/asomiyapratidin/media/media_files/2025/12/29/b02b87ac-4481-4508-bc8d-45a9c9ea5362-2025-12-29-12-03-46.jpg)
ডিজিটেল ডেস্কঃ বতৰৰ বিধি পথালিৰ মাজতো এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দিনৰ প্ৰায় ১১.৩০বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় অমিত শ্বাহ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বৰদোৱা প্ৰকল্প। প্ৰকল্প মুকলি কৰাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা। তেওঁ মুকলি কৰিব ICSS আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়। লগতে মুকলি কৰিব ৫,০০০ আসনযুক্ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। লগতে গৃহমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব বৰাগাওঁস্থিত ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ও।
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ ভ্ৰমণসূচীৰ শেহতীয়া আপডেটঃ-
- Dec 29, 2025 12:04 IST
প্ৰায় ৬০ হেজাৰ ৰাইজৰ সমাগম হোৱাৰ সম্ভাৱনা...
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰায় ৬০ হেজাৰ ৰাইজৰ সমাগম হব বুলি জানিব পৰা গৈছে। আনহাতে, গৃহমন্ত্ৰীক আদৰণি জনোৱা উদ্দেশ্যে প্ৰকল্পস্থলীত আইমাতৃ সকলে পৰিৱেশন কৰিব নামকীৰ্ত্তন। ৬০০ আইমাতৃ সমবেত হৈ দিহানামৰ পৰিৱেশনেৰে বৈকুণ্ঠপুৰীত পৰিণত হ'ব বটদ্ৰৱা থান।
- Dec 29, 2025 12:04 IST
কেতিয়া আৰম্ভ হৈছিল বটদ্ৰৱা প্ৰকল্পৰ কাম...
বিজেপি চৰকাৰ ২০১৬ চনত শাসনলৈ অহাৰ পিছতেই ২৩ ছেপ্টেম্বৰত তদানীন্তন মুখ্যমন্ত্রী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত বটদ্ৰৱাৰ আকাশী গঙ্গাৰ পাৰৰ ১৬৫ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰিছিল। পৰৱৰ্তী সময়ত ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। উল্লেখ্য যে, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্প শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নামেৰে জনাজাত হ'ব। সৰ্বমুঠ ২২২ কোটি টকাৰ ব্যয় সাপেক্ষে এই আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হৈ উঠিছে।
- Dec 29, 2025 12:04 IST
বটদ্ৰৱালৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ...
বৰঝাৰ বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে বটদ্ৰৱালৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীৰ লগত ৰাওনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্পৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)

Follow Us