ককা, আজি-কালি সৰু ডাঙৰ সকলো মোবাইলতে ব্যস্ত হৈ থাকে....

আজি-কালি সৰু ডাঙৰ সকলো মোবাইলত ব্যস্ত হৈ থাকে। এজাক ডেকা ল'ৰা একেলগে থাকে, অথচ তেওঁলোকে কোনো কথা-বতৰা নাপাতে।

author-image
Asomiya Pratidin
New Update
চিঠি  5

অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজিৰ এই প্ৰতিযোগিতাত ৮০৫ নং ঘিলামৰা টাউন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ দীপ্ত প্ৰাণ শইকীয়াই লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....


পৰম পূজনীয় ককা,
প্ৰথমে মোৰ সেৱা গ্ৰহণ কৰিব। আইতা আৰু মাহীকো মোৰ সেৱা আৰু মৰম জনাব। বৰ্তমান আমাৰ সকলোৰে ভাল। ভগৱানৰ কৃপাত আপোনালোকৰো ভাল চাগে। 

ককা, আপোনালোকে বৰ্তমান কি কৰি আছে? মোবাইলৰ যোগেদি আপোনালোকৰ খা-খবৰ পাই আছো যদিও আপোনাক আচৰিত কৰিবলৈকে এই চিঠিখন লিখিলো। আজি-কালি সৰু ডাঙৰ সকলো মোবাইলত ব্যস্ত হৈ থাকে। এজাক ডেকা ল'ৰা একেলগে থাকে, অথচ তেওঁলোকে কোনো কথা-বতৰা নাপাতে। আগৰ দিনত আপোন জনলৈ চিঠি লিখি খবৰ খাতি লোৱাৰ কথাও আপুনি কৈছিল। আজি কালি মোবাইল হোৱাৰ পৰা কোনেও চিঠি নিলিখা হ'ল বুলি যে আপুনি বৰ দুখ কৰিছিল! আজি সেইবাবে মই চিঠি লিখি আপোনালোকৰ খবৰ লওঁ বুলি ভাবিলো। মায়ে কৈছে আগতে চিঠিৰ জৰিয়তে পোৱা মৰম, চেনেহবোৰ হেনো বৰ নিভাঁজ আৰু আন্তৰিকতাপূৰ্ণ আছিল। চিঠি দিওতা জনেও উত্তৰ পাবলৈ বৰ আগ্ৰহেৰে বাট চাইছিল। আগৰ সেই দিনবোৰ আজিকালি হেনো নোহোৱা হ'ল। স্কুললৈ যাওঁতে মায়ে সদায় কয়, "অচিনাকী মানুহৰ লগত কথা নাপাতিবা, আনে দিয়া বস্তু নাখাবা, অচিনাকী মানুহৰ গাড়ীত নুঠিবা। মায়ে এনেকৈ কিয় কয় বাৰু? সৰুতে আপুনি স্কুললৈ যাওঁতেও আজো আইতাই আপোনাক তেনেকৈ কৈছিল নেকি? আপুনি কিন্তু সকলো কথা মোক চিঠিৰে জনাব দেই। মই বাট চাই থাকিম।

পুনৰ সকলোলৈ মোৰ সেৱা আৰু মৰম জনালোঁ। 

ইতি
আপোনাৰ মৰমৰ নাতি
দীপ্ত প্ৰাণ শইকীয়া


ঠিকনা
শ্ৰী দীপ্ত প্ৰাণ শইকীয়া
৮০৫ নং ঘিলামৰা টাউন প্ৰাথমিক বিদ্যালয়
পঞ্চম শ্ৰেণী
চৌখামঘাট গাওঁ
পিন- ৭৮৭০৫৩

চিঠি চিঠি লিখা প্ৰতিযোগিতা