/asomiyapratidin/media/media_files/2025/07/12/381-2025-07-12-21-34-55.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে একাংশ ব্যক্তি আৰু তেওঁৰ অনুগামীসকলে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ অংশ স্বৰূপে শনিবাৰে শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱগোস্বামীয়ে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে।
প্ৰকৃতাৰ্থত জাতীয় জীৱনৰ এগৰাকী শুভ চিন্তক মহৎ ব্যক্তি, ওখ ব্যক্তিত্বৰ উদাৰ স্নেহশীল ব্যক্তিত্বৰে লোকজীৱন আৰু বৌদ্ধিক-সাংস্কৃতিকতাৰ মাজত আধ্যাত্মিক আলোড়নেৰে পৰিৱৰ্তন বাঞ্চা কৰা সমকালৰ ভূখণ্ডটোৰ এগৰাকী সঠিক মাৰ্গদৰ্শক ডঃ পিতাম্বৰ দেৱগোস্বামী। তেখেতৰ পাণ্ডিত্যই অসমৰ বিদ্বৎ সমাজকে নহয়, সাম্প্ৰতিক কালত ভাৰতীয় পণ্ডিতকুলকো আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।
দেশে-বিদেশে ভিন ভিন ঠাইত তেখেতে পাণ্ডিত্যপূৰ্ণ বক্তৃতা প্ৰদান কৰি বৌদ্ধিক ক্ষেত্ৰত সন্মানিত হৈছে। আজি ড০ পিতাম্বৰ দেৱগোস্বামীয়ে Satra Tradition of Assam : Philosophy & Practice শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত।
Srimanta Sankaradeva Spiritual Centre of Indic Studies, The School of Indic Studies, IKSA আৰু বিশ্ববিদ্যালয়খনৰ যৌথ উদ্যোগত ভাৰতীয় জ্ঞান পদ্ধতিৰ প্ৰথমখন বৌদ্ধিক সন্মিলনৰ অংশ হিচাপে প্ৰদান কৰে সত্ৰ সংস্কৃতি সম্পৰ্কীয় বক্তৃতা। দেশৰ ভিতৰতে অন্যতম বিশ্ববিদ্যালয়খনত বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰিত হোৱাটো অসমৰ বিদ্যায়তনিক-বৌদ্ধিক পৰিমণ্ডলৰ বাবে গৌৰৱৰ আৰু আনন্দৰ কথা।
আনহাতে সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামীয়ে এই বক্তৃতা প্ৰদান কৰাৰ পাছতে অনুষ্ঠানত উপস্থিত বিজ্ঞ ব্যক্তি তথা গৱেষক - অধ্যাপক- পণ্ডিতসকলে উচ্চ প্ৰশংসা কৰে।