/asomiyapratidin/media/media_files/2025/11/10/diujjd-2025-11-10-20-00-42.jpg)
ৰাজধানী দিল্লীত বোমা বিস্ফোৰণ। লালকিল্লাৰ ওচৰত বোমা বিস্ফোৰণ। এখন চাৰিচকীয়া বাহনত বোমা ৰখাৰ সন্দেহ। বিস্ফোৰণৰ পিছত কেইবাখনো বাহনত লাগে জুই। বিস্ফোৰণত পিছত সমগ্র অঞ্চলজুৰি আতংক। সমগ্ৰ দিল্লীত হাই এৰ্লাট জাৰি।
- Nov 11, 2025 09:24 IST
আত্মঘাতী বোমা! বিস্ফোৰক কঢ়িয়াই অনা বাহনখনৰ ভিতৰতো চিন্ন ভিন্ন অংগ উদ্ধাৰ...
দিল্লী বোমা বিস্ফোৰণত এতিয়ালৈকে ১৩গৰাকী লোকৰ মৃত্যু হোৱা তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। বোমা বিস্ফোৰণৰ ফলত থিতাতে নিহত হোৱা ৬গৰাকী লোকৰ পৰিচয় উদ্ধাৰ কৰিছে দিল্লী আৰক্ষীয়ে। চিন্ন-ভিন্ন হৈ যোৱা এই মৃতদেহ কেইটাৰ পৰিচয়ৰ সন্দৰ্ভত সকলো তথ্য অচিৰেই ৰাজহুৱা কৰাৰ সদৰী কৰিছে দিল্লী আৰক্ষীয়ে।
দিল্লী আৰক্ষীয়ে জনোৱা মতে, চিন্ন ভিন্ন হৈ যোৱা আৰু দুটা মৃতদেহৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা নাই দিল্লী আৰক্ষীয়ে। ইফালে আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰক কঢ়িয়াই অনা বাহনখন কেইবাজনো লোক উপস্থিত থকাৰ তথ্য লাভ কৰিছে। উক্ত বাহনখনৰ ভিতৰতো মানৱ দেহৰ চিন্ন ভিন্ন অংগ উদ্ধাৰ কৰাৰ কথা সদৰি কৰিছে আৰক্ষীয়ে।
এই দিশলৈ চাই প্ৰাৰম্ভিক পৰ্যায়ত এয়া এক আত্মঘাটি বোমা আছিল বুলিয়ে সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। জম্মু-কাশ্মীৰৰ পৰা ৩গৰাকীকৈ লোকক নিশাই আটক কৰিছে আৰক্ষীয়ে।
- Nov 10, 2025 23:26 IST
দিল্লীৰ বোমা বিস্ফোৰণ সংঘটিত কৰা i20 বাহনখনৰ মালিক আছিল চলমান...
দিল্লী বোমা বিস্ফোৰণৰ আঁৰত কোন জড়িত হৈ আছে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও এই বিস্ফোৰণত এখন আই -২০বাহন ব্যৱহাৰ হোৱাৰ তথ্য সদৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দিল্লী আৰক্ষীৰ আয়ুক্তয়েও এই তথ্য সদৰি কৰিছে সংবাদ মাধ্যমত। ইতিমধ্যে এই বাহনখনৰ মালিকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে।
গাড়ীখনৰ মালিকক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে আন এক তথ্য। গাড়ীখন কিছুদিনৰ পূৰ্বে বিক্ৰী কৰিছিল আন এগৰাকী ব্যক্তিক। এই কথা গাড়ীখনৰ পূৰ্বৰ মালিক হাৰিয়ানাৰ চলমান নামৰ লোকজনে আৰক্ষীক জনাইছে। লোকজনক আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে।
দিল্লী আৰক্ষীয়ে হাৰিয়ানাৰ পৰিবহন বিভাগৰ সৈতে যোগাযোগ কৰি গাড়ীখন কাক বিক্ৰী কৰা হৈছিল তাৰ তথ্য বিচাৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, সোমবাৰে সন্ধিয়া প্ৰায় ৬.৫২মিনিটত এই গাড়ীখন উক্ত স্থানত ৰোৱাৰ পিছতে ৬.৫৫বজাত সংঘটিত হৈছিল বোমা বিস্ফোৰণ।
দিল্লী আৰক্ষী আয়ুক্তই চি চি টিভি ফুটেজ পৰিদৰ্শন কৰি এই তথ্য লাভ কৰা বুলি সংবাদ মাধ্যমত সদৰি কৰিছে। ঘটনাৰ সন্দৰ্ভত এছ এন জিৰ লগতে অন্যন্য এজেঞ্চীয়ে অব্যাহত ৰাখিছে তদন্ত।
- Nov 10, 2025 23:07 IST
যিসকলে প্ৰিয় জনক হেৰুৱালেঃ দিল্লী বিস্ফোৰণক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া...
- দিল্লী বোমা বিস্ফোৰণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথম প্ৰতিক্ৰিয়া।
- এক্স হেণ্ডেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- বোমা বিস্ফোৰণত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন প্ৰধানমন্ত্ৰীগৰাকীৰ।
- আহতসকলৰ আশু আৰোগ্য কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে।
- হতাহত সকলোৰে সহায় নিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়াৰ কথাও সদৰি কৰিলে মোডীয়ে।
- ঘটনাৰ সন্দৰ্ভত প্ৰতিটো আপডেট অমিত শ্বাহৰ পৰা লৈ থকাৰ কথাও কলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- উল্লেখ কৰা প্ৰয়োজন যে, ঘটনাস্থলীত উপস্থিত হৈ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
- আহত লোকসকলৰ স্বাস্থ্যও বুজ লৈছে অমিত শ্বাহে।
- ইয়াৰ সৈতে জড়িত সকলো পক্ষকে অচিৰেই কৰায়ত্ত কৰাৰ হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।
- প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে এনেদৰে-দিল্লীত আজি সন্ধিয়াত হোৱা বিস্ফোৰণত যিসকলেই তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে, তেনে সকলোলৈ সমবেদনা। আঘাতপ্ৰাপ্তসকলে সোনকালে আৰোগ্য লাভ কৰক। প্ৰভাৱিতসকলক কর্তৃপক্ষৰ দ্বাৰা সহায় কৰা হৈছে। গৃহ মন্ত্ৰী অমিত শ্বাহ জী আৰু অন্যান্য কৰ্মকর্তাসকলৰ সৈতে পৰিস্থিতি পৰ্যালোচনা কৰা হৈছে।
- Nov 10, 2025 22:44 IST
দিল্লীৰ বোমা বিস্ফোৰণস্থলী পৰিদৰ্শন কৰি আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে অমিত শ্বাহৰ বৈঠক...
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/10/g5z_h7ta8aaaetl-2025-11-10-22-43-58.jpg)
- Nov 10, 2025 22:41 IST
দিল্লীৰ বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ১৩জনলৈ বৃদ্ধি...
দিল্লী বোমা বিস্ফোৰণত নিহত লোকৰ সংখ্যা ১৩গৰাকীলৈ বৃদ্ধি। হস্পাতাল কৰ্তৃপক্ষই সদৰি কৰিছে এই তথ্য। ইফালে ২০ৰো অধিক আহতৰ অৱস্থা বৰ্তমানো অতিকৈ সংকটজনক।
প্ৰাপ্ত খবৰ অনুসৰি, এখন আই-২০ বাহনত আছিল এই বিস্ফোৰকখিনি। সন্ধিয়া প্ৰায় ৬.৫২বজাত উক্তস্থানত ৰৈছিলহি বাহনখন। তাৰ প্ৰায় ৩মিনিটৰ পাছতে সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। উক্ত বাহনখন হাৰিয়ানাৰ আছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে।
- Nov 10, 2025 21:33 IST
হোণ্ডাই আই-২০ বাহনত সংস্থাপিত আছিল বোমা...
- দিল্লীৰ বোমা বিস্ফোৰণৰ শেহতীয়া খবৰ
- হোণ্ডাই আই-২০ বাহনত সংস্থাপিত আছিল বোমা
- বাহনখনত দুজনৰ পৰা তিনিজন লোক থকাৰ সন্দেহ
- Nov 10, 2025 21:21 IST
দিল্লীৰ বোমা বিস্ফোৰণক লৈ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া...
ৰাহুল গান্ধীয়ে এক্স পোস্টত কয়, "দিল্লীৰ লাল কিল্লা মেট্ৰ’ ষ্টেচনৰ কাষত হোৱা গাড়ী বিস্ফোৰণৰ খবৰ অত্যন্ত দুখজনক আৰু চিন্তাজনক। এই দুখজনক দুৰ্ঘটনাত বহু নিৰ্দোষী ব্যক্তিৰ মৃত্যুৰ খবৰ অত্যন্ত দুখজনক। এই দুখৰ সময়তে প্ৰিয়জনক হেৰুওৱা শোকগ্ৰস্ত পৰিয়ালৰ সৈতে আছো আৰু তেওঁলোকৰ প্ৰতি নিজৰ গভীৰ সহানুভূতি প্ৰকাশ কৰিছো। সকলো আহতৰ শীঘ্ৰে আৰোগ্য লাভৰ আশা কৰিলো"
- Nov 10, 2025 21:17 IST
চলন্ত গাড়ীতেই সংঘটিত হৈছিল দিল্লীৰ বোমা বিস্ফোৰণ...
চলন্ত গাড়ীৰ পৰাই সংঘটিত হৈছিল দিল্লীৰ এই ভয়ংকৰ বোমা বিস্ফোৰণ। এই কথা সদৰি কৰিলে দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলছাই। তেওঁ সংবাদ মাধ্যমত জনাই যে, সন্ধিয়া প্ৰায় ৬.৫২বজাত এখন বাহন লাহে লাহে আহি ৰৈছিল দিল্লীৰ ৰেডফৰ্ট অঞ্চলত। তাৰ ঠিক ৩মিনিটৰ পাছতে সংঘটিত হৈছিল এই ভয়ংকৰ বোমা বিস্ফোৰণ।
ইফালে উক্ত বাহনখনৰ পিছফালে আহি থকা এজন আৰোহীয়ে সংবাদমাধ্যমক জনাইছে যে, বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ সময়তো উক্ত বাহনখনৰ ভিতৰত ৩গৰাকী লোক উপস্থিত আছিল। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে যে, এয়া আছিল আত্মঘাটি বোমা বিস্ফোৰণ।
উল্লেখ কৰা প্ৰয়োজন যে, এই বোমা বিস্ফোৰণত এতিয়ালৈকে ১০গৰাকীকৈ লোক নিহত হৈছে। আহত ২৫গৰাকীৰো অধিক লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি সদৰি কৰিছে প্ৰশাসনে। হতাহত হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
- Nov 10, 2025 20:56 IST
দিল্লী বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি
দিল্লী বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি। চিকিতসালয় কৰ্তৃপক্ষই সদৰি কৰিছে এই তথ্য।
- Nov 10, 2025 20:48 IST
দিল্লীৰ বোমা বিস্ফোৰণৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ
দিল্লীৰ বোমা বিস্ফোৰণৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ।
- Nov 10, 2025 20:43 IST
দিল্লীৰ ঘটনাস্থলীত উপস্থিত CRPFৰ চীফ জি পি সিং...
- দিল্লীৰ ঘটনাস্থলীত উপস্থিত CRPFৰ চীফ জি পি সিং
- NIA, IB চীফৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
- আহত সকলৰ চিকিতসা সুনিশ্চিত কৰা নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ
- Nov 10, 2025 20:36 IST
দিল্লী আৰক্ষী আয়ুক্তলৈ অমিত শ্বাহৰ ফোন...
ঘটনাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ততাতৈয়াকৈ দিল্লী আৰক্ষী আয়ুক্তৰ সৈতে বাৰ্তালাপ কৰে। এন এছ জি, এন আই এ, আৰু ফৰেনছিক বিভাগৰ দলক ততাতৈয়াকৈ স্থানলৈ প্ৰেৰণ কৰা হয়। দিল্লীৰ ঘটনা সন্দৰ্ভত আই বি সঞ্চালকৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে গৃহমন্ত্ৰীগৰাকীয়ে।
- Nov 10, 2025 20:34 IST
নিহতৰ সংখ্যা ২০ৰো অধিক হোৱাৰ সম্ভাৱনা...
দিল্লীত সংঘটিত হোৱা ভয়ংকৰ কাৰ বিস্ফোৰণত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক। এতিয়ালৈকে এই বিস্ফোৰণত ৯গৰাকীকৈ লোক নিহত হৈছে। স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, ৩০ৰো অধিক লোক আহত হৈছে এই বিস্ফোৰণত। ইয়াৰে অধিক সংখ্যাকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জনাইছে প্ৰত্যক্ষদৰ্শীয়ে।
ইফালে দিল্লীৰ লীলাৱতী হস্পাতালৰ কৰ্তৃপক্ষই আহত সকলৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাই। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, আহত কিছু সংখ্যক লোকৰ দেহৰ অংগ চিন্ন-ভিন্ন হৈ গৈছে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে, এটা নহয়, দুটাই বিস্ফোৰণ সংঘটিত হৈছিল উক্ত সময়ত।
দিল্লীৰ এই বিস্ফোৰণৰ আঁৰত কোন সন্ত্ৰাসবাদী সংগঠন জড়িত হৈ আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাস্থলীত নিয়া আৰু এন এছ জিৰ লোকৰ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দিল্লীৰ বিস্ফোৰণৰ পাছতে পাঞ্জাৱ, হাৰিয়ানাৰ লগতে সমীপৱৰ্তী ৰাজ্যত জাৰি কৰা হৈছে হাই এৰ্লাট।
- Nov 10, 2025 20:20 IST
বোমা বিস্ফোৰণস্থলীৰ সূত্ৰপাত হোৱা জুইক লৈ কি কয় অগ্নিনিৰ্বাপক বাহিনীৰ লোকে...
#WATCH | Delhi: Blast near Red Fort | Deputy Chief Fire Officer AK Malik says, "We got information that there was a blast in a car near Chandni Chowk Metro Station. We responded immediately, and seven units were sent to the spot. At 7:29 PM, the fire was brought under control.… pic.twitter.com/lhSAPPRP5m
— ANI (@ANI) November 10, 2025 - Nov 10, 2025 20:16 IST
উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানাত হাই এৰ্লাট জাৰি...
- উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানাত হাই এৰ্লাট জাৰি।
- দিল্লীৰ সমীপৱৰ্তী আটাইকেইখন ৰাজ্যত জাৰি কৰা হৈছে এই হাই এৰ্লাট।
- বিস্ফোৰণত নিহতৰ সংখ্যা ২৫জনৰো অধিক হ'ব বুলি প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰিছে।
- বৰ্তমান হস্পাতালত থকা ৩গৰাকী লোকৰ অৱস্থা সংকটজনক।
- Nov 10, 2025 20:12 IST
বোমা বিস্ফোৰণস্থলীত উপস্থিত হৈছে ফৰেনচিকৰ দল...
বোমা বিস্ফোৰণস্থলীত উপস্থিত হৈছে ফৰেনচিকৰ দল। ঘটনাস্থলীত উপস্থিত এন এছ জি আৰু নিয়াৰ বিষয়া।
- Nov 10, 2025 20:11 IST
দিল্লীৰ লগতে মুম্বাইতো হাই এৰ্লাট জাৰি...
দিল্লীৰ চান্দনী চকত বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে সমগ্ৰ দিল্লীৰ লগতে মুম্বাইতো হাই এৰ্লাট জাৰি কৰা হৈছে। আহতসকলক দিল্লীৰ লীলাৱতী হস্পাতালত ভৰ্তি কৰা হৈছে।
- Nov 10, 2025 20:06 IST
বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ৯জনলৈ বৃদ্ধি...
দিল্লী বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ৯জনলৈ বৃদ্ধি। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us