/asomiyapratidin/media/media_files/2026/01/17/modi-live-2-2026-01-17-09-15-37.jpg)
আজি দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ১৭ জানুৱাৰী ২০২৬। বিয়লি ৫-২০ বজাত অৱতৰণ কৰিবহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঢ়িয়াই অনা বিশেষ বিমান। বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হ’ব মোডীক। সাজু কৰি থোৱা বিশেষ বাহনত উঠি বিমান বন্দৰৰ পৰা মোডী আহিব সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলীলৈ।
সন্ধিয়া ৬-০০ বজাত সেই স্থানত আয়োজন কৰা বাগুৰুম্বা নৃত্য প্ৰদৰ্শনৰ বিশেষ অনুষ্ঠানত মুখ্য অতিথি হ’বহি প্ৰধানমন্ত্ৰী মোডী। প্ৰায় ১০,০০০ শিল্পীয়ে প্ৰদৰ্শন কৰিব এই নৃত্য। বিহু, ঝুমুইৰৰ পাছত এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
অনুষ্ঠান শেষ কৰি প্ৰধানমন্ত্ৰীগৰাকী যাব খানাপাৰাৰ কইনাধৰাত থকা ৰাজ্যিক অতিথিশালালৈ। তাতেই নিশাটো কটাব প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে অতিথিশালাতে সাজু কৰা হ’ব নৈশ আহাৰ।
১৮ জানুৱাৰী ২০২৬ৰ পুৱা ৯-৩০ বজাত প্ৰধানমন্ত্ৰী মোডী আহিব অতিথিশালাৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰলৈ। তাতেই সাজু কৰি থোৱা হেলিকপ্টাৰত উঠি মোডী ৰাওনা হ’ব কলিয়াবৰলৈ। কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত বিশাল সমাবেশত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
দিনৰ ১১-০০ বজাত আছে এই কাৰ্যসূচী। উক্ত অনুষ্ঠানতে মোডীয়ে কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ ৭হাজাৰ কোটিটকীয়া প্ৰকল্পৰ শিলান্যাস কৰিব। সভা সামৰি হেলিকপ্টাৰেৰে দুপৰীয়া ১২-১৫ বজাত মোডী উভতি আহিব কলিয়াবৰৰ পৰা গুৱাহাটী বিমান বন্দৰলৈ। দুপৰীয়া ১-০০ বজাত প্ৰধানমন্ত্ৰী মোডী বৰঝাৰ বিমান বন্দৰৰ পৰা বিশেষ বিমানেৰে উভতিব নতুন দিল্লীলৈ।
- Jan 18, 2026 12:18 IST
কাজিৰঙা এলিভেটেড কৰিড'ৰৰ লগতে অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে
কলিয়াবৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কাজিৰঙা এলিভেটেড কৰিড'ৰৰ শুভাৰম্ভণি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। লগতে দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰা বিশাল জনসভাত ডেৰ লক্ষাধিক লোকৰ সমাগম ঘটে।
- Jan 18, 2026 11:33 IST
কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী মোডীয়ে সম্বোধন কৰিলে বিশাল জনসভা
কলিয়াবৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইপিনে তিনিখনকৈ হেলিকপ্টাৰ অৱতৰণ কৰিছে অস্থায়ী হেলিপেডত। কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিলে বিশাল জনসভা। ডেৰ লক্ষাধিক লোকৰ সমাগম হ'ব প্ৰধানমন্ত্ৰীৰ সভাত।ইপিনে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা স্ব-চক্ষে প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ উপস্থিত হৈছে ৰাইজ। উজনি-নামনিৰ পৰা আহিছে বহু লোক। প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছু সময় পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰায় ৬,৯৫৭ কোটি টকাৰ এই প্ৰকল্পটোৱে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে এক সুৰক্ষিত ক’ৰিডৰ নিশ্চিত কৰিব।
- Jan 18, 2026 11:06 IST
কলিয়াবৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
কলিয়াবৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইপিনে তিনিখনকৈ হেলিকপ্টাৰ অৱতৰণ কৰিছে অস্থায়ী হেলিপেডত। কিছু সময় পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা। কলিয়াবৰৰ মৌচন্দা পথাৰত উখল-মাখল পৰিৱেশ।
ডেৰ লক্ষাধিক লোকৰ সমাগম হ'ব প্ৰধানমন্ত্ৰীৰ সভাত।ইপিনে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা স্ব-চক্ষে প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ উপস্থিত হৈছে ৰাইজ। উজনি-নামনিৰ পৰা আহিছে বহু লোক। প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছু সময় পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰিব । প্ৰায় ৬,৯৫৭ কোটি টকাৰ এই প্ৰকল্পটোৱে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে এক সুৰক্ষিত ক’ৰিডৰ নিশ্চিত কৰিব। লগতে যোগাযোগ ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অসমবাসীক উপহাৰ দিব দুখনকৈ ‘অমৃত ভাৰত এক্সপ্ৰেছ’। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই ৰে'লে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ সংযোগ ব্যৱস্থা অধিক সুচল আৰু আৰামদায়ক কৰি তুলিব।
- Jan 18, 2026 10:30 IST
কলিয়াবৰৰ মৌচন্দা পথাৰত উখল-মাখল পৰিৱেশ
কলিয়াবৰৰ মৌচন্দা পথাৰত উখল-মাখল পৰিৱেশ। কলিয়াবৰলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা। ডেৰ লক্ষাধিক লোকৰ সমাগম হ'ব প্ৰধানমন্ত্ৰীৰ সভাত।ইপিনে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা স্ব-চক্ষে প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ উপস্থিত হৈছে ৰাইজ। উজনি-নামনিৰ পৰা আহিছে বহু লোক।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰিব । প্ৰায় ৬,৯৫৭ কোটি টকাৰ এই প্ৰকল্পটোৱে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে এক সুৰক্ষিত ক’ৰিডৰ নিশ্চিত কৰিব। লগতে যোগাযোগ ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অসমবাসীক উপহাৰ দিব দুখনকৈ ‘অমৃত ভাৰত এক্সপ্ৰেছ’। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই ৰে'লে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ সংযোগ ব্যৱস্থা অধিক সুচল আৰু আৰামদায়ক কৰি তুলিব।
- Jan 17, 2026 19:48 IST
বাগৰুম্বা দহৌঃ সমগ্ৰ বিশ্ববাসী সাক্ষী হৈ ৰ’ল ঐতিহাসিক ক্ষণৰ
- ৭বাজি ৪৪ মিনিটত লেজাৰ লাইট শ্বৰে অন্ত পৰিল বাগুৰুম্বা নৃত্যৰ।
- সমগ্ৰ বিশ্ববাসী সাক্ষী হৈ ৰ’ল ঐতিহাসিক ক্ষণৰ।
- ১০ হাজাৰৰো অধিক শিল্পীৰ দ্বাৰা পৰিৱেশিত বাগুৰুম্বা নৃত্যই মোহিত কৰিলে অসংখ্য লোকক।
- বিহু, ঝুমুইৰৰ অভূতপূৰ্ব সফলতাৰ পাছত এইবাৰ বড়ো লোকনৃত্যই পালে অনন্য মৰ্যাদা।
- বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ বাগুৰুম্বাৰ।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাষত বহুৱাই আনন্দিত মনে নৃত্য উপভোগ প্ৰধানমন্ত্ৰী মোডীৰ।
- Jan 17, 2026 19:12 IST
সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ
- সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ
- বড়ো আৰু অসমীয়া ভাষাত ভাষণৰ আৰম্ভণি মোডীৰ
- ৰাজ্যবাসীক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
- অসমৰ কলা-সংস্কৃতিত এক অদ্ভূত আনন্দ আছে
- এই আনন্দ লভিবলৈ মই কোনো সুযোগ এৰি নিদিওঁ
- অসমৰ সংস্কৃতি, বড়ো পৰম্পৰা মই ওচৰৰ পৰা দেখিছো
- এইয়া মোৰ বাবে সৌভাগ্যৰ কথা
- প্ৰধানমন্ত্ৰী হিচাপে মই যিমানবাৰ অসম আহিছো, সিমান কোনো অহা নাই
- যি ঠাই এসময়ত গুলীৰ শব্দ শুনিছিল, তাত এতিয়া খাম-চিফুঙৰ মধুৰ শব্দ শুনা যায়
- অসমৰ এই পৰিৱৰ্তনৰ বাবে আজি সমগ্ৰ দেশবাসী গৰ্বিত
- ডাবল ইঞ্জিন চৰকাৰক আপোনালোকে দিয়া দায়িত্ব আমি পালন কৰিছো
- বাথৌ পূজাক সন্মান জনাই ৰাজ্যিক বন্ধ দিয়া হৈছে
- সুধাকণ্ঠক ভাৰতৰত্ন দিয়াত বিৰোধিতা কৰিছিল কংগ্ৰেছে
- বড়োলেণ্ডৰ চিঞৰ কংগ্ৰেছে শুনা নাছিল
- অসম আৰু দিল্লীৰ দূৰত্ব কম কৰিছে বিজেপি চৰকাৰে
- Jan 17, 2026 19:00 IST
বড়ো জনগোষ্ঠীৰ বাবে এইয়া প্ৰথম আৰু সৰ্ববৃহৎ সাংস্কৃতিক প্ৰদৰ্শনঃ মুখ্যমন্ত্ৰী
- সৰুসজাইত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ
- বড়ো জনগোষ্ঠীৰ বাবে এইয়া প্ৰথম আৰু সৰ্ব বৃহৎ সাংস্কৃতিক প্ৰদৰ্শন
- আজি বড়োলেণ্ড শান্তিৰ দ্বীপলৈ পৰিণত হৈছে
- প্ৰধানমন্ত্ৰীয়ে আমাক বড়োলেণ্ড ৱেলফেয়াৰ কাউন্সিল দিছে
- ইমান ডাঙৰ সাংস্কৃতিক অনুষ্ঠান গুৱাহাটীত আগতে হোৱা নাই
- Jan 17, 2026 18:51 IST
প্ৰধানমন্ত্ৰীলৈ হাগ্ৰামা মহিলাৰীৰ বিশেষ আহ্বান
- সৰুসজাইত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ভাষণ
- ভাষণৰ মাজতে প্ৰধানমন্ত্ৰীলৈ আহ্বান হাগ্ৰামা মহিলাৰীৰ
- বিটিচি চুক্তিৰ বাকী থকা দফাকেইটা সম্পূৰ্ণ কৰাৰ আহ্বান
- বাগৰুম্বা দহৌৰ বাবে চৰকাৰক ধন্যবাদ বিটিচি প্ৰধান গৰাকীৰ
- সৰুসজাইত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ভাষণ
- Jan 17, 2026 18:42 IST
সৰুসজাইত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
সৰুসজাইত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
অনুষ্ঠানৰ আৰম্ভণিতে জ্যোতি প্ৰসাদ আগৰৱালাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবি গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোডীয়ে
বড়ো বাদ্য চেৰজা বজালে প্ৰধানমন্ত্ৰীয়ে
- Jan 17, 2026 18:18 IST
বৰঝাৰৰ পৰা সৰুসজাই অভিমুখে ৰাওনা নৰেন্দ্ৰ মোডী
বৰঝাৰৰ পৰা সৰুসজাই অভিমুখে ৰাওনা নৰেন্দ্ৰ মোডী।
পথৰ দুয়ো কাষে ৰাইজৰ অভিবাদন গ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ।
সৰুসজাইত ১০ হাজাৰ নৃত্যশিল্পীয়ে পৰিৱেশন কৰিব লগা বাগুৰুম্বা নাচ উপভোগ কৰিব মোডীয়ে।
এক বিশাল কনভয়ৰ মাজেৰে মোডীক লৈ যোৱা হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলীলৈ।
- Jan 17, 2026 17:30 IST
গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্রী নৰেন্দ্র মোডী
- গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্রী নৰেন্দ্র মোডী
- বিশেষ বিমানযোগে উপস্থিত বৰঝাৰ বিমান বন্দৰত
- প্রধানমন্ত্রীগৰাকীক উষ্ম আদৰণি ৰাজ্যপাল, মুখ্যমন্ত্রীৰ
- Jan 17, 2026 11:45 IST
'বাগৰুম্বা দহৌ'ৰ অৰ্থ আপুনি জানেনে?
ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে শনিবাৰে ১০হাজাৰ বড়ো যুৱতীয়ে প্ৰধানমন্ত্ৰীৰ সন্মখত পৰিৱেশন কৰিব বাগৰুম্বা। বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনীৰ দৰে অনুষ্ঠান সফল হোৱাৰ পাছত বাগৰুম্বা দহৌ অনুষ্ঠানে সৃষ্টি কৰিব অভিলেখ।
কিন্তু আপুনি জানেনে, বাগৰুম্বা দহৌৰ অৰ্থ কি। বাগৰুম্বা দহৌ হৈছে এটা বড়ো শব্দ। ইয়াৰ অৰ্থ হৈছে বাগৰুম্বাৰ ঢৌঁ। অৰ্থাত শনিবাৰে সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত ১০হাজাৰ যুৱতীয়ে সৃষ্টি কৰিব বাগৰুম্বাৰ ঢৌঁ।
উল্লেখ কৰা প্ৰয়োজন যে, খাম, ছেৰজা, ছিফুং, জথা আৰু জাপশ্ৰিঙৰ দৰে ৫বাদ্যৰ তালে তালে বহু ৰঙী পখিলা যেন হৈ পৰিব এই দহ সহস্ৰাধিক বড়ো নৃত্যশিল্পী। সন্ধিয়া ৬বজাৰ পাছতে আৰম্ভ হব এই বাগৰুম্বা দহৌ অনুষ্ঠান।
বাগৰুম্বা নাচত চিখলা তথা যুৱতী সকলে পৰিধান কৰিব দখনা, ৰেগেৰেগাং জোমগ্ৰা, আৰণাই, গছলা, চন্দ্ৰহালা মালা, ফুলকুৰি খেৰা, আসাম গথা আদি সাজ পাৰ আৰু আ–অলংকাৰ। ইতিমধ্যে ২০সহস্ৰাধিকৰো অধিক প্ৰৱেশ পত্ৰ বিতৰণ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
১৭ জানুৱাৰীৰ দিনা দৰ্শকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মূল ষ্টেডিয়ামৰ বাহিৰত এল ই ডি স্ক্ৰিণৰ ব্যৱস্থা কৰা হৈছে। মুঠৰ ওপৰত বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনীৰ দৰে অনুষ্ঠান সফল হোৱাৰ পাছত আন এক ঐতিহাসিক ক্ষণৰ বাবে বাকী আছে আৰু কিছু সময়।
- Jan 17, 2026 09:22 IST
বাগৰুম্বা দহৌত ব্যৱহাৰ হ'ব ৫বিধ বিশেষ বাদ্য...
খাম, ছেৰজা, ছিফুং, জথা আৰু জাপশ্ৰিঙৰ তালে তালে বহু ৰঙী পখিলা যেন হৈ পৰিব এই দহ সহস্ৰাধিক বড়ো নৃত্যশিল্পী। সন্ধিয়া ৬বজাৰ পাছতে আৰম্ভ হব এই বাগৰুম্বা দহৌ অনুষ্ঠান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us