/asomiyapratidin/media/media_files/2025/09/01/sithi-2025-09-01-13-34-21.jpg)
অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজিৰ এই প্ৰতিযোগিতাত ঘিলামৰাৰ, ৮০৫ নং ঘিলামৰা টাউন এল পি স্কুলৰ ছাত্ৰী মাজনী গোহাঁয়ে লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....
মালৈ লিখা চিঠি
মধ্যপ্ৰদেশ, ভূপাল
দিনাংক ২৮-০৮-২০২৫
পৰম পূজনীয়া মা
প্ৰথমে মোৰ সেৱা গ্ৰহণ কৰিবা। বৰ্তমান মোৰ ভাল। আশা কৰো ঈশ্বৰৰ কৃপাত তোমাৰো ভাল।
আমাৰ ছেপ্তেম্বৰ মাহত পৰীক্ষা আৰম্ভ হ’ব। মই পৰীক্ষাৰ বাবে ভালদৰে পঢ়া- শুনা কৰি আছো। আমাৰ পৰীক্ষাৰ পাছতেই দুৰ্গা পূজা আৰম্ভ হ’ব, এইবাৰ পূজাত মা তুমি ঘৰলৈ আহিবানে ?
এইকেইদিন তোমালৈ বৰকৈ মনত পৰি আছে। পূজাৰ সময়ত তুমি গৰত থকা হ’লে একেলগে পূজা চালো হয় আৰু বহুত বেছি ভাল লাগিল হয়। পূজনীয় দেউতা আৰু দাদা বৰ্তমান ভালেই আছে। আশা কৰো তুমি নাহিলেও তাতেই কুশলে থাকা, খোৱা- লোৱা ভালদৰে কৰিবা, সদায় নিজৰ যত্ন ল’বা। শেষত মোৰ সেৱা ল’বা।
ইতি,
তোমাৰ মৰমৰ
মাজনী গোহাঁই
স্কুল- ৮০৫ নং ঘিলামৰা টাউন এল পি স্কুল
ডাকঘৰ- ঘিলামৰা
পিন- ৭৮৭০৫৩
ফোন- ৮৪০৪০৩০৫৭৫
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/01/whatsa-2025-09-01-13-33-51.jpeg)
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us