ককা, এইবাৰ আইতাৰ সৈতে দৰঙত পাচেতি উৎসৱ চাবলৈ আহিব...

প্রতি বছৰে ভাদ আৰু আহিন মাহৰ দোমাহীত এই উৎসৱ পালন কৰা হয়। ককা, মই বিভিন্ন কিতাপত পোৱা অনুসৰি পাচেতি আই সকলৰ উৎসৱ। সাধাৰণ অর্থত ল'ৰা-ছোৱালী ভূমিষ্ঠ হোৱাৰ পাঁচ দিনৰ দিনা কৰা উৎসৱ।

author-image
Asomiya Pratidin
New Update
sithi

অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজিৰ এই প্ৰতিযোগিতাত পি এম শ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়াংশ্ৰী শিৱমে লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....

শ্রদ্ধাৰ ককা

মোৰ হিয়াভৰা সেৱা গ্রহণ কৰিব । বহু দিনৰ মূৰত আপোনালৈ বুলি লিখিলো। আপোনাৰ আৰু আইতাৰ খবৰ ভালনে ককা? আশাকৰো ভালে আছে। মোৰ আৰু মা-দেউতাৰ ভাল বাৰু।

ককা চাওঁতে চাওঁতে সৃষ্টিকর্তা বিশ্বকর্মা পূজা আহিলেই নহয়। আপুনি জানেনে আমাৰ দৰঙৰ ঘটৰা সত্ৰত এই বিশ্বকর্মা পূজাৰ সময়তেই পাচেতি উৎসৱ উদযাপন কৰা হয়। পাচেতি উৎসৱ কি জানানে ককা, মহাপুৰুষ মাধৱদেৱৰ আজ্ঞাত লেচা-কনীয়া গোবিন্দ আতাই ১৫৬৮ চনতে প্রতিষ্ঠা কৰা খতৰা সত্ৰৰ পাচেতি কৃষ্ণ ভক্তিৰ এক উল্লেখযোগ্য উৎসৱ।

প্রতি বছৰে ভাদ আৰু আহিন মাহৰ দোমাহীত এই উৎসৱ পালন কৰা হয়। ককা, মই বিভিন্ন কিতাপত পোৱা অনুসৰি পাচেতি আই সকলৰ উৎসৱ। সাধাৰণ অর্থত ল'ৰা-ছোৱালী ভূমিষ্ঠ হোৱাৰ পাঁচ দিনৰ দিনা কৰা উৎসৱ।

 জন্মাষ্টমীৰ পৰৱৰ্তী দিনটো নন্দোৎসৱ নামে জনা যায়। কাৰণ সেইদিনা নন্দৰ পুৰীত উৎসৱৰ আয়োজন কৰা হৈছিল। পাচেতি নন্দোৎসৱৰ পৰৱর্তী উৎসৱ। সাধাৰণতে পচেতি উৎসৱ জন্মাষ্টমীৰ পাঁচ দিনত পাতিব লাগে। যদিও কোনো কোনো ঠাইত নন্দোৎসৱ অথবা তাৰ পাছদিনাই এই উৎসৱ উদযাপন কৰা দেখা যায়।

পাচেতিৰ আকর্ষণীয় কার্যসূচী হ'ল দধি মথন। দধিমাথনৰ গীত আৰু নৃত্য পৰিবেশন কালত গীতৰ প্রসঙ্গ অনুযায়ী কৃষ্ণৰূপী শিশুৱে দুষ্টালিবোৰ কৰি যায়। যশোদাই মথন কার্য সামৰি কৃষ্ণক কোলাত লোৱাৰ ভঙ্গীমাৰে দধিমথন কার্যৰ সামষণি মাৰে। দধিমথনৰ অন্তত ৰভাথলিত নাম-কীর্তন কৰা হয়।

কৃষ্ণৰ বন্দনা সদৃশ এই নাম কীর্তনৰ পাছত পূর্বে ৰভাথলিত স্থাপন কৰা ভাগৱত পুথিখন খোল বাদনেৰে গীত পদ গাই পুনৰ নামঘৰৰ মণিকূটত স্থাপন কৰা হয়। নিশা একে স্থানতে দধিমথন ভাওনা প্রদর্শিত হয়। এয়াই মূল পাচেতিৰ আগদিনা কৰা গোন্ধ বা অধিবাস। পাছদিনা অর্থাৎ দোমাহীৰ দিনা সত্রৰ দেওৰীয়ে গা-পা ধুই পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি নামঘৰত শৰাই পাতি চাকি-বন্তি জ্বলায়।

 তাৰ পাছত ভক্তসকলে কীর্তন কৰি আগদিনাৰ দৰে ভাগৱত পুথিখন নামঘৰৰ বাহিৰৰ ৰভাৰ খলাত পুনঃ স্থাপন কৰে। পুথিখনৰ ওচৰত 'কৃষ্ণ' সাদৃশ্য 'কুশ' মূর্তিটা নামঘৰৰ পৰা উলিয়াই আনি স্থাপন কৰা হয়। দুপৰীয়া পুনৰ দধিমথন কার্য কৰা হয় । পাছ দিনা অর্থাৎ বাহি পাচেতিৰ দিনা সভাখলাত ভক্তসকলে বোকা ভাওনা খেলে।

এই উৎসৱতে সত্রত নাম-কীর্তন, দধিমথন, ভাওনা আৰু অন্যান্য কার্যসূচীত স্থানীয় ৰাইজৰ লগতে অসমৰ বিভিন্ন প্রান্তৰ লোকে অংশ গ্রহণ কৰে। ইয়াৰ সমান্তৰালভাবে পাচেতিৰ দুয়োদিনে সত্ৰৰ প্ৰাংগনত বৃহৎ মেলা বহে। পাচেতি মহোৎসৱত প্রতি বছৰে লক্ষ্যধিক লোকৰ সমাগম হয়।

ককা, এইবাৰ আপুনি আইতাৰ সৈতে এই পাচেতি উৎসৱত অংশ গ্রহণ কৰিবলৈ আমাৰ ঘৰলৈ আহিব। আমি একে লগে পাচেতি চাব যাম। আশা কৰো আপোনালোক আহি অতিকৈ আনন্দিত হোৱাৰ লগতে মোকো আনন্দিত কৰিব।

মঙলদৈ চিঠি লিখা প্ৰতিযোগিতা