কলকাতাত আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিয়’নেল মেছি

কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মেছিক অনুৰাগীয়ে উষ্ম আদৰণি জনাই। ২০১১ চনৰ পাছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।ইপিনে তেওঁৰ উপস্থিতিত প্ৰতিগৰাকী অনুৰাগী উৎসাহিত হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  কলকাতাত উপস্থিত আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিয়’নেল মেছি। কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মেছিক অনুৰাগীয়ে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয় । ২০১১ চনৰ পাছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। 

WhatsApp Image 2025-12-13 at 12.57.12 PM

উল্লেখ্য যে, কলকাতা, হায়দৰাবাদ, মুম্বাই আৰু নতুন দিল্লীকে ধৰি ভাৰতৰ চাৰিখন চহৰত ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব মেছিয়ে। কলকাতাৰ পৰা হায়দৰাবাদলৈ ৰাওনা হোৱাৰ পূৰ্বে আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰগৰাকীয়ে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব।তেওঁৰ উপস্থিতিত প্ৰতিগৰাকী অনুৰাগী উৎসাহিত হৈ পৰিছে। 

images (10)

প্ৰণিধানযোগ্য যে, বিমানবন্দৰৰ মেছি উপস্থিত হোৱাৰ পাছত পোনে পোনে হোটেললৈ যোৱা পৰিলক্ষিত হয় । ইপিনে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল বিমানবন্দৰত। আনফালে হোটেলৰ বাহিৰত অনুৰাগীৰ ব্যাপক ভিৰ দেখা পোৱা গৈছিল।

কিংবদন্তি ফুটবলাৰ লিয়’নেল মেছি