ঝাৰগাঁৱৰ খলনী মধ্য ইংৰাজী বিদ্যালয়ত পুথিভঁৰাল মুকলি

"প্ৰাথমিক বিদ্যালয়ত সাধাৰণতে সুকীয়া পুথিভঁৰাল নাথাকে। ইয়াত ব্যতিক্ৰমী ৰূপত এটা পুথিভঁৰাল নিৰ্মাণ কৰিছে। ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ'ব।"

author-image
Asomiya Pratidin
New Update
cxcxcxccxcc

ডিজিটেল সংবাদ, মায়ংঃ "প্ৰাথমিক বিদ্যালয়ত সাধাৰণতে সুকীয়া পুথিভঁৰাল নাথাকে। ইয়াত ব্যতিক্ৰমী ৰূপত এটা পুথিভঁৰাল নিৰ্মাণ কৰিছে। ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ'ব।"--এই মন্তব্য মৰিগাঁও জিলাৰ শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ। আজি মৰিগাঁও জিলাৰ মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ঝাৰগাঁৱৰ খলনী মধ্য ইংৰাজী বিদ্যালয়ত এটা পুথিভঁৰাল মুকলি কৰি এনেদৰে উল্লেখ কৰে শিক্ষা বিষয়া গৰাকীয়ে।

মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা প্ৰাথমিক শিক্ষা বিষয়া ড° অপূৰ্ব ঠাকুৰীয়াই ভাষণত আৰু কয় যে, আমি উমৈহতীয়াভাৱে সপোন দেখিলে, সকলোৱে আগবাঢ়ি আহিলে ,সেই সপোন বাস্তৱ হয়। বিদ্যালয়খনৰ হাতেলিখা আলোচনী 'গজালি'ৰ চতুৰ্থ সংখ্যাটি উন্মোচন কৰি শিক্ষা বিষয়া ড° ঠাকুৰীয়াই বিদ্যালয়ৰ পদক্ষেপৰ শলাগ লৈ কয় যে গজালিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিভা বিকাশৰ মনোবল পাব। এদিন ফলে- ফুলে জাতিষ্কাৰ হ'ব। পুথিভঁৰাল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মনহা স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি মহীকান্ত বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে বিদ্যালয়খনে গ্ৰহণ কৰা পদক্ষেপ প্ৰশংসনীয় বুলি উল্লেখ কৰে।

WhatsApp Image 2025-12-11 at 4.13.24 PM

আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা প্ৰালোচক বৰ্ষা বৰাই কয় যে, হাতেলিখা আলোচনীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনীশীল প্ৰতিভাৰ বিকাশত উল্লেখনীয় বৰঙণি আগবঢ়াব। অনুষ্ঠানত মনহা স্বৰ্ণ শাখা সাহিত্য সভাৰ উপসভাপতি ফণীধৰ ডেকা, জিলা প্ৰালোচক শৰ্মিষ্ঠা দেৱী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক কুমাৰ মেধিয়ে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়ৰ ছাত্ৰী সকলে নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজকান্ত ডেকা, শিক্ষয়িত্ৰী প্ৰিয়ংকা ডেকা ,বিনীতা দাস, শিক্ষক যতীন চন্দ্ৰ বিশ্বাস,শংকৰ চন্দ্ৰ ৰয়, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, পুথিভঁৰাললৈ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, অভিভাৱক আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰীয়ে শিশু উপযোগী পুথি আগবঢ়াইছে।

পুথিভঁৰাল