LIVE UPDATE: প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধৰ বাবে সাজু বিহাৰ...

৬নৱেম্বৰ, ২০২৫ত বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিহাৰৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব  ১১ নৱেম্বৰ, ২০২৫ত। ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
bihar live AP

৬নৱেম্বৰ, ২০২৫ত বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিহাৰৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব  ১১ নৱেম্বৰ, ২০২৫ত। ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা ।

৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সাক্ষী হ’ব বিভিন্ন দেশৰ এটা প্ৰতিনিধি দল । য’ত উপস্থিত থাকিব ফ্ৰান্স, দক্ষিণ আফ্ৰিকা, বেলজিয়াম, ইণ্ডোনেছিয়া, ফিলিপাইনছ, থাইলেণ্ড আৰু কলম্বিয়াৰ দৰে আগশাৰীৰ দেশসমূহৰ প্ৰতিনিধিসকল ৷

আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী দৰ্শনাৰ্থী কাৰ্যসূচী(IEVP 2025) ৰ অধীনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দলটোৱে বিহাৰ ভ্ৰমণ কৰিব । ২০১৪ চনৰ পৰা আই ই ভি পিয়ে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ শক্তিসমূহ আন্তঃৰাষ্ট্ৰীয় সমাজৰ আগত প্ৰদৰ্শন কৰি আহিছে ৷

উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰত বিগত বিধানসভা নিৰ্বাচনত বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এ-ই ১২৫ খন আসন লাভ কৰাৰ বিপৰীতে আৰ জে ডি আৰু কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটবন্ধনে ১১০ খন আসন লাভ কৰিছিল ৷ বিপৰীতে আন আন দলসমূহে ৮ খন আসন লাভ কৰিছিল । ৭৫ খনকৈ আসন লাভ কৰি একক বৃহত্তম দলত পৰিণত হৈছিল আৰ জে ডি । বিজেপিয়ে ৭৪ আৰু জে ডি ইউয়ে ৪৩ খনকৈ আসন লাভ কৰিছিল ।

প্রথম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। এই পর্যায়ত ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১ টা সমষ্টি সামৰি লোৱা হ'ব। প্রথম পর্যায়ত ৩ কোটি ৭৫ লাখ ভোটদাতাই ১৩১৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ধাৰণ কৰিব। 

এই পর্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত পাটনা, দৰভংগা, মাধেপুৰা, ছহর্ষা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, ছৰণ, বৈশালী, সমষ্টিপুৰ, বেগুচৰাই, লক্ষীচৰাই, মুংগেৰ, শ্বেইখপুৰা, নালন্দা, বক্সাৰ আৰু ভোজপুৰ আছে। ৰাজ্যখনত ১১ নৱেম্বৰত দ্বিতীয় তথা অন্তিম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব।

  • Nov 05, 2025 22:27 IST

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলাৰ প্ৰতিনিধিত্ব...

     প্ৰথম পৰ্যায়ত মহিলা প্ৰাৰ্থীৰ অংশ মাত্ৰ ৯%, যিয়ে ৰাজ্যখনৰ ৰাজনীতিত মহিলাৰ দুৰ্বল প্ৰতিনিধিত্বৰ ইংগিত দিয়ে।



  • Nov 05, 2025 22:27 IST

    কিমান শিক্ষিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নমা প্ৰাৰ্থী...

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৬৫১ জন প্ৰাৰ্থী (৫০%) স্নাতক বা তাতোকৈ অধিক শিক্ষিত, আনহাতে ৫১৯ জন প্ৰাৰ্থী পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰা।



  • Nov 05, 2025 22:26 IST

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৪০% প্ৰাৰ্থী কোটিপতি...

    এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (ADR) আৰু বিহাৰ ইলেকচন ৱাটচৰ এক প্ৰতিবেদনত  কোৱা হৈছে যে মুঠ ১৩০৩ জন প্ৰাৰ্থীৰ ভিতৰত ৫১৯ জন (৪০%) কোটিপতি।

    প্ৰায় প্ৰতিটো ডাঙৰ ৰাজনৈতিক দলেই ধনী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিছে, যাৰ ফলত ৰাজনীতিত পুঁজিৰ আধিপত্য বিস্তাৰ হৈছে।



  • Nov 05, 2025 22:24 IST

    প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ ৪২% ৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ...

    প্ৰথম পৰ্যায়ৰ মুঠ ১৩০০৩ জন প্ৰাৰ্থীৰ ভিতৰত ৪২৩ জন (৩২%) প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।

    ইয়াৰ ভিতৰত ৩৫৪ জন (২৭%) প্ৰাৰ্থীৰ বিৰুদ্ধে হত্যা (৩৩ টা), হত্যাৰ চেষ্টা (৮৬ টা), মহিলাৰ বিৰুদ্ধে অপৰাধ (৪২ টা), আৰু ধৰ্ষণ (২ টা)ৰ দৰে গুৰুতৰ অপৰাধমূলক গোচৰ চলি আছে।

    ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ ৭০ জনৰ ভিতৰত ৪২ জন (৬০%), ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ ৪৮ জনৰ ভিতৰত ২৭ জন (৫৬%), আৰু কংগ্ৰেছৰ ২৩ জনৰ ভিতৰত ১২ জন (৫২%) প্ৰাৰ্থী গুৰুতৰ অপৰাধমূলক গোচৰত অভিযুক্ত। চি পি আই (এম এল)ৰ ৬৪% আৰু চি পি আইৰ ৮০% প্ৰাৰ্থীৰ বিৰুদ্ধেও অপৰাধমূলক গোচৰ আছে।



বিহাৰ দিৱস বিহাৰ