/asomiyapratidin/media/media_files/2025/08/09/51-2025-08-09-21-53-58.jpg)
ডিজিটেল সংবাদ, বোকাখাত : গ্রাম্য পুথিভঁৰালসমূহৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু সৰ্বাঙ্গীন বিকাশৰ উদ্দেশ্যে ১৯৮৫ চনৰ ২৭ জানুৱাৰীত প্রতিষ্ঠা হোৱা 'সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থা'ই ১৯৯২ চনৰ পৰা উদ্যাপন কৰি অহা ভাৰতৰ পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ ড⁰ শিৱালী ৰামমৃত ৰঙ্গনাথনৰ জন্মদিন ৯ আগষ্ট তাৰিখে 'পুথিভঁৰাল দিৱস' হিচাপে উদযাপন কৰি আহিছে। ঐতিহাসিক এই দিৱসটি সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থা, বোকাখাত মহকুমা সমিতিৰ উদ্যোগত কমাৰগাঁৱৰ বৰদিহিঙ্গীয়া গাঁওস্থিত 'ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া পুথিভঁৰাল'ৰ সহযোগত উক্ত পুথিভঁৰাল ভৱনত শনিবাৰে উদযাপন কৰা হয়।
কাৰ্যসূচী অনুসৰি আজি পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ ড০ শিৱালী ৰামমৃত ৰঙ্গনাথনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত গাঁও প্ৰধান লোকেশ্বৰ হাজৰিকাই। অসম গ্রাম্য পুথিভঁৰাল সন্থা, বোকাখাত মহকুমা সমিতিৰ সভাপতি দিলীপ বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।
সন্থাৰ সম্পাদক মুকুল বৰুৱাই আঁত ধৰা অনুষ্ঠানত ড০ শিৱালী ৰামমৃত ৰঙ্গনাথনৰ জীৱন বৃত্তান্তৰ সম্পৰ্কে নিদিষ্ট বক্তাৰ ভাষণ দিয়ে কমাৰগাঁও মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰীক জীতেন বৰাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বোকাখাত ডিফলুপৰীয়া সাহিত্য সভাৰ সভাপতি মিনতি দলে, অৱসৰপ্ৰাপ্ত গ্ৰন্থগাৰীক মনীমাধৱ মহন্ত,আপকুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ভবানন্দ কলিতা,সদৌ অসম পুথিভঁৰাল সন্থাৰ সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি বৰঠাকুৰ,গ্ৰন্থগাৰীক জ্যোতিমালা হাজৰিকা, সাংবাদিক পল্লৱ হাজৰিকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণ বৰুৱাই।
এই পৱিত্ৰ দিৱসতে 'গ্ৰন্থ পঢ়ক, সমাজ গঢ়ক' এই মূলবার্তা সৰোগত কৰি গ্ৰন্থ অধ্যয়নক মূলমন্ত্ৰ হিচাপে লৈ বছৰজোৰা কাৰ্যসূচীৰে বোকাখাত সমজিলাৰ সকলো স্তৰৰ ব্যক্তিৰ পৰা 'গ্ৰন্থ সংগ্রহ অভিযান'ৰ লগতে কিতাপ পঢ়াৰ এক আন্দোলন
সূচনা কৰাৰ ব্যৱস্থা কৰিছে অসম গ্রাম্য পুথিভঁৰাল সন্থা, বোকাখাত মহকুমা সমিতিয়ে । শলাগ জ্ঞাপন কৰে ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া সোঁৱৰণী পুথিভঁৰালৰ তত্বাবধায়ক মহেন শইকীয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us