'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ চিঠি লেখা প্ৰতিযোগিতা : প্ৰজ্বলিতা বৰাক মাহটোৰ শ্ৰেষ্ঠ চিঠিৰ পুৰস্কাৰ প্ৰদান

নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষাৰ চৰ্চা আৰু প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া প্ৰতিদিন ডিজিটেলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰিছিল চিঠি লেখা প্ৰতিযোগিতাৰ। প্ৰথম মাহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশ ল’লে এই প্ৰতিযোগিতাত।

author-image
Asomiya Pratidin
New Update
179

ডিজিটেল ডেস্ক : নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষাৰ চৰ্চা আৰু প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া প্ৰতিদিন ডিজিটেলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰিছিল চিঠি লেখা প্ৰতিযোগিতাৰ। প্ৰথম মাহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশ ল’লে এই প্ৰতিযোগিতাত।

Advertisment

দুটা শাখাত অনুষ্ঠিত কৰা হৈছিল এই চিঠি লেখা প্ৰতিযোগিতা। ২২জুলাই, ২০২৫ৰ পৰা ২২আগষ্ট, ২০২৫ৰ লৈকে  প্ৰথম মাহৰ চিঠিসমূহ ইতিমধ্যে প্ৰকাশ হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলত। এই মাহটোত ‘ক’ শাখাৰ বাবে শ্ৰেষ্ঠ চিঠি পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা নহ’ল। আনহাতে ‘খ’ শাখাত এই মাহৰ শ্ৰেষ্ঠ চিঠিৰ পুৰস্কাৰ লাভ কৰে বি বৰুৱা মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্বলিতা বৰাই। 

WhatsApp Image 2025-08-25 at 4.22.53 PM

উল্লেখযোগ্য যে, 'ক' শাখাত চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে আৰু 'খ' শাখাত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সামৰি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। সোমবাৰে চানমাৰিস্থিত সাদিন- প্ৰতিদিন গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত শ্ৰেষ্ঠ চিঠি লেখা প্ৰতিযোগিতাৰ মাহটোৰ শ্ৰেষ্ঠ প্ৰতিযোগী প্ৰজ্বালিতা বৰাক পুৰস্কাৰ প্ৰদান কৰা হয়।

WhatsApp Image 2025-08-25 at 1.57.50 PM

প্ৰজ্বালিতাক প্ৰথমে এখন গামোছাৰে সম্বৰ্ধনা জনাই প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামীয়ে। তেওঁক নগদ ধন, কিতাপৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰে সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। 

WhatsApp Image 2025-08-25 at 4.24.37 PM

পুৰস্কাৰ বিতৰণৰ এই অনুষ্ঠানটোৰ আঁত ধৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। অনুষ্ঠাটিত অসমীয়া প্ৰতিদিন ডিজিটেল আৰু প্ৰতিদিন টাইম ডিজিটেলৰ ডেস্ক এডিটৰ ক্ৰমে মৃদুল কুমাৰ সন্দিকৈ, সন্দীপন তালুকদাৰকে প্ৰমুখ্য কৰি দুয়োখন ডেস্কৰ সাংবাদিক তথা সংবাদকৰ্মীসকল উপস্থিত থাকে। 

WhatsApp Image 2025-08-25 at 1.57.51 PM

প্ৰণিধানযোগ্য যে, চিঠি লেখা প্ৰতিযোগিতাত খ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰজ্বালিতা বৰাৰ চিঠিখনৰ বিষয় আছিল কৃত্ৰিম বুদ্ধিমত্তা। আইতাকলৈ সম্বোধন কৰি লিখা চিঠিখনৰ শিৰোনাম আছিল-  মৰমৰ আইতা, কৃত্ৰিম বুদ্ধিমত্তাৰ কথা জানানে তুমি? 

অন্যহাতে প্ৰথম মাহটোত অসমীয়া প্ৰতিদিন ডিজিটেলৰ চিঠি লেখা প্ৰতিযোগিতাত অংশ লোৱা আন প্ৰতিযোগী সকল আছিল ক্ৰমে, ভায়লিনা বৰা, ধৃতাশ্ৰী ভৰদ্বাজ, নিহাৰীকা বৰা, নিহাৰিকা নাথ, গহনা চক্ৰৱৰ্তী, শুভাংকৰ শইকীয়া, স্নেহাপ্ৰিয়া বৰদলৈ, প্ৰজ্ঞা দিহিঙীয়া, দিগন্ত বৰা, ৰোজ পল্লৱ, কংকন বৰ্মন, ৰক্তিম তহবিলদাৰ, ৰোজ মিলি,  আৰু ৰিয়ান আদি।

WhatsApp Image 2025-08-25 at 1.57.49 PM

এই প্ৰতিযোগিতাৰ ধাৰাবাহিকতা অব্যাহত থাকিব। প্ৰতিযোগিতাত অংশ ল’ব খোজা প্ৰতিযোগীসকলে হোৱাটছ এপ নম্বৰ ৬০০০৯ ৫৩৪৩৪ বা ৯৪৩৫০৬২৬৭৮ নম্বৰলৈ চিঠি প্ৰেৰণ কৰিব পাৰিব। আৰু প্ৰতিযোগিতাৰ নিয়মাৱলী এনেধৰণৰ-

WhatsApp Image 2025-08-25 at 1.56.09 PM

চিঠি লিখা প্ৰতিযোগিতা