LIVE UPDATES- খেৰণিত প্ৰাণ হেৰুৱালে এজনে! অনিৰ্দিষ্ট কাললৈ বন্ধ ইন্টাৰনেট সেৱা...

ক্ৰমান্বয়ে পৰিস্থিতি অধিক অৱনতি ঘটিছে কাৰ্বি ভূমিত। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। এটাৰ পিছত আনটো স্থানত প্ৰতিবাদকাৰীয়ে সংযোগ কৰিছে অগ্নি। প্ৰতিবাদকাৰীৰ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
bad666c8-56d5-4580-8295-3fd72eceee0d

ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে পৰিস্থিতি অধিক অৱনতি ঘটিছে কাৰ্বি ভূমিত। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। এটাৰ পিছত আনটো স্থানত প্ৰতিবাদকাৰীয়ে সংযোগ কৰিছে অগ্নি। প্ৰতিবাদকাৰীৰ আক্ৰমণত এতিয়ালৈকে ৪০ৰো অধিক আৰক্ষীৰ লোক আহত হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে নিদেশ সকলো দিশ চোৱা চিতা কৰি আছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই।

যোৱা ২২ডিচেম্বৰ, ২০২৫ত তুলিৰাম ৰংহাঙৰ ঘৰ জ্বলাই দিছিল প্ৰতিবাদকাৰীয়ে। তাৰ পিছতে ২৩ডিচেম্বৰ, ২০২৫ৰ দিনটোত প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত বহিছিল যদিও পুনৰ উত্তপ্ত হৈ পৰে পৰিস্থিতি। এই সন্দৰ্ভত শেহতীয়া আপডেট এনেধৰণৰ- 

  • Dec 23, 2025 20:09 IST

    খেৰণিত মৃত যুৱকজনৰ পৰিচয় উদ্ধাৰ

    পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বজাৰ অঞ্চলত সংঘটিত হোৱা দুৰ্ভাগ্যজনক আৰু হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা যুৱকজনৰ পৰিচয় অৱশেষত উদ্ধাৰ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মৃত যুৱকজন ছিংথি টিমুং। খেৰণি আদৰ্শ চিকিৎসালয়ত মৃত্যু হয় ছিংথি টিমুঙৰ। উল্লেখ্য যে, যুৱকজনৰ পৰিচয় নিশ্চিত হোৱাৰ পাছত সমগ্ৰ অঞ্চলটোত এক শোকাকুল তথা চেপা উত্তেজনাৰ সৃষ্টি হৈছে।



  • Dec 23, 2025 18:54 IST

    কাৰ্বি জনজাতিৰ লগতে অন‍্যান‍্য খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত হ’বই লাগিবঃ আছুৰ সভাপতি...

    আছুৰ সভাপতি উতপল শৰ্মাই কাৰ্বি আংলঙৰ পৰিস্থিতিক লৈ কয় যে, কাৰ্বি আংলঙৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত ছাত্ৰ সন্থা উদ্বিগ্ন। এটা কথা স্পষ্ট - কাৰ্বি আংলঙত বাস কৰা কাৰ্বি জনজাতিৰ লগতে অন‍্যান‍্য খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত হ’বই লাগিব। ইয়াত কোনো যদি, কিন্তু, পৰন্তু নাই।  একে সময়তে সকলো পক্ষকে হিংসা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছোঁ। চৰকাৰলৈ আহ্বান- গুলী চলাই, অত‍্যাচাৰ কৰি আন্দোলন মষিমূৰ কৰাৰ চেষ্টা নকৰিব। দমন নচলিব। আলোচনাৰ মাধ‍্যমেৰে সম‍স‍্যাৰ সমাধান কৰিবলৈ দাবী জনালোঁ।



  • Dec 23, 2025 18:52 IST

    খেৰণিৰ পৰিস্থিতিক লৈ আছুৰ সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া...

    খেৰণিৰ পৰিস্থিতিক লৈ আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে,  কাৰ্বি আংলং জিলাৰ শেহতীয়া পৰিস্থিতিক লৈ সদৌ অসম ছাত্ৰ সন্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছো৷ জিলাখনৰ বাসিন্দা কাৰ্বি জনজাতিৰ লগতে আন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত হৈ থকাটো বাঞ্ছনীয়৷ এই ক্ষেত্ৰত নিজৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সংগ্ৰামত অৱতীৰ্ণ সকলোকে সংযমী হৈ হিংসা বৰ্জিত পথেৰে গণতান্ত্ৰিক পন্থা অৱলম্বন কৰিবলৈ আহ্বান জনাইছো৷ আনহাতেদি চৰকাৰেও দমন মূলক নীতি পৰিহাৰ কৰি খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ আৱেগ-অনুভূতিক শ্ৰদ্ধা জনোৱা উচিত৷ আলোচনাৰ মাধ্যমেৰে বিষয়টি সমাধানৰ বাবে চৰকাৰে তাৎক্ষণিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰক৷ উত্তপ্ত আৰু ৰক্তাক্ত পৰিৱেশ কাৰো কাম্য নহয়৷ 



  • Dec 23, 2025 18:50 IST

    কাৰ্বি আংলঙৰ পৰিস্থিতিক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া...

    কাৰ্বি আংলঙৰ পৰিস্থিতিক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ কয় যে,  সকলো নিৰীক্ষণ কৰি আছে ৰাজ্য চৰকাৰে। আলোচনাৰ মাজেৰে সমস্যা সমাধান হওক’। 



  • Dec 23, 2025 18:47 IST

    কাৰ্বি আংলঙৰ প্ৰতিবাদত নিহত যুৱকজনৰ পৰিচয়...

    কাৰ্বি পাহাৰত হোৱা প্ৰতিবাদত আৰক্ষীৰ গুলীত নিহত হোৱা যুৱকজনৰ নাম চিংথু টিমুং। 



  • Dec 23, 2025 18:46 IST

    কাৰ্বি আংলঙলৈ চি আৰ পি এফৰ অতিৰিক্ত ৫টা কোম্পানী...

    পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্বি আংলঙলৈ প্ৰেৰণ ৰৰা হৈছে চি আৰ পি এফৰ অতিৰিক্ত ৫টা কোম্পানী।



  • Dec 23, 2025 18:44 IST

    আৰক্ষী সঞ্চালক প্ৰধানৰ অসহায় মন্তব্য...

    c9ddee33-22ab-4046-8c87-a0f4a8d5eaa0



  • Dec 23, 2025 18:41 IST

    অনিৰ্দিষ্টকাললৈ বন্ধ ইন্টাৰনেট সেৱা

    পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলঙত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে ইন্টাৰনেট সেৱা। 



  • Dec 23, 2025 18:40 IST

    খেৰণিত এজন যুৱকৰ মৃত্যু...

    খেৰণিত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত যুৱকৰ চিকিৎসালয়ত মৃত্যু।  খেৰণিত প্ৰতিবাদকাৰীলৈ আৰক্ষীয়ে কৰিছিল গুলীচালনা। চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দিছে আন দুজন যুৱকে। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দুই যুৱক। 



পশ্চিম কাৰ্বি আংলং