/asomiyapratidin/media/media_files/2025/08/22/ujjjd-2025-08-22-10-07-45.jpg)
ডিজিটেল ডেস্কঃ ৰাজনীতিলৈ আহিছো যেতিয়া চিৰদিন সিংহৰ দৰে থাকিম। কোনো দলৰ সৈতে মিত্ৰতা কৰি নিজৰ স্বকীয়তা হেৰাবলৈ নিদিওঁ। - আগন্তুক ২০২৬ৰ তামিলনাডু নিৰ্বাচনত বিজেপি আৰু ডি এম কে কাৰোৰে সৈতে মিত্ৰতা নকৰাৰ কথা ৰাজহুৱা কৰিলে টি ভি কেৰ মুৰব্বী তথা জনপ্ৰিয় অভিনেতা বিজয়ে।
টি ভি কে দলৰ দ্বিতীয়খন অভিৱৰ্তনত থেলাপতি বিজয়ে ঘোষণা কৰে যে, আগন্তুক নিৰ্বাচনত কোনো দলৰ সৈতে আমি মিত্ৰতা নকৰো। আমাৰ শত্ৰু হৈছে বিজেপি আৰু ডি এম কে। ফেচীবাদী আৰু দুৰ্নীতিত লিপ্ত এই দল দুটাৰ সৈতে কোনো মিত্ৰতা কেতিয়াও সম্ভৱ নহয়। আমাক অইন শক্তিৰ প্ৰয়োজন নাই, তামিলনাড়ু জনতাৰ আৰ্শীবাদেই আমাৰ একমাত্ৰ শক্তি।
উল্লেখ কৰা প্ৰয়োজন যে, ২৩৪জনীয়া তামিলনাডু বিধানসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব ২০২৬ৰ মাৰ্চ-এপ্ৰিল মাহত। ডি এম কেৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী এম কে ষ্ট্ৰালিনৰ নেতৃত্বত এই নিৰ্বাচনত ২০০ আসনত জয়ৰ লক্ষ্য ৰাখিছে। ইফালে বিজেপিয়েও অধিক সক্ৰিয় ৰূপত কাম আৰম্ভ কৰিছে ৰাজ্যখনত।