/asomiyapratidin/media/media_files/2025/12/15/whatsapp-imag-2025-12-15-11-27-35.jpeg)
ডিজিটেল ডেস্কঃ এখন বিশেষ ব্যক্তিগত বিমান। যিখন বিমানে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। লিঅ'নেল মেছি ভাৰত ভ্ৰমণৰ বাবে অহা ব্যক্তিগত বিমানখনৰ দাম শুনিলে আপুনি আচৰিত হ'ব। লিঅ'নেল মেছিৰ ভাৰত ভ্ৰমণৰ সংগী তেওঁৰ নিজা প্ৰাইভেট জেট গাল্ফ’ষ্ট্ৰিম ভি। পিছে এই বিমানখন মুঠ ১৩৬ কোটি টকাত ক্ৰয় কৰিছে লিঅ'নেল মেছিয়ে। কিন্তু কি বিশেষত্ব আছে ১৩৬ কোটি টকাত ক্ৰয় কৰা বিমানখনত।
উল্লেখ্য যে, গাল্ফ’ষ্ট্ৰিম ভি হৈছে বিশ্বৰ আটাইতকৈ বিলাসী লং ৰেঞ্জ বিজনেছ জেট।মেছিৰ বিমানখনত মুঠ ১৪খন আসন আছে। কিন্তু এই আসনসমূহ প্ৰয়োজন সাপেক্ষে ৭খন বিচনালৈও ৰূপান্তৰিত কৰিব পাৰি। আনপিনে এই বিমানখনে এয়াৰ ট্ৰেফিকৰ পৰা হাত সাৰিবলৈ অতি উচ্চতাত উৰিব পাৰে। আনপিনে ৫১,০০০ ফুট উচ্চতাত উৰিব পাৰে বিমানখনেৰে। অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ এই বিমানখন।
/asomiyapratidin/media/post_attachments/wordpress/wp-content/uploads/2023/11/lionel-messi-s-gulfstream-v-631414.png?q=70&fit=crop&w=825&dpr=1)
সাধাৰণতে গাল্ফ’ষ্ট্ৰিম জেটৰ মূল্য ৯ মিলিয়ন ডলাৰৰ পৰা ১৪ মিলিয়ন ডলাৰৰ ভিতৰত পৰে। কিন্তু গাল্ফ’ষ্ট্ৰিম জেটৰ নতুন ভেৰিয়েণ্টৰ মূল্য ৪০ মিলিয়নতকৈও অধিক বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/15/17553439647733-2025-12-15-11-24-32.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us