নগাঁও ছোৱালী কলেজত 'অসমীয়া বৈষ্ণৱ সাহিত্য: সাহিত্যিক আৰু সামাজিক প্ৰেক্ষাপট' শীৰ্ষক বক্তৃতামালা

সোমবাৰে সাহিত্য অকাডেমীৰ উদ্যোগত, আই কনকলতা মহিলা তীৰ্থ ,অসমৰ সহযোগত নগাঁও ছোৱালী কলেজৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু অসমীয়া বিভাগৰ আতিথ্যত কলেজৰ চিন্তা জুৰণি কক্ষত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
548

ডিজিটেল সংবাদ, নগাঁও : সাহিত্য অকাডেমীয়ে মূলতঃ তিনিটা বিষয়ত গুৰুত্ব প্ৰদান কৰে। সেই কেইটা হ'ল গ্ৰন্থ মুদ্ৰণ , সাহিত্য বিষয়ক অনুষ্ঠান অনুষ্ঠিত কৰা আৰু লেখকক উৎসাহিত কৰিবৰ বাবে বঁটা প্ৰদান কৰা। এই মন্তব্য দিগন্ত বিশ্ব শৰ্মাৰ।

সোমবাৰে সাহিত্য অকাডেমীৰ উদ্যোগত, আই কনকলতা মহিলা তীৰ্থ ,অসমৰ সহযোগত নগাঁও ছোৱালী কলেজৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু অসমীয়া বিভাগৰ আতিথ্যত কলেজৰ চিন্তা জুৰণি কক্ষত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়।

উল্লেখযোগ্য যে বক্তৃতাৰ বিষয় হৈছে- ' অসমীয়া বৈষ্ণৱ সাহিত্য:  সাহিত্যিক আৰু সামাজিক প্ৰেক্ষাপট'। শীৰ্ষক বক্তৃতামালাৰ উদ্ধোধনী অনুষ্ঠানত পৰিচয়মুলক বক্তৃতা প্ৰদান কৰি সাহিত্য অকাডেমীৰ অসমীয়া উপদেষ্টা সমিতিৰ সমন্বয়ক তথা মহাযোগী ,ঋষি অৰবিন্দৰ অনুগামী দিগন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত মন্তব্য কৰি সাহিত্য অকাডেমীৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে।

ভাষণ প্ৰসঙ্গত মহাযোগী অৰবিন্দৰ কথা উল্লেখ কৰি কয় যে মহাযোগীয়ে কৈছিল যে জগতৰ ৰহস্য , জীৱনৰ ৰহস্যতকৈ মানুহৰ সামাজিক জীৱনৰ বিষয়ে আলোকপাত কৰাটো জটিল। ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ হোৱা পৰিবৰ্তনৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে ইতিহাসে ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈকে পৰিবৰ্তনৰ জ্ঞান দিব পাৰে। কিন্তু  কিয় পৰিবৰ্তন হ'ল সেই বিষয়ে একো নকয়। সেয়া আমি জানিব লাগিব।

মহাযোগী অৰবিন্দৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয় যে ঋষি অৰবিন্দই  কৈছে যে ভাৰতৰ সাধনাই নিম্ন প্ৰকৃতিৰ পৰা উচ্চ প্ৰকৃতিলৈ তুলি ধৰিবলৈ সক্ষম হৈছে। অসমৰ  নৱবৈষ্ণৱ আন্দোলনৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে দেশৰ উত্তৰ কালৰ বৈষ্ণৱ সাহিত্যই সাহিত্য- সংস্কৃতিৰ চৰ্চাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

এইবোৰ কথা আমাক ইতিহাসে জানিবলৈ নিদিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা উল্লেখ কৰি তেওঁ কয় যে গুৰুজনাৰ বৰগীত ,অংকীয়া ভাওনা এক অপুৰ্ব সাহিত্য।

বৰগীত সংস্কৃতিৰে পৰিপূৰ্ণ সংগীত ব্যৱস্থা গুৰুজনাই আমাক দি গল।মানুহৰ মাজত ৰসবোধ ,হৃদয় বৃত্তি থকাৰ কথা উল্লেখ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে কয় যে এই সমুহ উৰ্ধলৈ তুলি ধৰি উচ্চ প্ৰকৃতিলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে। তেওঁ ভাৰতবৰ্ষক এখন বৈচিত্ৰ মুলক দেশ হিচাপে অভিহিত কৰে।

বেদ ,উপনিষদৰ পিছত  কৰ্ম আৰু সৃষ্টিৰ যুগ আৰম্ভ হয় বুলি উল্লেখ কৰি শৰ্মাই কয় যে পুৰাণ সমুহক বাদ দিলে বৈষ্ণৱ সাহিত্য সম্ভৱ নহয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমৰ একমাত্ৰ দাৰ্শনিক বুলি অভিহিত কৰি তেওঁ কয় যে  ৰূপকোঁৱৰক আমি পাহৰি পেলাইছো। কিয় আমি তেওঁক পাহৰিছো সেয়া নাজানো বুলি উল্লেখ কৰি তেওঁ কয় যে ৰূপকোঁৱৰক শংকৰদেৱ ,মাধৱদেৱ , জানিলে বিষ্ণুপ্ৰসাদ ৰাভা , ভূপেন হাজৰিকা, জুবিন গাৰ্গক জানিব পাৰি। ৰূপান্তৰৰ মাজেৰে সমাজ গঢ়াৰ চিন্তা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শনৰ কথা উল্লেখ কৰি তেওঁ কয় জীৱন ৰূপান্তৰিত নহলে মানৱ জীৱনৰ পূৰ্ণতা নাহে।

বৈষ্ণৱ সাহিত্য জনমানসত ,সচেতনতাত আছে বুলি তেওঁ মন্তব্য  কৰে। বৃটিছৰ দুশ বছৰীয়া শাসনৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেই  সময়ত আমি দাসত্বত বান্ধ খাই আছিলোঁ।  ইতিহাস ,সংস্কৃতি বৰ্জিত হৈছিল। এইবিলাক ইতিহাস আমাৰ নতুন প্ৰজন্মই জানিব লাগিব।

উদ্ধোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি সাহিত্য অকাডেমীৰ আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক সম্পাদক দেৱেন্দ্ৰ কুমাৰ দেৱেশে কয় যে সাহিত্য অকাডেমী হৈছে এক ৰাষ্ট্ৰীয় সংস্থা। এই সংস্থাই ভাৰতীয়  ভাষা,সাহিত্য ,সংস্কৃতিৰ বিকাশৰ হকে কাম কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কথা উল্লেখ কৰি সম্পাদক গৰাকীয়ে কয় এই দুগৰাকী মহাপুৰুষৰ অসমীয়া ভাষা ,সাহিত্যলৈ আগবঢ়োৱা অৱদানক কোনেও অস্বীকাৰ  কৰিব নোৱাৰে।

বৈষ্ণৱ সাহিত্যৰ জৰিয়তে তেওঁলোকে অসমীয়া সাহিত্যৰ বৰভেটি বান্ধি থৈ গৈছে। প্ৰসঙ্গক্ৰমে  তেওঁ নগাঁৱৰ বহু কেইজন  বৰেণ্য নগঞা সাহিতিক্যৰ কথা উল্লেখ কৰে। অনুষ্ঠানত ব্ৰীজ ভাষণ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট লেখক  বিভাষ চৌধুৰীয়ে কয় যে লক্ষ্মীনাথ বেজৰুৱাই জীৱনী সাহিত্যৰ মাজেৰে বৈষ্ণৱ সাহিত্যৰ চেতনা আমাৰ মাজত সঞ্চাৰিত কৰি থৈ গ'ল। অসমীয়া সাহিত্যৰ চৰ্চা কৰবাত ৰৈ গৈছে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে।

তেওঁ গুৰুজনাৰ বৰগীত ,অংকীয়া নাট আদিৰ বিষয়ে উল্লেখ কৰি কয় যে গুৰুজনাৰ অপুৰ্ব সৃষ্টিক নৱপ্ৰজন্মক পৰিচয় কৰি দিয়া প্ৰয়োজন। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ড:অমিয়া পাটৰে আতধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষা মৰমী গায়ন ,,আই  কনকলতা মহিলা তীৰ্থৰ নগাঁও জিলা সমিতিৰ সম্পাদিকা অমিয়া গোস্বামী ,মহাবিদ্যালয়ৰ অধ্যাপক ,অধ্যাপিকা ,ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংবাদিক কনক হাজৰিকাই।

ইয়াৰ পিছতে অনুষ্ঠিত হয় আজিৰ বক্তৃতামালাৰ মুল বিষয়ৰ প্ৰথম আলোচনা সত্ৰ। বিনীতা দেৱ চৌধুৰীৰ সঞ্চলনাত অনুষ্ঠিত সত্ৰত বক্তা হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে ড: বসন্ত গোস্বামী ,ড: ত্ৰিদিপ গোস্বামী  আৰু ড : সঞ্জীৱ পল ডেকাই। তেওঁলোকে আজিৰ আলোচনা সত্ৰৰ মুল বিষয়ৰ ওপৰত বিস্তাৰিতভাৱে বক্তব্য আগবঢ়ায়।

বিয়লি অনুষ্ঠিত দ্বিতীয় সত্ৰ সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড : মঞ্জু লস্কৰে। বক্তা হিচাপে অংশগ্ৰহণ কৰে ড : মিলন নেওগ ,বিপুল মালাকাৰ , জ্যোতি খাটনিয়াৰে।আটাইকেইজন বক্তাই অসমীয়া বৈষ্ণৱ সাহিত্যৰ বিষয়ে উল্লেখ কৰি সাহিত্যিক আৰু সামাজিক প্ৰেক্ষাপট সন্দৰ্ভত মননশীল ভাষণ প্ৰদান কৰে। অনুষ্ঠানত  আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক সঞ্চিতা বৰা  সাহিত্য অকাডেমীৰ  কাৰ্যসূচী বিষয়া  অভিষেক ৰথ  আদিয়ে অংশগ্ৰহণ কৰে।

নগাঁও