/asomiyapratidin/media/media_files/2025/09/05/ooo-2025-09-05-15-48-04.jpg)
অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজিৰ এই প্ৰতিযোগিতাত অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বাস্তৱ দাসে লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....
হেঙেৰাবাৰী, গুৱাহাটী
৩০/০৮/২০২৫
মৰমৰ দাদা,
প্রথমে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু হিয়াভৰা মৰম ল'বা। আজি বহুদিনেই হল, তোমাৰ পৰা কোনো চিঠি পত্র পোৱা নাই। আশা কৰোঁ, ককা-আইতা, মামা-মামী সকলোৰে ভাল। মোৰা ভালেই। তোমালোকৰ সেইফালে বতৰ কেনে? ভূঁই ৰুলানে? পিছে আমাৰ গুৱাহাটী মহানগৰত বিৰাট গৰম। বাহিৰলৈ ওলাই যাবই নোৱাৰি। গৰম দিলে উৎকট গৰম, বৰষুণ দিলে মুষলধাৰ বৰষুণ- এয়াই হৈছে আজিৰ গুৱাহাটী মহানগৰৰ পৰিৱৰ্তিত দৃশ্য।
আচলতে এই দৃশ্যৰ উদ্ভাৱকেই হল মানৱ জাতি। দিনে দিনে ক্রমাৎ বাঢ়ি আহিছে জনসংখ্যা। আজিকালিৰ মানুহে কতনো গাঁৱত বাস কৰিব? সেয়ে সকলোৱে এতিয়া ঢাললি মেলিছে গুৱাহাটী মহানগৰলৈ বুলি- য'ত নেকি তেওঁলোকে পাব বিভিন্ন সা-সুবিধা, যাতায়াত-যোগাযোগ ব্যৱস্থা সুগম, শিক্ষা ব্যৱস্থা উন্নত আদি। আগেয়ে গুৱাহাটী মহানগৰত থাকি যি আমেজ পোৱা গৈছিল, সেয়া যেন এতিয়া লাহে লাহে নোহোৱা হৈছে। দাদা, তুমি জানানে, গুৱাহাটী মহানগৰ এতিয়া হৈ পৰিছে এখন কংক্রীটৰ হাবিসদৃশ। চাৰিওফালে ওখ ওখ অট্টালিকা, অত্যাধুনিকতাৰে আৱৰি আছে গুৱাহাটী। আকৌ প্রদূষণতো আছেই। বায়ু প্ৰদূষণ, শব্দ প্রদূষণ, ভূমি প্রদূষণ, তেজস্ক্রীয় প্রদূষণ।
দাদা, তোমাৰ আছেনে মনত, আমি যে সৰুকালত গাঁৱৰ পৰিৱেশত কি কি যে কৰা নাছিলোঁ! খেলা-ধূলা, গছ-গছনিৰ ফল পাৰি খোৱা, ভূঁই ৰোৱা, বৰশী বোৱা আদিকে ধৰি কত কিমান! লগতে জোনাক ৰাতি চোতালত বহি আকাশৰ তৰাবোৰ চাই আইতাই কোৱা জোনবাইৰ দেশৰ সাধুবোৰ শুনি, নিচুকনি গীতবোৰ শুনি কিমান যে ভাল লাগিছিল! মনত এক শান্তিয়ে বিৰাজ কৰিছিল। কিন্তু দাদা, গুৱাহাটীলৈ অহাৰ পিছত যেন সকলো সলনি হৈ গ'ল। প্রথম কেইদিনমান ভালেই লাগিছিল, যেতিয়া গুৱাহাটী মহানগৰখন পোন প্রথমবাৰৰ বাৱে দেখিছিলোঁ। বৰ সুখেৰে অতিবাহিত কৰিছিলোঁ সময়বোৰ, যদিও ইয়াত গাঁৱৰ সেই সৰুকলীয়া স্মৃতিবোৰ নাপাইছিলোঁ। কিন্তু ক্রমান্বয়ে এতিয়া সেই সুখ দুখলৈ ৰূপান্তৰিত হল। গাঁৱত সৰুতে দেখা সেই জোনাক ৰাতিৰ তৰাবোৰ এতিয়া গুৱাহাটীত দেখা নাযায়। বর্তমান প্রদূষণে সমগ্র গুৱাহাটী মহানগৰখনক খামোচ মাৰি ধৰি গ্ৰাস কৰি পেলাইছে।
দাদা, এইখিনিতে তোমাক কওঁ যে, যিখন গুৱাহাটী এটা সময়ত প্রকৃতিৰ অপৰূপ সৌন্দর্য্যৰ আবৃত্ত ঠাই আছিল, কেওফালে কেৱলে গছ-বন, চৰাই-চিৰিকটি, বনাঞ্চল আদিৰে পৰিপূর্ণ আছিল, সেই গুৱাহাটীখন বর্তমান আধুনিকীকৰণৰ ফলত যেন কৰবাতে হেৰাই থাকিল। তাৰ ঠাইত নৱ কাঁচোনৰ গুৱাহাটীখনত অশান্তিয়ে গা কৰি উঠিল।
কৃত্রিম বানপানীৰ সমস্যাই হওঁক কিম্বা প্ৰদূষণ, সকলো দিশতে কেৱল আমিয়েই সমস্যাৰে ভাৰাক্রান্ত হৈ আছোঁ। বিচাৰিও যেন উলিয়াব পৰা নাই এটি দীর্ঘস্থায়ী সমাধান। তুমিও জনাবাচোন তোমাৰ মতামত। যি নহওঁক, এইবাৰ দুর্গা পূজাত তোমালোকৰ ঘৰলৈ যোৱাৰ কথা। ভিতৰে ভিতৰে কিমান যে ভাল লাগি আছে জানানে? আমি খুব স্ফূর্তি কৰিম দেই, এপলক স্বাস্তিৰ শ্বাস ল'ম, নিজকে বিলীন কবি দিম সেউজীয়াৰ মাজত। দেখিম চাৰিওদিশে কেৱল সেউজীয়া, সেউজীয়া আৰু সেউজীয়া। দুয়ো মিলি গুণগুণাম..
“এই আকাশ বৰ বিশাল
এই পথাৰ বৰ ৰসাল..."
শেষত, পুনৰবাৰ তোমালৈ অলেখ মৰম যাঁচিলো। তোমাৰ মনৰ ভাব ব্যক্ত কবি মোলৈও এখন চিঠি লিখিবাচোন।
ইতি,
তোমাৰ মৰমৰ ভাইটি
বাস্তৱ
প্রতি,
নিকুমণি বর্মন
কৈঠালকুছি
ডাকঘৰ : কেঠালকুছি
জিলা: নলবাৰী
পিন : ৭৮১৩৭০
প্রতিযোগীৰ নাম: বাস্তৱ দাস
শ্রেণী: অষ্টম
স্কুল : অসম জাতীয় বিদ্যালয়, নুনমাটি,
গুৱাহাটী-৭৮১০২০