New Update
/asomiyapratidin/media/media_files/2025/09/03/sithi-2025-09-03-11-23-32.jpg)
অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজিৰ এই প্ৰতিযোগিতাত ঘিলামৰাৰ, ৮০৫ নং ঘিলামৰা টাউন এল পি স্কুলৰ ছাত্ৰী জেচমিন বৰুৱাই লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....
প্ৰিয় আইতা,
সেৱা গ্ৰহণ কৰিব। তোমালোকৰ আশীৰ্বাদত মই ভালেই আছো। আশা কৰো- ভগৱানৰ কৃপাত তুমি আৰু ঘৰৰ সকলো কুশলে আছা।
আইতা তোমাক বহুদিন দেখা নাই। সেয়ে তোমালৈ বহুতে মনত পৰি আছে, সেয়ে একলম লিখো বুলি ভাবি হাতত কলম ল’লো। আইতা ঘৰৰ সকলোৱে একেগলে এসাঁজ খাবলৈ বহুত মন গৈছে। বিশেষকৈ তোমাৰ হাতেৰে বনোৱা মাংসৰ আঞ্জাখিনিলৈ বহুত লোভ লাগিছে। লগতে তোমাৰ হাতেৰে কল আৰু পিঠাগুড়ি সানি লাডু বনাই দিয়া সেইবোৰ খাবলৈ মন গৈছে।
এইবাৰ বন্ধত ঘৰলৈ কেইদিনমানৰ বাবে যাম বুলি ভাবিছো। বন্ধত তোমাক দেউতাই মাতিছে। তোমাক দেউতাই ডাক্তৰৰ ওচৰলৈ নিম বুলি কৈছে। তুমি যে চকুকেইটা অসুবিধা পাই থকা বুলি কৈছা সেই বাবে ডাক্তৰক দেখুৱাব।
তুমি আহিবৰ বাবে সাজু হৈ থাকিবা। বাকীখিনি আমি গৈ তোমালোকৰ লগত আলোচনা কৰিম গৈ। আইতা ইয়াতে মই সামৰণি জনালোঁ। অৱশেষত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
ইতি,
তোমাৰ অতি মৰমৰ
জেচমিন বৰুৱা
৮০৫ নং ঘিলামৰা টাউন প্ৰাথমিক বিদ্যালয়
শ্ৰেণী- পঞ্চম
পিন- ৭৮৭০৫৩
ফোন- ৮৮৭৬৬৪৪৩৮৩