/asomiyapratidin/media/media_files/2025/09/01/lic-1-2025-09-01-22-14-30.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ভাৰতীয় জীৱন বীমা নিগমৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতীয় বীমা নিগমৰ ধেমাজি শাখা কাৰ্যালয়ৰ বীমা সপ্তাহ উদযাপন সমিতিৰ উদ্যোগত সোমবাৰৰ পৰা অহা ৭ ছেপ্তেম্বৰলৈক বীমা সপ্তাহ উদযাপনৰ শুভাৰম্ভ হয়৷ সোমবাৰে প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি পুৱা ১০ বজাত ভাৰতীয় জীৱন বীমা নিগমৰ ধেমাজি শাখা কাৰ্য্যালয়ৰ জ্যেষ্ঠ প্ৰৱন্ধক গৌৰি কান্ত সিংহাই পতাকা উত্তোলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে৷
পুৱা ১০.৩০ বজাত ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাই বন্তি প্ৰজ্বলন কৰে৷ এই উপলক্ষে ভাৰতীয় বীমা নিগমৰ ধেমাজি শাখা কাৰ্য্যালয়ৰ জ্যেষ্ঠ প্ৰৱন্ধক গৌৰি কান্ত সিংহাৰ সভাপতিত্বত এখনি শুভাৰম্ভণি সভা অনুষ্ঠিত হয়৷ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ৬৯ সংখ্যক বীমা সপ্তাহ উদযাপন সমিতিৰ সম্পাদক তথা ভাৰতীয় বীমা নিগমৰ ধেমাজি শাখাৰ জ্যেষ্ঠ উন্নয়ন বিষয়া নবল শংকৰ শইকীয়াই৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/01/lic-2025-09-01-22-14-08.jpeg)
উদ্দেশ্যে ব্যাখ্যাত উদযাপন সমিতিৰ সম্পাদক শইকীয়াই বৰ্তমান সময়ত ভাৰতীয় জীৱন বীমা নিগমৰ জনপ্ৰিয়তা আৰু প্ৰসাৰতাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলে সুন্দৰকৈ কিদৰে স্বাৱলম্বী হৈ উঠিব পাৰে সেই বিষয়ে উল্লেখ কৰি ভাৰতীয় জীৱন বীমা নিগমৰ ইতিহাসৰ বিষয়েও অৱগত কৰে৷
সভাত অতিথি হিচাপে উপস্থিত থাকি ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাই ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছামূলক বক্তব্যৰ লগতে বিভিন্ন সময়ত জীৱন বীমা নিগমৰ কৰ্মীসকলে কৰি অহা ত্যাগ আৰু কৰ্মক স্বীকাৰ কৰে৷ সভাত ভাৰতীয় জীৱন বীমা নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীদ্বয় অমীয় কুমাৰ গ্ৰাম আৰু নোমল চন্দ্ৰ দলে, জ্যেষ্ঠ উন্নয়ন বিষয়া ৰাজু বিশ্ব কৰ্মা, ভাৰতীয় জীৱন বীমা নিগমৰ ধেমাজি শাখাৰ অভিকৰ্ত্তা মনোজ বুঢ়াগোঁহাই প্ৰমুখ্যে বহুকেইগৰাকীয়ে ভাৰতীয় জীৱন বীমা নিগমত কৰি অহা কামকাজক ৰোমন্থন কৰি জীৱন বীমা নিজমৰ আগুন্তুক কাৰ্যসূচীসমূহৰ বাবে শুভেচ্ছা জনায়৷
সভাত জীৱন বীমা নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰী ক্ৰমে মহেশ্বৰ দেউৰী, অমীয় কুমাৰ গ্ৰাম, নোমল চন্দ্ৰ দলে, বিষ্ণুৰাম বড়োৰ লগতে ধেমাজি শাখাৰ জ্যেষ্ঠ অভিকৰ্তা তীখেশ্বৰ হাজৰিকাকো সম্বৰ্ধনা জনোৱা হয়৷ সভাৰ শেষত ভাৰতীয় জীৱন বীমা নিগমৰ শাখা প্ৰৱন্ধক তথা সভাৰ সভাপতিগৰাকীয়ে বক্তব্যত ভাৰতীয় জীৱন বীমা নিগমৰ শাখাটোৰ কামকাজকে ধৰি জীৱন বীমা নিগমৰ সোণোলী ইতিহাস বৰ্ণনা কৰি সভাত উপস্থিত থকা সকলোলৈকে শলাগ হয়৷
সভাৰ আৰম্ভণিতে শাখা প্ৰৱন্ধক তথা সভাপতিয়ে কেক কাটি ভাৰতীয় জীৱন বীমা নিগমৰ সকলোৰে মঙ্গল কামনা কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us