আইতা আৰু ককা, মোক সদায় যি মৰম আৰু সাহস দি আহিছে, তাৰবাবে মই চিৰ কৃতজ্ঞ...

আপোনালোকে মোক সদায় যি মৰম আৰু সাহস দি আহিছে, তাৰবাবে মই চিৰ কৃতজ্ঞ। আপোনালোকৰ অনুপস্থিতিতো মই আপোনালোকক স্মৰণ কৰোঁ। 

author-image
Asomiya Pratidin
New Update
চিঠি 13

অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত নলবাৰী বকুৱাজাৰীৰ বিবেকানন্দ বিদ্যা নিকেতনৰ ছাত্ৰ  কংকন বৰ্মনে লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....

তাং- ১৩ জুলাই ২০২৫

মৰমৰ আইতা আৰু ককা,

আশা কৰো আপোনালোক কুশলে আছে। মইও ইয়াত ভালে আছো। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই পঢ়া-শুনা আৰু কাম-কাজবোৰ কৰি আছো। 

আপোনালোকে মোক সদায় যি মৰম আৰু সাহস দি আহিছে, তাৰবাবে মই চিৰ কৃতজ্ঞ। আপোনালোকৰ অনুপস্থিতিতো মই আপোনালোকক স্মৰণ কৰোঁ। 

আপোনালোকে ঘৰত কেনেদৰে আছে, মোৰ বাবে চিন্তা নকৰিব। মই সোণকালে আপোনালোকক লগ পাবলে আহিম। তেতিয়ালৈকে ভালদৰে থাকক আৰু সুস্থ থাকক।

আপোনালোকৰ মৰমৰ নাতি
নাম - কংকন বর্মন
গাঁত্ত-  বকুৱাজাৰী
ডাকঘৰ- বকুৱাজাৰী
বিদ্যালয়- বিবেকানন্দ বিদ্যা নিকেতন 
জিলা = নলবাৰী, অসম

নলবাৰী