LIVE UPDATES: অসমত প্ৰধানমন্ত্ৰীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী...

অসমত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো দিন। আজিৰ দিনটোতো বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটীৰ নৌ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
jjjj

ডিজিটেল ডেস্কঃ অসমত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো দিন। আজিৰ দিনটোতো বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।  দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে  গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষার্থীৰ সৈতে পৰীক্ষা পে চর্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিব।

 ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি ৮৬০ গৰাকী বীৰ ছহিদক প্রণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি তর্পণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পাছতে নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

  • Dec 21, 2025 14:50 IST

    এয়া এক আৰম্ভণিহে, আমি অসমক আৰু অধিক আগুৱাই নিব লাগিব...

    আজি নামৰূপৰ সাৰ কাৰখানাৰ এটা নতুন গোটৰ আধাৰশিলা স্থাপন কৰিলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মোডীয়ে। ১০ হাজাৰ ৫০০ কোটি টকাৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰি নামৰূপত বিশাল জনসভা সম্বোধন কৰিলে প্রধানমন্ত্ৰী গৰাকীয়ে।

    নামৰূপৰ এই জনসভাত অসমীয়াতে ভাষণ আৰম্ভ কৰিলে প্রধানমন্ত্রীয়ে। উপস্থিত জনতাক অসমীয়াতে সম্বোধন কৰি প্রধানমন্ত্রীয়ে চাওলুং চুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বক প্রণাম কৰে। লগতে ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰকো স্মৰণ কৰি ‘বীৰাংগনা সতী সাধনীৰ ভূমিক প্রণাম জনাইছো’ বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত কেইবাটাও উল্লেখযোগ্য দিশ উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। 

    প্ৰধানমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, ‘অসমৰ চাহ বাগিচা আৰু মোৰ এক সুকীয়া সম্পৰ্ক আছে। আজি অসমৰ বাবে এটা বিশেষ দিন। ডিব্রুগড় আৰু নামৰূপবাসীয়ে অপেক্ষা কৰি থকা সপোন আজি সম্পূৰ্ণ হ’ল। আজি সকলোৱে ক’বলৈ ধৰিছে অসমে বিকাশৰ নতুন পথত আগুৱাইছে। এয়া এক আৰম্ভণিহে, আমি অসমক আৰু অধিক আগুৱাই নিব লাগিব। নতুন উদ্যোগৰ আৰম্ভণি, ছেমি কণ্ডাক্টৰ, কৃষি ক্ষেত্রত নতুন উন্নয়ন, পৰ্যটনৰ বৰ্ধিত সম্ভাৱনাকে ধৰি অসম সকলো ক্ষেত্রতে আগবাঢ়িছে। বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে উদ্যোগ আৰু যোগাযোগে অসমৰ সপোন পূৰ্ণ কৰিছে। নৱ প্রজন্মক নতুন সপোন দেখিবলৈ সাহস দিছে’ বুলি জনসভাত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

    নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পটো সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, ‘কৃষকৰ হিতৰ বাবে আমাৰ চৰকাৰে দিনে-নিশাই কাম কৰি আছে। কৃষি কল্যাণ যোজনাৰ অধীনত সকলোকে সাৰ যোগানৰ ব্যৱস্থা কৰা হৈছে। এই সাৰ কাৰখানাই এই কাৰ্যক অধিক সাফল্যমণ্ডিত কৰিব। নামৰূপৰ এই প্রকল্পই সংস্থাপনৰো বহু পথ মুকলি কৰিব। প্রকল্প আৰম্ভ হোৱাৰ লগে লগে সংস্থাপন পাব বহু কৰ্মীয়ে। কৃষকৰ কল্যাণৰ কাম কেৱল বিজেপি চৰকাৰ অহাৰ পিছতহে হৈছে। নামৰূপ সাৰ কাৰখানা পূৰ্বৰ পৰাই ভাৰতৰ কৃষকৰ আশাৰূপে থিয় হৈ আছিল।’

    ইফালে কংগ্ৰেছক কটাক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে কয় য়ে, ‘কংগ্রেছে এই প্রকল্পক গুৰুত্ব সহকাৰে নল’লে,যাৰ ফলত এই প্রকল্প বন্ধ হৈ গৈছিল আৰু ইয়াৰ প্রভাৱ পৰিছিল দেশৰ কৃষকৰ ওপৰত। কিন্তু কংগ্রেছ দল কেৱল নিজৰ মুনাফা লাভতে ব্যস্ত থাকিল। দেশৰ আন ৰাজ্যতো বন্ধ হৈ গৈছে বহু সাৰ কাৰখানা। ইউৰিয়াৰ বাবে কৃষকে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল।এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। বন্ধ হৈ যোৱা কেইবাটাও প্রকল্প আৰম্ভ কৰিছে বিজেপি চৰকাৰে। 

    তেওঁ লগতে উল্লেখ কৰে যে, ইউৰিয়াৰ ক্ষেত্রত আগন্তুক কেইবছৰমানৰ ভিতৰত আমি আত্মনিৰ্ভৰ হোৱাৰ পথত। ২০১৪লৈকে ২২৫লাখ মেট্ৰিক টন ইউৰিয়াহে উৎপাদন হৈছিল। এতিয়া ৩০৬লাখ মেট্রিক টন ইউৰিয়া উৎপা দন হ’বলৈ ধৰিছে। কিন্তু বছৰি ৩৮০ লাখ মেট্রিক টন ইউৰিয়াৰ প্রয়োজন দেশৰ কৃষকক।
    আমি শীঘ্রে এই লক্ষ্যত উপনিত হ’ব পাৰিম। বিদেশৰ পৰা আমদানিকৃত ইউৰিয়াৰ অধিক মূল্য চৰকাৰে বহন কৰে। কৃষকে ইয়াৰ বাবে অতিৰিক্ত ধন দিবলগীয়া নহয়।৩০০০ টকাৰ ইউৰিয়া আমি কৃষকক ৩০০টকাত দি আছো। এই বোজা আমি কৃষকৰ ওপৰত পৰিবলৈ দিয়া নাই। ইউৰিয়াৰ প্রয়োগৰ ক্ষেত্রত আমি অতি সাৱধান হোৱাটো প্রয়োজনীয়।অন্যথা আমাৰ ভূমি সুৰক্ষিত কৰি ৰাখিব নোৱাৰিম’
    ‘আমি মাতৃভূমিকো ৰক্ষা কৰিব লাগিব।’

    এই জনসভাত আন কেইবাটাও উল্লেখযোগ্য দিশ উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

    • কৃষি সন্মান নিধিৰ ধন প্রত্যক্ষভাৱে কৃষকৰ একাউণ্টলৈ প্রেৰণ কৰা হৈছে’
    • ‘ইয়াৰ অধীনত ৪লাখ কোটি টকা দিয়া হৈছে কৃষকসকলক’
    • ‘৩৫ হাজাৰ কোটি টকাৰ নতুনকৈ দুখন আঁচনি গ্রহণ কৰা হৈছে’
    • ‘ফচল বীমা যোজনাৰ সুবিধা দিয়া হৈছে কৃষকক’
    • ‘কৃষকৰ উন্নয়ন হ’লেহে দেশৰ উন্নয়ন হ’ব’
    • ‘কিষাণ ক্রেডিট কাৰ্ডৰ জৰিয়তে পশুপালক, মৎস্যকপালকক সুবিধা দিয়া হৈছে’
    • ‘১০লাখ কোটিৰ ঋণ্ৰ সুবিধা দিয়া হৈছে কৃষকক’
    • ‘অসমৰ কৃষক নেচনেল ফাৰ্মিঙৰ বাবে আগুৱাই আহক’
    • ‘অসমৰ কৃষকে দেশক নতুন পথ দেখুৱাব পাৰিব’
    • ‘পাম অইল মিছনো আৰম্ভ কৰা হৈছে’
    • ‘ইয়াৰ জৰিয়তে কৃষকৰ আয়ো বৃদ্ধি হ’ব’
    • ‘৭.৫ লাখ চাহ জনগোষ্ঠীয় লোকৰ জনধন একাউণ্ট খোলা হৈছে’
    • ‘হাস্পতাল, বিশুদ্ধ খোৱাপানী, আৱাসগৃহৰ সুবিধা দিয়া হৈছে এইসকল লোকক’
    • ‘বিগত ১১টা বছৰত ২৫ কোটি লোক দৰিদ্র সীমা ৰেখাৰ পৰা মুক্ত হৈছে’
    • ‘পূৰ্বে গাঁৱৰ ১০টা পৰিয়ালৰ এটা পৰিয়ালৰো বাইক নাছিল’
    • ‘এতিয়া ১০টা পৰিয়ালৰ ৫টা পৰিয়ালৰে বাইক আছে’
    • ‘প্রতিটো ঘৰতে উপলব্ধ হৈছে মোবাইল ফোন’
    • ‘দেশৰ দৰিদ্রৰ উন্নয়ন হোৱাৰ বাবেই এই পৰিৱৰ্তন সম্ভৱ হৈছে’
    • ‘উত্তৰ-পূবৰ হিংসাত্মক ঘটনা ৰোধ কৰাৰ ক্ষেত্রত গুৰুত্ব দিয়া হৈছে’
    • ‘অসমৰ গৌৰৱক প্রতিনিধিত্ব কৰা প্রতিটো সম্পদকে প্রতিষ্ঠা কৰিছে কেন্দ্রই’
    • ‘সুধাকণ্ঠৰ ১০০ বছৰীয়া জয়ন্তী উদযাপনৰো ব্যৱস্থা কৰিছে’
    • ‘ৰাছিয়াৰ ৰাষ্ট্রপতিকো অসমৰ ব্লেক টি উপহাৰ হিচাপে প্রদান কৰিছিলো’
    • ‘অসমৰ সন্মান বৃদ্ধিৰ প্রতিটো কাৰ্যকে প্রাথমিকতা দিছে চৰকাৰে’
    • ‘কিন্তু আমাৰ এই কাম কংগ্রেছে বিৰোধিতা কৰি আহিছে’
    • ‘সুধাকণ্ঠক ভাৰত ৰত্ন প্রদানৰ সময়তো সমালোচনা কৰিছিল কংগ্রেছে’
    • ‘ছেমিকণ্ডাক্টৰৰো বিৰোধিতা কৰিছিল কংগ্রেছে’
    • ‘দশক দশক ধৰি চাহ জনগোষ্ঠীয় লোকক ভূমিৰ অধিকাৰ দিয়া নাছিল কংগ্রেছে’
    • ‘বিজেপি চৰকাৰে ভূমি অধিকাৰ প্রদান কৰি এক গৌৰৱময় পৰিচয় দিছে এওঁলোকক’

    আনহাতে বাংলাদেশৰ সৈতে হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, কংগ্রেছে অবৈধ বাংলাদেশীক সুৰক্ষা প্রদান কৰিছে। সেয়ে ভোটাৰ তালিকা পুণৰীক্ষণৰ বিৰোধিতা কৰিছে কংগ্রেছে।কিন্তু বিজেপি আপোনালোকৰ ঢালৰূপে থিয় হৈ আছে।

    শেষত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, বিকশিত ভাৰত নিৰ্মাণত উত্তৰ-পূবৰ ভূমিকা বৃদ্ধি হৈছে। উত্তৰ-পূব ভাৰত বিকাশৰ গ্র’থ ইঞ্জিনৰূপে পৰিগণিত হ’ব। নামৰূপৰ সাৰকাৰখানাৰ লাভ পশ্চিম বংগ, উত্তৰ প্রদেশও পাব। আগন্তুক দিনত উত্তৰ-পূব দেশৰ উন্নয়নৰ নতুন শক্তি হিচাপে পৰিচিত হ’ব।’



  • Dec 21, 2025 13:32 IST

    ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    বৰাগাঁও শ্বহীদ স্মাৰক ক্ষেত্ৰত ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। শ্বহীদৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মন্ত্ৰী অতুল বৰা। 



  • Dec 21, 2025 10:31 IST

    দুপৰীয়া বৰঝাৰৰ পৰা বিশেষ বিমানেৰে উৰা মাৰিব ডিব্ৰুগড়লৈ...

    দুপৰীয়া বৰঝাৰৰ পৰা বিশেষ বিমানেৰে উৰা মাৰিব ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰেৰে নামৰূপলৈ যাব। নামৰূপ সাৰ কাৰখানাৰ ভূমি পূজন কৰিব মোডীয়ে। সাৰ কাৰখানাৰ এটা নতুন গোটৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে। ১০ হাজাৰ ৫০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।



  • Dec 21, 2025 10:30 IST

    গেটৱে অৱ গুৱাহাটীৰ পৰা বৰগাঁৱলৈ ৰাওনা প্ৰধানমন্ত্ৰী...

    লুইতৰ বুকুত পৰীক্ষা পে চৰ্চা শীৰ্ষক কাৰ্যসূচী সামৰি বৰাগাঁৱলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকী উৰা মাৰিব নামৰূপলৈ। 



  • Dec 21, 2025 09:24 IST

    চৰাইদেউ-২ৰ পিঠিত উঠি লুইতৰ বুকুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ২৫গৰাকী শিক্ষাৰ্থীৰ সৈতে 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক অনুষ্ঠান

    cd05a5bd-67ad-42a9-bd4a-ad57243ab870



  • Dec 21, 2025 09:04 IST

    পাণবজাৰৰ গেটৱে অৱ গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী...

    পাণবজাৰৰ গেটৱে অৱ গুৱাহাটীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী। ব্ৰহ্মপুত্ৰৰ বুকুত পৰীক্ষা পে চৰ্চাত অংশ ল'ব তেওঁ।



  • Dec 21, 2025 09:02 IST

    বিশ্বমানৰ নামৰূপৰ ইউৰিয়া প্ৰকল্প...

    বিশ্বমানৰ নামৰূপৰ ইউৰিয়া প্ৰকল্পৰ উৎপাদন ক্ষমতা বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিকটন আৰু ইয়াৰ পৰা প্ৰতিদিনে দুহেজাৰ ২০০ মেট্রিকটন এমনিয়া আৰু তিনি হাজাৰ ৮৫০ মেট্রিকটন ইউৰিয়া উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ১০ হাজাৰ ৬০০ কোটি টকা ব্যয়ৰে ২০৩০ চনৰ ভিতৰত কাৰ্যক্ষম হ'বলগীয়া এই প্রকল্পই ৰাজ্যখনক ঔদ্যোগীক দিশত যথেষ্ট লাভান্বিত কৰিব বুলি আশা কৰা হৈছে।

    এই প্রকল্পত অইল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰাকৃতিক গেছৰ যোগান ধৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীৰ মূল বজাৰসমূহ শক্তিশালী কৰি তোলা হ'ব। ইউৰিয়া প্ৰকল্প ৰূপায়ণৰ ফলত ভাৰতৰ ইউৰিয়া আমদানি হ্রাস পোৱাৰ লগতে অসম আৰু উত্তৰ-পূবৰ ইউৰিয়াৰ প্ৰয়োজন পূৰণ হ'ব।

     এই প্ৰকল্পৰ আশেপাশে অর্থনৈতিক কামকাজ বৃদ্ধি হোৱাৰ ফলত তিনি শতাধিক প্রত্যক্ষ আৰু সহস্রাধিক পৰোক্ষ নিয়োগ সৃষ্টি হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে দিনৰ ১১ বজা…



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোডী