গোলাঘাটৰ বেতিয়নী কাকতি গাঁৱত পিঞ্জৰাৱদ্ধ এটা নাহৰফুটুকী

লাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত বেতিয়নী কাকতি গাঁৱত বৃহস্পতিবাৰে পুৱা পিঞ্জৰাৱদ্ধ হয় এটা নাহৰফুটুকী। বিগত কিছুদিন ধৰি গাঁওখনৰ লগতে সমীপৱৰ্তী নৰাগাঁও অঞ্চলত বহু কেইটা নাহৰফুটুকীয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

author-image
Asomiya Pratidin
New Update
dsdsdsdsdsdsdss

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত বেতিয়নী কাকতি গাঁৱত বৃহস্পতিবাৰে পুৱা পিঞ্জৰাৱদ্ধ হয় এটা নাহৰফুটুকী। বিগত কিছুদিন ধৰি গাঁওখনৰ লগতে সমীপৱৰ্তী নৰাগাঁও অঞ্চলত বহু কেইটা নাহৰফুটুকীয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

স্থানীয় যুৱক প্ৰশান্ত দাসৰ কঠোৰ প্ৰচেষ্টা আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত অৱশেষত পিঞ্জৰাৱদ্ধ হয় এই নাহৰফুটুকীটো। ইয়াকে ধৰি সৰ্বমুঠ ১৬ টাকৈ নাহৰফুটুকী উক্ত অঞ্চলটিত পিঞ্জৰাৱদ্ধ হৈছে বুলি স্থানীয়লোকে জানিবলৈ দিয়ে। 

Capturegfgfgf

আনহাতে, ৰাইজে জনোৱা অনুসৰি আৰু বহুকেইটা বাঘ সেই অঞ্চলটোত এতিয়াও বিচৰণ কৰি আছে। বন বিভাগৰ লোকক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।  ইয়াৰ উপৰিও স্থানীয় যুৱক প্ৰশান্ত দাসে দাবী কৰা অনুসৰি, এটা ক'লা ৰঙৰ জন্তুৰ উপস্থিতিয়ো তেওঁ প্ৰত্যক্ষ কৰে। ইফালে,উক্ত অঞ্চলটিত পুৱাৰ পৰাই বাঘ চাবলৈ যথেষ্ট সংখ্যক লোকৰ সমাগম হয়। 

গোলাঘাট বন বিভাগ গোলাঘাট