LIVE UPDATES: এয়া 'প্ৰাণৰ শিল্পী' জুবিনক চোৱাৰ বতৰ...

তোমাক চোৱাৰ সময় এয়া - জুবিনক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত চাবলৈ দিন-ৰাতি একাকাৰ কৰি ওলাই আহিছে ৰাইজ। প্ৰাণৰ শিল্পীগৰাকীৰ হেপাঁহৰ সপোনটোক বাস্তৱ ৰূপ দিবলৈ পুৱতি নিশাতে ছবিঘৰলৈ আহিছে হাজাৰ হাজাৰ দৰ্শক। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
LIVE TH

ডিজিটেল ডেস্কঃ তোমাক চোৱাৰ সময় এয়া - জুবিনক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত চাবলৈ দিন-ৰাতি একাকাৰ কৰি ওলাই আহিছে ৰাইজ। প্ৰাণৰ শিল্পীগৰাকীৰ হেপাঁহৰ সপোনটোক বাস্তৱ ৰূপ দিবলৈ পুৱতি নিশাতে ছবিঘৰলৈ আহিছে হাজাৰ হাজাৰ দৰ্শক। 

অসমৰ কোনকেইটা ছবিখনৰ প্ৰথমে মুক্তি পালে ৰৈ ৰৈ বিনালেঃ-

  • সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম দৰ্শনী পুৱা ৪.২৫বজাত গুৱাহাটীৰ মেট্ৰিক্স হ'লত।
  • ছবিখন মুক্তি পোৱা দ্বিতীয়টো ছবিঘৰ হৈছে লখিপুৰৰ নক্ষত্ৰ চিনেমা হ'ল পুৱা ৪.৩৫বজাত
  • ইয়াৰ পিছতে ছবিখন মুক্তি পোৱা তৃতীয়টো ছবিঘৰ হৈছে ধেমাজিৰ  আৰ আৰ ছবিগৃহত পুৱা ৪.৪৫বজাত

উল্লেখ্য যে, অসমৰ ৯৪টা ছবিগৃহত অহা ৩১অক্টোবৰৰ পৰা প্ৰতিদিনেই ৪৫৬টা দৰ্শনী অনুষ্ঠিত হ'ব চিনেমাখনৰ। গুৱাহাটীৰ ১৩টা ছবিগৃহত প্ৰতিদিনেই ১৫৭টাকৈ দৰ্শনী হ'ব। পুৱা ৬বজাৰ পৰাই আৰম্ভ হ'ব প্ৰথম দৰ্শনী। ঠিকতেনেদৰে বিজয় নগৰত ৬টা দৰ্শনী, ৰঙিয়াত প্ৰতিদিনে ৪টা দৰ্শনী, মঙলদৈত প্ৰতিদিনে ৫টা দৰ্শনী, ছয়গাঁৱত প্ৰতিদিনে ৫টাকৈ দৰ্শনী অনুষ্ঠিত হব চিনেমাখনৰ।

আনফালে নলাবাৰী প্ৰতিদিনে ৫টা দৰ্শনীৰ বিপৰীতে বঙাইগাঁৱৰ দুটা ছবিগৃহত প্ৰতিদিনে ৩০টাকৈ দৰ্শনী হ'ব। ডিব্ৰুগড়ত প্ৰতিদিনে ১২টা, তিনিচুকীয়াত প্ৰতিদিনে ১৬টা, যোৰহাটৰ দুটা ছবিঘৰত প্ৰতিদিনে ২১টা, গোলাঘাটত ৪টা আৰু নগাঁৱত প্ৰতিদিনে ৯টা দৰ্শনী অনুষ্ঠিত হ'ব।

তেজপুৰৰ ৪টা ছবিগৃহত প্ৰতিদিনে ৪২টা দৰ্শনী, লখিমপুৰতো ৪টা ছবিঘৰত দিনে ২০টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ডিফুত প্ৰতিদিনে ৪টা দৰ্শনী, হাফলঙত প্ৰতিদিনে ৪টা দৰ্শনী, শিলচৰত ৪টা, মাৰ্ঘেৰিটাত ৪টাকৈ দৰ্শনী প্ৰতিদিনে প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালেৰ। 

আনফালে অসমৰ বাহিৰতো ইটানগৰৰ ৩টা ছবিগৃহত প্ৰতিদিনে ৯টা দৰ্শনী, নাহৰ লগুণত দিনে ৩টা দৰ্শনী, বৃহত্তৰ মুম্বাইৰ ১০টা ছবিগৃহত প্ৰতিদিনে ১২টা দৰ্শনী, দিল্লী এন চি আৰৰ ১০টা ছবিগৃহত প্ৰতিদিনে ২৬টা দৰ্শনী প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালেৰ।

ইয়াৰোপৰি বেংগালুৰু ১০টা ছবিগৃহত ২৩টা দৰ্শনী প্ৰতিদিনে, হায়দৰাবাদত দিনে ২টা দৰ্শনী, আহমেদাবাদত ১টা, পুণেত দিনে ৭টা, চেন্নাইত দিনে ২টা, কলকতাত দিনে ১২টা আৰু কোচিত প্ৰতিদিনে ১টাকৈ দৰ্শনী প্ৰদৰ্শিত হ'ব জুবিন গাৰ্গৰ অতিকৈ হেপাঁহৰ চিনেমাখন। 

  • Oct 31, 2025 10:57 IST

    এয়ে মোৰ শেষ অভিনয়...

    মৃদুল কুমাৰ সন্দিকৈ

    জুবিন গাৰ্গ আছিল এজন ভাল অভিনেতা। অভিনয়ৰ প্ৰতি প্ৰৱল আগ্ৰহ আছিল জুবিনৰ। কেৱল গীতেৰেই নহয়, অভিনয়ৰেও তেওঁ মন জিনি নিজৰ মৃত্যুৰ কাহিনী দৰ্শকক দেখুৱাই যেন গুছি গ’ল এই পৃথিৱী এৰি। ৩১অক্টোবৰ, ২০২৫ৰ লৈকেই মানুহ অপেক্ষা কৰি আছিল। 

    সকলো নিয়ম ভাঙি পুৱতি নিশা ৪.২৫বজাৰ পৰাই আৰম্ভ হৈছিল জুবিন অভিনীত হেপাঁহৰ শেষৰখন ছবিৰ দৰ্শনী। ছবিখন চাই কান্দি কান্দি ওলাই আহিছিল জুবিনক ভাল পোৱা অনুৰাগীসকল। অসমীয়া ছবি উদ্যোগৰ উত্তৰণৰ কথা কোৱা জুবিনে হাতে-কামে কৰি দেখুৱালে এই উদ্যোগটোক কেনেদৰে আৰু অধিক প্ৰাণৱন্ত কৰি তুলিব পাৰি।স্বৰ্তস্ফূটভাৱে বয়সৰ কথা নাভাৱি ডেকা-বৃদ্ধ সকলো দৌৰি আহিল ছবিগৃহলৈ। 

    নিজৰ জীৱন কাহিনীয়ে যেন জুবিনে ৰূপালী পৰ্দাত সকলোকে দেখুৱালে। চকুলো নুটোকাকৈ থাকিব নোৱাৰিলে কোনো। এজন অন্ধ শিল্পীৰ চৰিত্ৰত জুবিনৰ অভিনয় দেখি মানুহে কেৱল কান্দিলে। ৪২দিনৰ পূৰ্বে ছিংগাপুৰত মৃত্যু হোৱা জুবিনৰ যেন আজিহে মৃত্যু ঘটিল, তেনে অনুভৱো বহুতে কৰিলে।

    জিল ক্ৰিয়েশ্যন আৰু আই ক্ৰিয়েশ্যনৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হৈছিল জুবিনৰ এই হেপাঁহৰ ছবিখন। ছবিখনৰ কাহিনী আছিল জুবিন গাৰ্গৰ। চিত্ৰনাট্য লিখিছিল ৰাহুল গৌতম শৰ্মা আৰু শান্তুনু ৰৌমৰীয়াই।  ছবিখনত প্ৰযোজক জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ আৰু শামন্তুক গৌতম।

    সংগীতধৰ্মী এই ছবিখনত জুবিনৰ লগতে অভিনয় কৰিছিল- মৌচুমী আলিফা, জয় কাশ্যপ, আচুৰ্য বৰপাত্ৰ আদিয়ে। ৫.১কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা ছবিখনৰ দৈৰ্ঘ্য ১৪৫মিনিট। ৰাজেশ ভূঞাই পৰিচালনা কৰিছে এই ছবিখন। ছবিখনৰ অন্তিমটো দৃশ্য জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত দৃশ্যায়ণ কৰা হৈছিল।

    ডলবী এটমছত নিৰ্মাণ কৰা এইখন প্ৰথম অসমীয়া ছবি। ছবিখনৰ মুক্তিৰ পূৰ্বেই টিকট বিক্ৰীৰো অভিলেখ হৈছিল। অনলাইন যোগে সকলোবোৰ ছবিগৃহৰ টিকট বিক্ৰী হৈ গৈছিল। জুবিন গাৰ্গৰ আন এখন ছবি নিৰ্মাণ কৰা পৰিকল্পনা আছিল। ৰঞ্জু হাজৰিকাৰ জুলু নামৰ উপন্যাসখনৰ আধাৰত ছবিখন নিৰ্মাণ কৰাৰ পৰিকলল্পনা কৰিছিল। ইয়াৰোপৰি অঘাইটং, বাঘ আৰু ডাষ্টবিন নামৰ তিনিখন ছবিৰো নিৰ্মাণৰ কথা আছিল জুবিনৰ।  


    জুবিন গাৰ্গে প্ৰথম অভিনয় কৰা চিনেমাসমূহ হ’ল ২০০০চনত তুমি মোৰ মাথোঁ মোৰ। এইখন এখন ৰোমান্টিক-একচনধৰ্মী ছবি আছিল। ছবিখৰ প্ৰযোজক আছিল দেৱ বৰকটকী। জুবিন গাৰ্গৰ উপৰিও জেৰিফা ৱাহিদ, যতীন বৰা, নিপন গোস্বামী, মৃদুলা বৰুৱা, প্ৰস্তুতি পৰাশৰ আদি তাৰকাই এই ছবিত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালক, কাহিনী আছিল জুবিনৰ। চিত্ৰনাট্য লিখিছিল অমূল্য ভট্টাচাৰ্যই। এইখনেই জুবিনৰ প্ৰথমখন অভিনয় আৰু পৰিচালনা কৰা ছবি আছিল। ২০০০চনৰ ২৫ফেব্ৰুৱাৰীত মুক্তি দিয়া হৈছিল ছবিগৃহত। 

    ২০০৪চনত জুবিনে দীনবন্ধু নামৰ ছবিখনত ৰূপায়ন কৰা চৰিত্ৰটো আছিল বিপুল। এই ছবিখন পৰিচালনা কৰিছিল মুনিন বৰুৱাই। ছবিখন ২০০৪চনৰ ১৫অক্টোবৰত মুক্তি লাভ কৰিছিল। ছবিখনে সেই বছৰত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বটাঁ ৰজত কমল লাভ কৰিছিল। 

    তাৰ পাছত ২০০২ত শম্ভু গুপ্তাৰ পৰিচালিত  প্ৰেম আৰু প্ৰেম নামৰ ছবিখনত অভিনেতা হিচাপে জুবিনে বিশেষ ভূমুকি মাৰিছিল।  ২০০৮চনত জুবিনে অভিনয় কৰিছিল এম মণিৰামে পৰিচালনা কৰা ছবি মন যায়’ত। এই ছবিখনত তেওঁৰ চৰিত্ৰটো আছিল মানৱ। ২০০৮চনৰ ১২ছেপ্টেম্বৰত ছবিখনে মুক্তি লাভ কৰিছিল। ছবিখনৰ কাহিনী আছিল ৪জন নিবনুৱা শিক্ষিত যুৱকক লৈ। সেই চাৰিজন যুৱক ক্ৰমে- মানৱ, নয়ন, তপন আৰু অকণ। আন তিনিটা যুৱকৰ চৰিত্ৰত অভিনয় কৰিছিল-  নয়নৰ চৰিত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটা, তপনৰ চৰিত্ৰত জ্ঞানেন্দ্ৰ পল্লৱ আৰু অকণৰ চৰিত্ৰত নৱদ্বীপ বৰগোহাঁয়ে। ছবিখনে ৫৬সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছিল।

    ২০১৪চনত বাহাৰুল ইছলামৰ পৰিচালিত ছবি ৰ’দৰ চিঠিত জুবিনে অভিনয় কৰিছিল।  ২০১৫চনত জুবিনে অভিনয় কৰিছিল বাণী দাস পৰিচালিত ছবি অহেতুকত।  তাৰ পাছত জুবিনে মুনিন বৰুৱাৰ পৰিচালিত আন এখন ছবি ৰামধেনুত অভিনেতা হিচাপে এভূমুকি মাৰিছিল। ২০১৬চনত জুবিনে দুখন ছবিত অভিনয় কৰিছিল। এখন আছিল ৰাজেশ যশপালৰ পৰিচালিত গানে কি আনে আৰু আন এখন আছিল আব্দুল মজিদৰ পৰিচালিত ছবি সাত নম্বৰৰ সন্ধানত। 

    ২০১৭চনত মুনিন বৰুৱাৰ ছবি প্ৰিয়াৰ প্ৰিয়ত অভিনয় কৰে। উক্ত বছৰতে জুবিনে নিজে পৰিচালনা কৰা মিছন চাইনা নামৰ ছবিখনতো অভিনয় কৰে। আই ক্ৰিয়েশ্যনৰ বেনাৰত জুবিন গাৰ্গে পত্নী গৰিমা গাৰ্গৰ সৈতে এই ছবিখন প্ৰযোজনা কৰিছিল। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আছিল জুবিনৰ নিজৰ। ছবিখন মুক্তি দিয়া হৈছিল ২০১৭চনৰ ৮ছেপ্টেম্বৰত। 

    বক্স অফিচত ছবিখনে বিশেষ সফলতা লাভ কৰিছিল। ১কোটি ২৮লাখ টকাৰ ব্যৱসায় কৰিছিল ছবিখনে। অসমীয়া ছবিৰ ৰ্দুদিনৰ সময়ত মিছন চাইনাৰ জৰিয়তে জুবিনে অসমীয়া ছবি উদ্যোগলৈ নতুনত্ব আৰু প্ৰাণ সঞ্চাৰ কৰিছিল। প্ৰথম দিনাই ছবিখনে সংগ্ৰহ কৰিছিল ৩৯.৯৭লাখ টকা। প্ৰথম তিনি দিন ছবিখনে সংগ্ৰহ কৰা ধনে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। 

    ২০১৮চনত ৰাজেশ যশপালৰ পৰিচালিত ছবি দ্য আণ্ডাৰৱৰ্ল্ডত অভিনেতাৰূপে জুবিনক দেখা গৈছিল। ২০১৯চনত জুবিন গাৰ্গে কাঞ্চনজংঘা নামৰ তেওঁৰ দ্বিতীয়খন ছবি নিৰ্মাণ কৰিছিল। আই ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ কৰা  এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জুবিনে। তেওঁ পৰিচালনা কৰা এইখন তৃতীয় ছবি আছিল।

    ছবিখনৰ কাহিনী আছিল জুবিনৰ নিজৰ। ছবিখন মুক্তি দিয়া হৈছিল ৬ছেপ্টেম্বৰ, ২০১৯ত। ছবিখনৰ বাজেট আছিল ১.০৫কোটি টকা। ছবিখনে আয় কৰিছিল ৫.১২কোটি টকা। ছবিখনত মুঠ ৬টা গীত আছিল। সেই গীতবোৰ যথেষ্ট জনপ্ৰিয় হৈছিল। ছবিখনত জুবিন গাৰ্গে ৰূপায়ন কৰা চৰিত্ৰটোৰ নাম আছিল অৰ্নিবাণ ভট্টাচাৰ্য।

    ছবিখনত পাঞ্চনাৰ চৰিত্ৰত পিংকি শৰ্মাই, পৱিত্ৰৰ চৰিত্ৰত পৱিত্ৰ ৰাভা. শশাংকৰ চৰিত্ৰত শশাংক সমীৰে, অৰ্নিবাণৰ মাতৃৰ চৰিত্ৰত ৰুণু দেৱী আৰু অৰ্নিবাণৰ ভগ্নীৰ চৰিত্ৰ জেৰিণা বৰুৱাই অভিনয় কৰিছিল।  এই ছবিখনত অসম লোকসেৱা আয়োগৰ এখন বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছিল সাংবাদিক অতনু ভূঞাই।

    কাঞ্চনজংঘাত ‘কাঞ্চনজংঘা’ শীৰ্ষক গীতটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিখ্যাত কবিতা কাঞ্চনজংঘাৰ এটা অংশ কবিতা ৰূপত আবৃত্তি আৰু আন এটা অংশ গান হিচাপে সুৰ দিছিল জুবিনে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা’ শীৰ্ষক সংলাপ যথেষ্ট চৰ্চিত হৈ পৰিছিল।

    ২০২২চনত জুবিনে মনজিত শৰ্মাৰ পৰিচালিত ছবি ৰাজনীতিত অভিনয় কৰিছিল। ২০২৩ত নিপন গোস্বামীৰ পৰিচালিত ছবি ডা০ বেজবৰুৱা-২ত, ২০২৪ত দেৱাংকৰ বৰগোহাঁইৰ পৰিচালিত ছবি চিকাৰত জুবিনক দেখা গৈছিল। হোমৱৰ্কতো এভূমুকি মাৰিছে জুবিনে। 

    তাৰ পাছত জুবিনে ২০২৫ত প্ৰায় ৩বছৰৰ দৃশ্যগ্ৰহণৰ অন্তত মুক্তিৰ বাবে সাজু কৰিছিল ৰৈ ৰৈ বিনালে নামৰ তেওঁৰ অন্তিমখন ছবি। ছিংগাপুৰত ১৮ছেপ্টেম্বৰ, ২০২৫ত মৃত্যু হোৱাৰ পূৰ্বে তেওঁ এই ছবিখনৰ ৮০শতাংশৰো অধিক কাম সম্পূৰ্ণ কৰি থৈ গৈছিল। তেওঁৰ ইচ্ছা অনুসৰিয়েই জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে ২০২৫ৰ ৩১অক্টোবৰত মুক্তি দিয়া হয়।  
    ছবিখনৰ মধ্য বিৰতিত ভাঁহি আছে এক বাণী- আজিকালি 3G, 4G, 5G চলে, অসমত ZG চলে। আৰু ছবিখনৰ শেষত স্কীণত ভাঁহি আছে জুবিনৰ কবিতাৰ এটা পংক্তি – শেষ বুলিলেইতো শেষ নহয়, আকৌ হয় আৰম্ভ। এনেকৈয়ে অন্ত পৰে ৰৈ ৰৈ বিনালে। শোকৰ মাজতো আশাৰ বতৰা লৈ দৰ্শকে ছবিগৃহ এৰে...



  • Oct 31, 2025 09:07 IST

    গৰিমা গাৰ্গে কেতিয়া আৰু ক'ত চাব - ৰৈ ৰৈ বিনালে...

    প্ৰিয় পুৰুষৰ শেষৰখন চিনেমা। জুবিনৰ অনুুপস্থিতিত পত্নী গৰিমা গাৰ্গে যেন সাহস গোটাব পৰা নাই চিনেমাখন চাবলৈ। এই কথা যোৱা বৃহস্পতিবাৰে জুবিন ক্ষেত্ৰত সংবাদ মাধ্যমক সদৰি কৰিছিল গৰিমা গাৰ্গে। তথাপিও তেওঁ কৈছিল যে, যিকোনো প্ৰকাৰে তেওঁৰ হেপাঁহৰ চিনেমাখন চাবই লাগিব। তেওঁ অতি নিষ্ঠা আৰু কষ্টৰে কৰা কাম এইটো। গতিকে কোনোবা এটা দিনত চিনেমাখন চাবলৈ যাব লাগিব।

    শনিবাৰে পুৱাৰ ভাগতে পৰিচালক ৰাজেশ ভূঞাই সংবাদমাধ্যমত সদৰি কৰিলে যে, গৰিমা গাৰ্গে ছবিখন ক'ত চাব, সেয়া এতিয়া আলোচনা কৰিবলৈ তেওঁৰ ঘৰলৈ গৈ আছো। পৰিচালক ভূঞাই লগতে ক'লে শুকুৰবাৰেই ৰৈ ৰৈ বিনালে চাব গৰিমা গাৰ্গে। গুৱাহাটীৰ কোনোবা এটা হ'লত গৰিমাই চাব জুবিনৰ শেষৰখন চিনেমা।

    উল্লেখ কৰা প্ৰয়োজন যে, অহা এসপ্তাহলৈ অসমৰ কোনো এটা ছবিঘৰত পাবলৈ নাই টিকট। বিগত ৯০বছৰৰ ইতিহাসত অসমীয়া ছবিৰ সকলো অভিলেখ ভংগ কৰিলে ৰৈ ৰৈ বিনালে ছবিখনে। গুৱাহাটীত পুৱতি নিশা ৪.২৫বজাৰ পৰাই আৰম্ভ হৈছে ছবিখনৰ দৰ্শনী। 



  • Oct 31, 2025 07:58 IST

    সচাঁকৈয়ে আচৰিত কথাবোৰ! 'ঈশ্বৰপুত্ৰ'ই কেনেকৈ দেখিছিল ভৱিষ্যত?

    তেওঁ আছিল ঈশ্বৰপুত্ৰ। কিছুদিনৰা বাবে আহিছিল আৰু কৰণীয়খিনি কৰি তেওঁৰ পুনৰ উভতি গ'ল সৰগলৈ। প্ৰতিগৰাকী অসমবাসীয়ে এতিয়া এইদৰেই ভাৱে। এনেদৰেই নিজেই নিজক সান্ত্বনা দিয়ে। কিন্তু জুবিন গাৰ্গ সচাঁকৈয়ে এক ঐশ্বৰিক গুণৰ অধিকাৰী আছিল। সেয়া শেষ সময়ত তেওঁৰ কিছুমান কাম-কাজত প্ৰতিফলিত হৈছে।

    ৰৈ ৰৈ বিনালে আৰু জুবিন গাৰ্গৰ বাস্তৱ জীৱনৰ মাজত বহু সাদৃশ্য আছে। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰত সাগৰৰ পাৰৰ বহুকেইটা দৃশ্য খাপ খাই পৰিছে জুবিনৰ জীৱনৰ শেষ মূৰ্হুতৰ সৈতে। উল্লেখ কৰা প্ৰয়োজন যে, ৰৈ ৰৈ বিনালে ছবিখনৰ কাহিনী হৈছে জুবিন গাৰ্গৰ। 

    এটা সাক্ষাতকাৰত জুবিনে নিজেই কৈছিল যে, তেওঁ গীতৰ কথা আৰু কোনো ছবিৰ কাহিনী সদায়েই সপোনত দেখা পায়।  ৰৈ ৰৈ বিনালেৰ কাহিনীও তেওঁ সপোনতে দেখা বুলিও জীৱিত অৱস্থাত কৈছিল। কোনো ঐশ্বৰিক গুণৰ অধিকাৰী নহ'লে নিজৰ জীৱনৰ সচাঁ ঘটনা এনেদৰে পূৰ্বেই হয়তো সপোনত নেদেখে। এতিয়া নেটিজেন সকলৰ মাজত চৰ্চা চলিছে এনেদৰেই।

    ইফালে জুবিন গাৰ্গৰ আন এক কামতো আচৰিত হৈছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল। জুবিন গাৰ্গে পূৰ্বতেও বহুকেইখন ছবিৰ কাম কৰিছে। পূৰ্বৰ কোনো এখন ছবিতে তেওঁ ছবি প্ৰচাৰৰ বাবে এখন চিঠিৰ ব্যৱহাৰৰ বিষয়ে ভৱা নাছিল। কিন্তু ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰচাৰৰ বাবে মুক্তিৰ বহু দিনৰ পূৰ্বেই তেওঁ অনুৰাগীসকলৰ বাবে লিখিছিল এখন বিশেষ চিঠি।

    এই চিঠিখনেই এতিয়া ৰৈ ৰৈ বিনালে মুখ্য প্ৰচাৰৰ আহিলা। জুবিন গাৰ্গে হয়তো তেওঁৰ পূৰ্বতেই কিছু অনুভৱ কৰিছিল। যাৰ বাবে তেওঁৰ মনলৈ এনে চিন্তাবোৰ আহিছিল। এই বিষয়টোক লৈ এগৰাকী নেটিজেনে ফেচবুকত লিখিছে এনেদৰে-  

    চিনেমা তেওঁ আগতেও বনাইছিল। প্ৰচাৰ আগতেও চলাইছিল। কিন্তু মিছন চাইনা অথবা কাঞ্চনজংঘাৰ সময়ত এনেকৈ লিখি পেলাই চাবলৈ কোৱা দেখোন মনত নপৰে। যদি লিখিছিল নাজানো, কিন্তু লিখা নাছিল যদি তেন্তে এইবাৰ কিয় লিখিলে? কথাটো বাৰে বাৰে মনলৈ আহি আছে। কিবা আচৰিত লাগে কথাবোৰ ভাবিলে....



  • Oct 31, 2025 07:56 IST

    কাৰিকৰী বিজুতি! অসমৰ কোনটো চিনেমা হ'লত বাতিল 'ৰৈ ৰৈ বিনালে'ৰ দৰ্শনী...

    • কাৰিকৰী বিজুতিৰ বাবে বাতিল কৰা হৈছে ছবিৰ প্ৰথমটো দৰ্শনী। 
    • জলি মেক্স চিনেমা হ'লত বাতিল কৰা হৈছে প্ৰথমটো দৰ্শনী। 
    • কাৰিকৰী সমস্যাৰ বাবে ছবিখনৰ ৭বজাৰ দৰ্শনী বাতিল কৰাৰ কথা ঘোষণা ছবিগৃহটোৰ।
    • দৰ্শক সকলে টিকটৰ ধনো উভতাই লোৱা নাই ছবিগৃহটোৰ কৰ্তৃপক্ষৰ পৰা।
    • আৱেগিক দৰ্শকে ছবিগৃহটোত সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ। 



জুবিন গাৰ্গ