/asomiyapratidin/media/media_files/2025/08/14/main-file-1-2025-08-14-11-47-06.jpg)
অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত বৈঠালাংছৰ ছাত্ৰ ৰোজ মিলিয়ে লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....
পূজনীয়া আইতা
মোৰ মৰম ল’বা। মই তোমাৰ চিঠিখন পঢ়িলো আইতা। মই ভালে আছো আইতা। ককা ভালে আছেনে? এই চিঠিৰ লগতে তোমালৈ মই নতুন কাপোৰ পঠিয়াইছো। এই কাপোৰখন মই নিজে বনাই দিছো, তুমি পিন্ধি চাবা দে আইতা। এইবাৰ গৰমৰ বন্ধত মই তোমালোকৰ ঘৰলৈ যাব নোৱাৰিলো। কাৰন মাহ’তে খেতি কৰাৰ বাবে খেতিত ময়ো সহায় কৰিব লাগে। কিন্তু আইতা, এইবাৰ মই যাব নোৱাৰিলেও অহা মহাত মই তোমালোকৰ ঘৰলৈ যাম দে আইতা। সেই সময়ত মই অকলে নহয়, দাদা, ভন্টি, মা আৰু দেউতাও যাব। আমাৰ পৰিয়ালৰ একেলগে তোমাৰ ওচৰলৈ যাম আইতা। তোমাক পুনৰ মৰম দিলো।
ইতি
ৰোজ মিলি
বৈঠালাংছ
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/14/whatsapp-2025-08-14-11-45-21.jpeg)
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us