/asomiyapratidin/media/media_files/2025/08/14/1-2025-08-14-17-25-22.jpg)
ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ বীৰ পৰিবাৰ সহায়ক যোজনা ২০২৫ ৰ অধীনত লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ জিলা সৈনিক কল্যাণ বিভাগত এখন আইনী সেৱা ক্লিনিক উদ্বোধন কৰা হয়। ক্লিনিকখন উদ্বোধন কৰে লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা ও চেচন ন্যায়াধীশ শ্ৰী পলি কটকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/14/whatsapp-image-2025-08-14-17-24-14.jpeg)
ক্লিনিকখন মুকলি কৰি তেওঁ কয় যে, ক্লিনিকখনৰ মূল উদ্দেশ্য দেশৰ বাবে সেৱা আগবঢ়োৱা সৈনিক, প্ৰাক্তন সেনা তথা দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ সকলৰ পৰিয়ালবৰ্গক বিনামূলীয়া আইনী সেৱা প্ৰদান কৰা। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত এয়াৰ কমাণ্ডাৰ মনোজ কুমাৰ ঝা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/14/whatsapp-image-2-2025-08-14-17-24-33.jpeg)
উল্লেখ্য যে, সম্পত্তিৰ বিবাদ, কল্যাণমূলক আঁচনি, বৈবাহিক বিবাদ, নাগৰিক বিবাদ আৰু অন্যান্য আইনী বিষয়ত প্ৰতিৰক্ষা কৰ্মী, প্ৰাক্তন সেনা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক বিনামূলীয়া লগতে দক্ষ আইনী সেৱা আৰু সহায় আগবঢ়াবলৈ কেন্দ্ৰীয়, ৰাজ্য আৰু জিলা সৈনিক কল্যাণ ব’ৰ্ডত আইনী সেৱা ক্লিনিক স্থাপন কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/14/whatsapp-image-20-2025-08-14-17-24-49.jpeg)
এই ক্লিনিকখনৰ উদ্দেশ্য হৈছে চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে প্ৰতিৰক্ষা কৰ্মী, প্ৰাক্তন সেনাবাহিনী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ মাজত সজাগতা সৃষ্টি কৰা। আইনী সেৱা কৰ্তৃপক্ষ আইন, ১৯৮৭ ৰ ধাৰা ১২ত উল্লেখ কৰা শ্ৰেণীসমূহৰ অধীনত প্ৰতিৰক্ষা কৰ্মী আৰু প্ৰাক্তন সেনাবাহিনীৰ লোকসকলে উক্ত বিধান অনুসৰি বিনামূলীয়া আইনী সেৱা লাভ কৰিব পাৰিব।
ইফালে আজিৰ অনুষ্ঠানত উপস্থিত থাকে জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক শ্ৰী প্ৰসেনজিত দাস, জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ অধ্যক্ষ চিত্ৰৰঞ্জন বৰা, জিলা সৈনিক বিষয়া মথোৰ কলিতাৰ লগতে সকলো কৰ্মচাৰী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/14/whatsapp-imag-2025-08-14-17-25-05.jpeg)
লগতে ছাবতি সেনা ছাউনীৰ নাইব চুবেদাৰ ৰমেশ কুমাৰ, তেওঁৰ কেইবাগৰাকী সহকৰ্মী, মুখ্য আইনী সহায্যকাৰী প্ৰতিৰক্ষা অধিবক্তা দীপক পোখৰেল আৰু কেইবাজনো প্ৰাক্তন সৈনিক ক্ৰমে কমল তামুলী, দিলিপ তামুলী, প্ৰদীপ বৰা, মুনিন্দ্ৰ গগৈ আৰু কুশল দুৱৰা তথা বীৰ নাৰী চুনু ৰাজবংশী, জয়ামণি গগৈ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us