/asomiyapratidin/media/media_files/2025/10/17/12345-2025-10-17-20-50-44.jpg)
ডিজিটেল সংবাদ, নামৰূপ : নামৰূপ মহাবিদ্যালয়ৰ নাৰী বিকাশ আৰু অধ্যয়ন কোষৰ উদ্যোগত নামৰূপ মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাল, আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ, প্ৰতিষ্ঠানিক উদ্ভাৱনী কোষ আৰু নামৰূপ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত শুক্ৰবাৰে Let's donate Books শীৰ্ষক এক গ্ৰন্থ সংগ্ৰহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰাৰম্ভিক পৰ্যায়ত আজি ১০৪ খন গ্ৰন্থ মহাবিদ্যালয় পৰিয়ালৰ বিভিন্ন সদস্যই দান কৰে। এই সংগ্ৰহ চলি থাকিব।
সংগৃহীত গ্ৰন্থসমূহ আৱশ্যক অনুযায়ী মহাবিদ্যালয়ৰ পুথিভঁৰালৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিদ্যালয় সমূহৰ পুথিভঁৰালত দান কৰা হ'ব। "কিতাপ নোহোৱা জাতি এটাক গামোচাই জীয়াই ৰাখিব নোৱাৰে" - জুবিন গাৰ্গৰ এই বাণীক সন্মান জনাই নামৰূপ মহাবিদ্যালয়ে এক গ্ৰন্থ বিনিময়ৰ পদক্ষেপ হিচাপে এই কাৰ্যসূচী ৰূপায়ন কৰিবলৈ লোৱা হৈছে।
পৰৱৰ্তী পৰ্যায়ত গ্ৰন্থ অধ্যয়ন বা পাঠক নতুন প্ৰজন্মৰ মাজত এক সংস্কৃতিলৈ ৰূপান্তৰ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ পৰিকল্পনা কৰা হৈছে। এই যাত্ৰা অব্যাহত থাকিব। শুভাৰম্ভণি কৰি মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক পৰিস্মিতা বৰুৱাই আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দূৰ্গা প্ৰসাদ গগৈয়ে বৰ্তমান প্ৰজন্মৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি থকা অনীহাক উল্লেখ কৰি তাৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে আলোকপাত কৰে।
নাৰী অধ্যয়ন আৰু বিকাশ কোষৰ সঞ্চালক ড° ছবি গগৈয়ে ডিজিটেল অধ্যয়ন আৰু গ্ৰন্থ অধ্যয়নৰ মাজৰ প্ৰভেদ ফঁহিয়াই গ্ৰন্থ এখন কিমান নিৰ্ভৰযোগ্য সেই বিষয়ে ছাত্ৰ ছাত্ৰীক অৱগত কৰে। গ্ৰন্থৰ সুবাসক ভাল পাবলৈ আহ্বান জনাই তেওঁ কিতাপ পঢ়াৰ সংস্কৃতিক পুনৰ শক্তিশালী কৰাৰ দায়িত্ব সোঁৱৰাই দিয়ে।
তেওঁ কয় যে ভৱিষ্যতৰ পৃথিৱীখন জ্ঞানৰ পৃথিৱী হ'ব আৰু সেই পৃথিৱীৰ সৈনিক আৰু উত্তৰাধিকাৰী হিচাপে নতুন প্ৰজন্মৰ যথেষ্ট দায়িত্ব আছে। জুবিন গাৰ্গে যিসকলৰ মাজত জীয়াই থকাৰ সপোন দেখিছিল, যিসকলৰ বাবে জীৱনৰ সৰ্বস্ব উজাৰি দিছিল, তাত কিতাপৰ এটা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি গৈছে। তেওঁৰ সপোনৰ পৃথিৱীখন গঢ় দিয়াত নতুন প্ৰজন্মৰ গুৰু দায়িত্ব আছে।