ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থা, অসম পুথিভঁৰাল সংঘৰ উদ্যোগত বিলাসীপাৰাত গ্ৰন্থাগাৰিক দিৱস উদযাপন

ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থা, ধুবুৰীৰ  বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰকে আদিৰ সহযোগত আজি বিলাসীপাৰাত গ্ৰন্থাগাৰিক দিৱস উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থা, অসম পুথিভঁৰাল সংঘৰ উদ্যোগত বিলাসীপাৰাত গ্ৰন্থাগাৰিক দিৱস উদযাপন

ডিজিটেল সংবাদ ধুবুৰীঃ ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থা আৰু অসম পুথিভঁৰাল সংঘৰ উদ্যোগত, বিলাসীপাৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ সহযোগত আৰু ধুবুৰীৰ  বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ সহযোগত আজি গ্ৰন্থাগাৰিক দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আজি বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰত ভাৰতত আধুনিক গ্ৰন্থাগাৰ বিজ্ঞানৰ পুৰোধা ব্যক্তি ড০ এছ আৰ ৰংগনাথনৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তী প্ৰজ্বলন কৰে ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ আহ্বায়ক তথা অসম পুথিভঁৰাল সংঘৰ উপ সভাপতি ড০ হৰিচৰণ দাসে।

অনুষ্ঠানত বিলাসীপাৰা মহাবিদ্যালয়ৰ ছাত্রী দীপা দাসক গ্ৰন্থ আৰু গামোচাৰে ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ শ্ৰেষ্ঠ পাঠকৰ সন্মান জনোৱা হয়। আনহাতে বিলাসীপাৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনত গ্ৰন্থ প্ৰণাম, গ্ৰন্থ দান,  আৰু বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়।

ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থা, অসম পুথিভঁৰাল সংঘৰ উদ্যোগত বিলাসীপাৰাত গ্ৰন্থাগাৰিক দিৱস উদযাপন

গ্ৰন্থ প্ৰণাম উপলক্ষে নিকেতন খনৰ আচাৰ্যা আৰু ছাত্র-ছাত্ৰীসকলে ড০ হৰিচৰণ দাসে ৰচনা কৰা "গ্ৰন্থ প্ৰণাম সংগীত" পৰিৱেশন কৰে। অনুষ্ঠানত ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থা আৰু অসম পুথিভঁৰাল সংঘৰ তৰফৰ পৰা নিকেতনখনৰ গ্ৰন্থাগাৰলৈ এটি গ্ৰন্থৰ টোপোলা আগবঢ়োৱা হয়।

বিলাসীপাৰা