/asomiyapratidin/media/media_files/2025/12/29/b02b87ac-4481-4508-bc8d-45a9c9ea5362-2025-12-29-12-03-46.jpg)
ডিজিটেল ডেস্কঃ বতৰৰ বিধি পথালিৰ মাজতো এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দিনৰ প্ৰায় ১১.৩০বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় অমিত শ্বাহ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বৰদোৱা প্ৰকল্প। প্ৰকল্প মুকলি কৰাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা। তেওঁ মুকলি কৰিব ICSS আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়। লগতে মুকলি কৰিব ৫,০০০ আসনযুক্ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। লগতে গৃহমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব বৰাগাওঁস্থিত ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ও।
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ ভ্ৰমণসূচীৰ শেহতীয়া আপডেটঃ-
- Dec 29, 2025 17:11 IST
শংকৰদেৱৰ আদৰ্শঃ মুছলমান শিল্পীৰ হাতত প্রাণ পাই উঠিল বটদ্ৰৱা প্রকল্প
বটদ্ৰৱা থান প্ৰকল্প নিৰ্মাণত প্ৰতিফলিত হল শংকৰদেৱৰ মহান আদৰ্শৰ। শিল্পীৰ কোনো ধৰ্ম নাই এইকথা পুনৰ বাৰ প্ৰমাণ হল বটদ্ৰৱা থান প্ৰকল্পস্থলীত।
ভাগৱত, কীর্তন, চিত্ৰ ভাগৱত অধ্যয়ন তথা গৱেষণা কৰি মুছলমান শিল্পীয়ে প্ৰকল্পস্থলীত জীৱন্ত ৰূপ দিলে গুৰুআসন, কৃষ্ণলীলা, বিষ্ণুৰ দশাৱতাৰক। পিতৃ নুৰুদ্দিন আহমেদ, দুই পুত্র ৰাজ আহমেদ আৰু দ্বীপ আহমেদৰ হাতত প্রাণ পাই উঠিল বটদ্ৰৱা প্রকল্প।
- Dec 29, 2025 16:30 IST
মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন মুকলি গৃহমন্ত্রী অমিত শ্বাহৰ
- মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন মুকলি গৃহমন্ত্রী অমিত শ্বাহৰ
- লগতে মুকলি কৰিলে স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা
- ইয়াৰ অধীনত ২,০০০টা CCTV কেমেৰা সংস্থাপন
- ২৯২ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে দুয়োটা প্রকল্প
- ৩৯খন মোবাইল ফৰেনচিক ভানৰ ফ্লেগ অফ কৰিলে গৃহমন্ত্রীয়ে
- Dec 29, 2025 15:37 IST
জাতিৰ পৰিচয় নাথাকিলে বিকাশৰ মূল্য নাই : ড০ হিমন্ত বিশ্ব শৰ্মা
- বটদ্রৱাৰ জনসভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ
- আজিৰ দিনটো অসমীয়া জাতিৰ বাবে এটা পবিত্র দিন
- ২০২১ৰ ২৫ ফেব্রুৱাৰীত এই প্রকল্পৰ আধাৰশিলা স্থাপন কৰিছিল
- এই ভূমি পূৰ্বে অচিনাকি লোকে দখল কৰি আছিল
- বৰদোৱা থানৰ পৰা এইসকল লোকক উচ্ছেদৰ দাবী তুলিছিল আপোনালোকে
- দেশৰ ভিতৰতে এখন অন্যতম আধ্যাত্মিকক্ষেত্র হিচাপে পৰিচিত এই ক্ষেত্র
বৰদোৱা থানালৈ অহা লোকে কোনো মাচুল দিব নালাগে - আমাৰ জাতিটোক জীয়াই ৰখাৰ সংকল্প আমি এই ক্ষেত্রৰ পৰাই ল’ব লাগিব
- অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ
- শংকৰ-মাধৱৰ জীৱন দৰ্শন বুজি নোপোৱা মানুহেৰে ঘেৰি আছো আমি
- শংকৰ–মাধৱৰ সৈতে আন কাৰোৱে নাম সংলগ্ন কৰা নহ’ব
- সূৰ্য আৰু চন্দ্র থকালৈকে দুই গুৰুজনাৰ আদৰ্শ আমাৰ মাজত জীয়াইথাকিব
- বিকাশৰ লগে লগে আমাৰ জাতিৰ পৰিচয় আৰু অস্তিত্বও থাকিব লাগিব
- জাতিৰ পৰিচয় নাথাকিলে বিকাশৰ মূল্য নাই
- বিকাশ আৰু জাতি একেলগে থাকিলে বিশ্বব্যাপী হ’ব অসমীয়া জাতি
- ১.৪৫ লাখ বিঘা ভূমি আমি জাতিৰ বাবে মুকলি কৰিছো
- অচিনাকি মানুহক আমি থকালৈকে শান্তিত থাকিবলৈ নিদিওঁ
- বৰদোৱাৰ পৰা এই সংকল্প ল’লে মুখ্যমন্ত্রীয়ে
- অচিনাকি লোকক মাটি বিক্ৰী, চাকৰি নিদিয়াৰ আহ্বান
- জাতিৰ বৰঘৰত প্রৱেশ কৰিব নিদিব অচিনাকি লোকক
- সত্র আৰু সংৰক্ষিত বনাঞ্চলৰ পৰা অচিনাকি লোকক আঁতৰি যোৱাৰ আহ্বান
- অন্যথা কোনো লোককে ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ মুখ্যমন্ত্রীৰ
- Dec 29, 2025 15:14 IST
পূৰ্বে অসমত বন্দুক চলিছিল, এতিয়া শংকৰদেৱৰ নাম-প্ৰসংগ চলিবঃ অমিত শ্বাহ
অপেক্ষাৰ অন্ত পেলাই বহু প্ৰত্যাশিত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প মুকলি কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। আজিৰ এই দিনটো অসমবাসীৰ বাবে হৈ থাকিব এক ঐতিহাসিক দিন। ২২৭ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প। 'শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ' মুকলি কৰি ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে অমিত শ্বাহে।
বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে- 'পূৰ্বে অসমত বন্দুক চলিছিল, এতিয়া শংকৰদেৱৰ নাম-প্ৰসংগ চলিব। নৱ-বৈষ্ণৱ ধৰ্মৰ বাবে আজি এটা ডাঙৰ দিন'। লগতে কয় এই প্ৰকল্পৰ শিলান্যাস, উদ্বোধন কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা।
বছৰ বছৰ ধৰি অবৈধ লোকৰ বেদখল কৃত ভূমিত এই প্ৰকল্প নিৰ্মাণ হোৱাটো আমাৰ বাবে এক গৌৰৱৰ কথা বুলি কয়। ইপিনে নগাঁৱৰ এই পবিত্ৰ ভূমিত গুৰু জনাই জন্মলাভ কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰা গুৰু জনাৰ পবিত্ৰ ভূমিত উপস্থিত হ'বলৈ পায় ধন্য হোৱাৰ কথা কয় অমিত শ্বাহে। লগতে ভাৰতৰত্ন গোপীনাথ বৰদলৈ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, কনকলতাক শ্ৰদ্ধাৰে সোঁৱৰে গৃহমন্ত্ৰীগৰাকীয়ে।
- Dec 29, 2025 12:04 IST
প্ৰায় ৬০ হেজাৰ ৰাইজৰ সমাগম হোৱাৰ সম্ভাৱনা...
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰায় ৬০ হেজাৰ ৰাইজৰ সমাগম হব বুলি জানিব পৰা গৈছে। আনহাতে, গৃহমন্ত্ৰীক আদৰণি জনোৱা উদ্দেশ্যে প্ৰকল্পস্থলীত আইমাতৃ সকলে পৰিৱেশন কৰিব নামকীৰ্ত্তন। ৬০০ আইমাতৃ সমবেত হৈ দিহানামৰ পৰিৱেশনেৰে বৈকুণ্ঠপুৰীত পৰিণত হ'ব বটদ্ৰৱা থান।
- Dec 29, 2025 12:04 IST
কেতিয়া আৰম্ভ হৈছিল বটদ্ৰৱা প্ৰকল্পৰ কাম...
বিজেপি চৰকাৰ ২০১৬ চনত শাসনলৈ অহাৰ পিছতেই ২৩ ছেপ্টেম্বৰত তদানীন্তন মুখ্যমন্ত্রী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত বটদ্ৰৱাৰ আকাশী গঙ্গাৰ পাৰৰ ১৬৫ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰিছিল। পৰৱৰ্তী সময়ত ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। উল্লেখ্য যে, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্প শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নামেৰে জনাজাত হ'ব। সৰ্বমুঠ ২২২ কোটি টকাৰ ব্যয় সাপেক্ষে এই আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হৈ উঠিছে।
- Dec 29, 2025 12:04 IST
বটদ্ৰৱালৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ...
বৰঝাৰ বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে বটদ্ৰৱালৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীৰ লগত ৰাওনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্পৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us