LIVE UPDATE- আহি আছে প্ৰধানমন্ত্ৰী! সৰুসজাইত সাজু ১০হাজাৰ বড়ো যুৱতী...

আজি দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।  ১৭ জানুৱাৰী ২০২৬। বিয়লি ৫-২০ বজাত অৱতৰণ কৰিবহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঢ়িয়াই অনা বিশেষ বিমান। বৰঝাৰ বিমান

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
MODI LIVE (2)

আজি দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।  ১৭ জানুৱাৰী ২০২৬। বিয়লি ৫-২০ বজাত অৱতৰণ কৰিবহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঢ়িয়াই অনা বিশেষ বিমান। বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হ’ব মোডীক। সাজু কৰি থোৱা বিশেষ বাহনত উঠি বিমান বন্দৰৰ পৰা মোডী আহিব সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলীলৈ। 

সন্ধিয়া ৬-০০ বজাত সেই স্থানত আয়োজন কৰা বাগুৰুম্বা নৃত্য প্ৰদৰ্শনৰ বিশেষ অনুষ্ঠানত মুখ্য অতিথি হ’বহি প্ৰধানমন্ত্ৰী মোডী। প্ৰায় ১০,০০০ শিল্পীয়ে প্ৰদৰ্শন কৰিব এই নৃত্য। বিহু, ঝুমুইৰৰ পাছত এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

অনুষ্ঠান শেষ কৰি প্ৰধানমন্ত্ৰীগৰাকী যাব খানাপাৰাৰ কইনাধৰাত থকা ৰাজ্যিক অতিথিশালালৈ। তাতেই নিশাটো কটাব প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে অতিথিশালাতে সাজু কৰা হ’ব নৈশ আহাৰ। 

১৮ জানুৱাৰী ২০২৬ৰ পুৱা ৯-৩০ বজাত প্ৰধানমন্ত্ৰী মোডী আহিব অতিথিশালাৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰলৈ। তাতেই সাজু কৰি থোৱা হেলিকপ্টাৰত উঠি মোডী ৰাওনা হ’ব কলিয়াবৰলৈ। কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত বিশাল সমাবেশত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

দিনৰ ১১-০০ বজাত আছে এই কাৰ্যসূচী। উক্ত অনুষ্ঠানতে মোডীয়ে কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ ৭হাজাৰ কোটিটকীয়া প্ৰকল্পৰ শিলান্যাস কৰিব। সভা সামৰি হেলিকপ্টাৰেৰে দুপৰীয়া ১২-১৫ বজাত মোডী উভতি আহিব কলিয়াবৰৰ পৰা গুৱাহাটী বিমান বন্দৰলৈ।  দুপৰীয়া ১-০০ বজাত প্ৰধানমন্ত্ৰী মোডী বৰঝাৰ বিমান বন্দৰৰ পৰা বিশেষ বিমানেৰে উভতিব নতুন দিল্লীলৈ। 

  • Jan 17, 2026 09:22 IST

    বাগৰুম্বা দহৌত ব্যৱহাৰ হ'ব ৫বিধ বিশেষ বাদ্য...

    খাম, ছেৰজা, ছিফুং, জথা আৰু জাপশ্ৰিঙৰ তালে তালে  বহু ৰঙী পখিলা যেন হৈ পৰিব এই দহ সহস্ৰাধিক বড়ো নৃত্যশিল্পী। সন্ধিয়া ৬বজাৰ পাছতে আৰম্ভ হব এই বাগৰুম্বা দহৌ অনুষ্ঠান।



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী