/asomiyapratidin/media/media_files/2025/07/31/web-ap-1-4-2025-07-31-15-31-45.jpg)
ডিজিটেল ডেস্কঃ অসমৰ ১৩টাকৈ অনুসূচিত জাতিৰ সংগঠনে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ বিশেষ পত্ৰ প্ৰেৰণ কৰি অসম চৰকাৰে গ্ৰহণ কৰিব খোজা সিদ্ধান্তৰ হস্তক্ষেপ দাবী উত্থাপন কৰিছে ৷ অসমৰ কেইবা লক্ষ কেওঁট সম্প্ৰদায়ক ৰাজ্য চৰকাৰে অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ যো-জা চলোৱাত সোচ্ছাৰ হৈ থকা সংগঠনকেইটাই মুখ্য ন্যায়াধীশলৈ বিশেষ পত্ৰ প্ৰেৰণ কৰে ৷ কেৱল মুখ্য ন্যায়াধীশকে নহয়, দিল্লীলৈ পাঁচখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠনকেইটাই ৷
ইফালে, অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ, কেন্দ্ৰীয় সামাজিক ন্যায় বিভাগৰ সচিব, অনুসূচিত জাতি-জনজাতিৰ সংসদীয় সমিতি, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, দেশৰ শীৰ্ষ আদালতৰ মুখ্য ন্যায়াধীশ বি.আৰ গবাই, অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সুকীয়া সুকীয়াকৈ স্মাৰক পত্ৰ প্ৰদান কৰি অসম চৰকাৰে কেওঁটসকলক অনুসূচিত জাতিৰ মৰ্যাদা দিব খোজা সিদ্ধান্তত হস্তক্ষেপ দাবী কৰিছে সংগঠনকেইটাই ৷ ২৯ জুলাইত সংগঠনকেইটাই ছয়খনকৈ স্মাৰক প্ৰদান কৰি কেওঁট জনগোষ্ঠীক অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব খোজা প্ৰস্তাৱৰ বিৰুদ্ধে আপত্তি দৰ্শাই ৷ সংগঠনকেইটাই মুখ্য ন্যায়াধীশ, বিৰোধী দলপতি, আয়োগৰ অধ্যক্ষ, সংসদ সমিতি আদিৰ লগতে অসমৰ ৰাজ্যপালক কেওঁটসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান নকৰিবলৈ আহ্বান জনায়৷
চৰকাৰৰ শেহতীয়া সিদ্ধান্তক অসাংবিধানিক, অসামাজিক আৰু অমানৱীয় বুলি দাবী কৰে সংগঠনকেইটাই ৷ অসম অনুসূচিত জাতি পৰিষদ, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলন, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, মিছন জয় ভীম, ইউনাইটেড বহুজন ৰিপাব্লিকান একচন সমিতি অৱ ইণ্ডিয়া, কৈৱৰ্ত মহিলা সভা-অসম, হীৰা সন্মিলনী, অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ, সদৌ অসম হীৰা পৰিষদৰ যৌথ বিবৃতিত "অসমত কেওঁট জনগোষ্ঠীক মাটিৰ ৰেকৰ্ড বা ভূমি-নথিৰ আধাৰত অনুসূচিত জাতিত তালিকাত অন্তর্ভুক্ত কৰাৰ প্ৰস্তাৱ নাকচ কৰিবলৈ অনুৰোধ জনাইছো" বুলি সদৰি কৰে। সংগঠকেইটাই লগতে উল্লেখ কৰে যে, "এই স্মাৰকপত্ৰখন আপত্তি হিচাপে নহয় আশংকা, বেদনা আৰু অভিজ্ঞতাৰ ওপৰত আধাৰিত জনগণৰ আৱেদন হিচাপে গণ্য কৰক।"
কেওঁটক কিয় অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰিব নালাগে এই সন্দৰ্ভত আপত্তিসমূহ তথ্য সহকাৰে সংগঠনকেইটাই স্মাৰকত উল্লেখ কৰে যে, "কেওঁট জনগোষ্ঠী অনুচ্ছেদ ৩৪১ অনুসৰি অনুসূচিত হ’বলৈ সংবিধানিক বা আইনী যোগ্যতা পূৰণ নকৰে। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৪১ মতে, অনুসূচিত জাতিৰ তালিকাত অন্তর্ভুক্তিৰ বাবে ঐতিহাসিকভাৱে অস্পৃশ্যতা, সামাজিকভাৱে বিৰোধিতা, জাতিগত বৈষম্যৰ প্ৰমাণ থকাৰ প্ৰয়োজন। ১৯৫০ চনৰ ‘Scheduled Castes Order’ অনুসৰি কেৱল সেই জনগোষ্ঠীসমূহক অন্তর্ভুক্ত কৰিব পাৰি যি ঐতিহাসিক অস্পৃশ্যতাৰ ফলত সামাজিক, শিক্ষাগত আৰু আৰ্থিক দিশত পিছপৰা।"
এই ক্ষেত্ৰত ২০০১ চনৰ মহাৰাষ্ট্ৰ চৰকাৰ বনাম মিলিণ্ড গোচৰত ন্যায়ালয়ে কৈছে যে, নতুন জাতিক অনুসূচিত জাতিৰ তালিকাত অনিয়মিতভাৱে অন্তর্ভুক্ত কৰা অনুচিত। ২০০৪ চনৰ ই.ভি চিন্না বনাম অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু ২০০৯ চনৰ সুভাষ চন্দ্ৰা বনাম ডিএছএছএছবি গোচৰত এই কথাত পুনৰ জোৰ দিয়া হৈছিল। কেওঁট জনগোষ্ঠী জাতিতাত্বিকভাৱে অ’বিচি কিন্তু তেওঁলোক অস্পৃশ্য নহয় বুলি দাবী কৰি ঐতিহাসিক দলিল উল্লেখ কৰে৷
সংগঠনকেইটাই লগতে কয় যে, "১৯০১ চনৰ জনগণনাত কেওঁটসকলক ‘অস্পৃশ্য’ বুলি শ্ৰেণীবদ্ধ কৰা নাই। ১৯৩১ চনৰ জনগণনাত অনুসূচিত জাতি বা ‘Depressed Class’ হিচাপে নহয় ‘Backward Class’ হিচাপে উল্লেখ আছে। ১৯৬৫ চনৰ লকুৰ সমিতিৰ প্ৰতিবেদন কেৱল পশ্চাদপদতাৰ ভিত্তিত নহয়, সামাজিক আৰু ধৰ্মীয় অস্পৃশ্যতাৰ ভিত্তিত অনুসূচিত জাতিত অন্তর্ভুক্তি কৰাটো চৰ্ত হ’ব লাগিব বুলি কয়। ড০ আম্বেদকাৰৰ ‘The Untouchables’ গ্ৰন্থত অনুসূচিত জাতিক লৈ উল্লেখ আছে যে অনুসূচিত জাতি সেইসকল যিসকলক মন্দিৰ প্ৰৱেশ, পানীৰ সুবিধা, শিক্ষা, আৰু মান-সন্মানৰ পৰা বঞ্চিত। শুচিতা-অশুচিতাৰ ধৰ্মীয় সামাজিক মানদণ্ড কেওটসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কেওঁটসকলৰ সামাজিকভাৱে বিৰোধিতাৰ সন্মুখীন হোৱা নাই আৰু অস্পৃশ্য নহয়। বহু কেওঁট নিজে স্থানীয় মন্দিৰত পুজাৰী হিচাপে কাম কৰে৷ অনুসূচিত জাতিৰ জনগোষ্ঠীৰ দৰে সামাজিক অপমানৰ সন্মুখীন নহয়। তাৰ পিছতো যদি কেওঁটক অন্তর্ভুক্ত কৰা হয় তেন্তে অনুসূচিত জাতিৰ অধিকাৰ ক্ষুন্ন হ’লে আন্দোলন কৰিবলৈ বাধ্য হ’ব।
উল্লেখযোগ্য যে, অসমত পূৰ্বৰে পৰা অনুসূচিত জাতি হিচাপে অন্তর্ভুক্ত নমশূদ্ৰ, হীৰা, কৈৱৰ্ত, লালবেগী, বাছফৰ, বণিয়া৷ চূৰমা ভেলীত মালি, সূত্ৰধৰ, কৈৱৰ্ত, ধুবি, মুচি, লালবেগী, ধোলী, পাত্নী, মেহতৰ, জালাও আৰু মালী, নমশূদ্ৰ, বাছফৰ, মাহাৰা জনগোষ্ঠী বৰ্তমানো দাৰিদ্ৰ্য আৰু বঞ্চনাৰ বলি। ইপিনে কেওঁটসকল বৰ্তমানে অ’বিচিৰ সুবিধা লাভ কৰি আছে। তেওঁলোকক অনুসূচিত জাতিত অন্তর্ভুক্ত কৰিলে ঐতিহাসিকভাৱে অধিক হিংসা-নিপীড়নৰ সন্মুখীন এই জনগোষ্ঠীৰ অধিকাৰৰ হনন হ’ব বুলি উল্লেখ কৰে সংগঠন কেইটাই।
স্মাৰক পত্ৰযোগে সদৰি কৰে যে, জনমত, গৱেষণা তথা অধ্যয়ন নকৰাকৈ এনে সিদ্ধান্ত নল’বলৈ আৰু চৰকাৰে কেওঁটসকলক অন্তর্ভুক্ত কৰাৰ কোনো বিশ্বাসযোগ্য অধ্যয়ন বা শ্বেতপত্ৰ জনসাধাৰণৰ আগত প্ৰকাশ কৰা নাই৷ সংগঠনকেইটাই দাবী উত্থাপন কৰি কয় যে, বিশেষজ্ঞ সমিতি গঠন কৰা হওঁক, কোনো সিদ্ধান্তৰ পূৰ্বে বিশেষজ্ঞৰ প্ৰতিবেদন ৰাজহুৱা কৰক, অনুসূচিত জাতিৰ জনসাধাৰণৰ সৈতে আলোচনাত বহক চৰকাৰ ৷ আজীৱন অসীম যাতনাৰ সন্মুখীন হোৱা, অত্যন্ত প্ৰান্তীয় লোকৰ এই মানৱীয় আৱেদন মানি লোৱাৰ আহ্বান জনাই অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস, উপদেষ্টা অমৰেন্দ্ৰ দাস, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাস কয় যে আমি সেইসকল লোক যিসকলে শতাব্দীব্যাপী পানীৰ অধিকাৰ, মানৱিক সন্মান আৰু নাগৰিক অধিকাৰৰ পৰা বঞ্চিত। কেওঁটসকলে এই কষ্ট পোৱা নাই৷ সেয়েহে কেওঁটসকলক সহানুভূতিৰে চাব নালাগে আৰু অনুসূচিত জাতিৰ সুৰক্ষা লাভ কৰিব নোৱাৰে।
আনহাতে, "ইতিহাস ভিত্তিক যন্ত্ৰণা স্বীকাৰ নকৰিলে সুবিধাজনক পুনঃ শ্ৰেণীকৰণ কৰাটো মানি ল’ব নোৱাৰি৷ কেওঁট জনগোষ্ঠীক অসমত অনুসূচিত জাতিৰ তালিকাত অন্তর্ভুক্ত কৰাৰ প্ৰস্তাৱ অবিলম্বে বাতিল কৰা হওঁক। বৰ্তমান সংৰক্ষিত অনুসূচিত জাতিৰ অধিকাৰসমূহ সংৰক্ষণ কৰক আৰু ঐতিহাসিক তথ্য নোহোৱাকৈ ৰাজনৈতিক সুবিধাৰ বাবে অন্তর্ভুক্তি কৰাৰ বিৰুদ্ধে কাৰ্যকৰী পদক্ষেপ লওঁক। অসম চৰকাৰৰ মিছন ভূমিপুত্ৰ প’ৰ্টেলত অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰ দিয়া ব্যৱস্থা বন্ধ কৰা হওক৷ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লাভ কৰাসকলৰ বিৰুদ্ধে পুনৰীক্ষণ কৰা হওঁক। সুবিচাৰৰ বিশ্বাস কৰি অসমৰ অনুসূচিত জাতিৰ প্ৰতি কৰিব খোজা অন্যায়ত বাধা দিব" বুলি আশা প্ৰকাশ কৰিছে উক্ত সংগঠনকেইটাই৷