত সমগ্ৰ অঞ্চলটোত এক শোকাকুল তথা চেপা উত্তেজনাৰ সৃষ্টি হৈছে।
- Dec 23, 2025 18:54 IST
কাৰ্বি জনজাতিৰ লগতে অন্যান্য খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত হ’বই লাগিবঃ আছুৰ সভাপতি...
আছুৰ সভাপতি উতপল শৰ্মাই কাৰ্বি আংলঙৰ পৰিস্থিতিক লৈ কয় যে, কাৰ্বি আংলঙৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত ছাত্ৰ সন্থা উদ্বিগ্ন। এটা কথা স্পষ্ট - কাৰ্বি আংলঙত বাস কৰা কাৰ্বি জনজাতিৰ লগতে অন্যান্য খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত হ’বই লাগিব। ইয়াত কোনো যদি, কিন্তু, পৰন্তু নাই। একে সময়তে সকলো পক্ষকে হিংসা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছোঁ। চৰকাৰলৈ আহ্বান- গুলী চলাই, অত্যাচাৰ কৰি আন্দোলন মষিমূৰ কৰাৰ চেষ্টা নকৰিব। দমন নচলিব। আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিবলৈ দাবী জনালোঁ।
- Dec 23, 2025 18:52 IST
খেৰণিৰ পৰিস্থিতিক লৈ আছুৰ সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া...
খেৰণিৰ পৰিস্থিতিক লৈ আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে, কাৰ্বি আংলং জিলাৰ শেহতীয়া পৰিস্থিতিক লৈ সদৌ অসম ছাত্ৰ সন্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছো৷ জিলাখনৰ বাসিন্দা কাৰ্বি জনজাতিৰ লগতে আন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত হৈ থকাটো বাঞ্ছনীয়৷ এই ক্ষেত্ৰত নিজৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সংগ্ৰামত অৱতীৰ্ণ সকলোকে সংযমী হৈ হিংসা বৰ্জিত পথেৰে গণতান্ত্ৰিক পন্থা অৱলম্বন কৰিবলৈ আহ্বান জনাইছো৷ আনহাতেদি চৰকাৰেও দমন মূলক নীতি পৰিহাৰ কৰি খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ আৱেগ-অনুভূতিক শ্ৰদ্ধা জনোৱা উচিত৷ আলোচনাৰ মাধ্যমেৰে বিষয়টি সমাধানৰ বাবে চৰকাৰে তাৎক্ষণিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰক৷ উত্তপ্ত আৰু ৰক্তাক্ত পৰিৱেশ কাৰো কাম্য নহয়৷
- Dec 23, 2025 18:50 IST
কাৰ্বি আংলঙৰ পৰিস্থিতিক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া...
কাৰ্বি আংলঙৰ পৰিস্থিতিক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ কয় যে, সকলো নিৰীক্ষণ কৰি আছে ৰাজ্য চৰকাৰে। আলোচনাৰ মাজেৰে সমস্যা সমাধান হওক’।
- Dec 23, 2025 18:47 IST
কাৰ্বি আংলঙৰ প্ৰতিবাদত নিহত যুৱকজনৰ পৰিচয়...
কাৰ্বি পাহাৰত হোৱা প্ৰতিবাদত আৰক্ষীৰ গুলীত নিহত হোৱা যুৱকজনৰ নাম চিংথু টিমুং।
- Dec 23, 2025 18:46 IST
কাৰ্বি আংলঙলৈ চি আৰ পি এফৰ অতিৰিক্ত ৫টা কোম্পানী...
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্বি আংলঙলৈ প্ৰেৰণ ৰৰা হৈছে চি আৰ পি এফৰ অতিৰিক্ত ৫টা কোম্পানী।
- Dec 23, 2025 18:44 IST
আৰক্ষী সঞ্চালক প্ৰধানৰ অসহায় মন্তব্য...
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/c9ddee33-22ab-4046-8c87-a0f4a8d5eaa0-2025-12-23-18-44-38.jpeg)
- Dec 23, 2025 18:41 IST
অনিৰ্দিষ্টকাললৈ বন্ধ ইন্টাৰনেট সেৱা
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলঙত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে ইন্টাৰনেট সেৱা।
- Dec 23, 2025 18:40 IST
খেৰণিত এজন যুৱকৰ মৃত্যু...
খেৰণিত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত যুৱকৰ চিকিৎসালয়ত মৃত্যু। খেৰণিত প্ৰতিবাদকাৰীলৈ আৰক্ষীয়ে কৰিছিল গুলীচালনা। চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দিছে আন দুজন যুৱকে। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দুই যুৱক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us