সৰবৰাহকাৰীসহ মেঘালয়ত নিচাযুক্ত দ্ৰব্য জব্দ

ড্ৰাগছ সৰবৰাহৰ অভিযোগত অসমৰ চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে। ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষীয়ে উমকিয়াঙত তালাচী চলাই শিলচৰ গুৱাহাটী মুখী এখন তেলৰ টেংকাৰৰ পৰা হেৰ'ইনভৰ্তি ৪ টা চাবোনৰ বাকচ জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
25

ডিজিটেল সংবাদ, শিলচৰ : ড্ৰাগছ সৰবৰাহৰ অভিযোগত অসমৰ চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে। ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষীয়ে উমকিয়াঙত তালাচী চলাই শিলচৰ গুৱাহাটী মুখী এখন তেলৰ টেংকাৰৰ পৰা হেৰ'ইনভৰ্তি ৪ টা চাবোনৰ বাকচ জব্দ কৰে।

বাকচকেইটাৰ পৰা মুঠ ৪৫.৫ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। হেৰ'ইন সৰবৰাহৰ‌ অভিযোগত আৰক্ষীয়ে অসমৰ চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

ধৃত ব্যক্তি কেইজন গুৱাহাটী গড়চুকৰ শ্যামল বড়ো, কাছাৰ জিলাৰ কাটিগৰা খেলমাৰ মাতাব উদ্দিন, শ্ৰীভুমি জিলাৰ চিবেৰচ'কৰ আটাউৰ ৰহমান আৰু হাইলাকান্দি জিলাৰ কাটলিচৰা মাধৱপুৰৰ বিৰেণ সিং বুলি সদৰী কৰিছে ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে। ধৃত লোকজন আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহ চিণ্ডিকেটৰ সৈতে জড়িত বুলি দাবী মেঘালয় আৰক্ষীৰ।

মেঘালয়