প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে শীঘ্ৰেই ইৰাণ ত্যাগ কৰক

ইৰাণৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দূতাবাসে দেশখনত থকা ভাৰতীয় নাগৰিকসকললৈ জাননী জাৰি কৰিছে। দূতাবাসৰ তৰফৰ পৰা নাগৰিকসকলক শীঘ্ৰেই ইৰান এৰিবলৈ কোৱা হৈছে। 

author-image
Asomiya Pratidin
New Update
irannn 2222

ডিজিটেল ডেস্কঃইৰাণৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দূতাবাসে দেশখনত থকা ভাৰতীয় নাগৰিকসকললৈ জাননী জাৰি কৰিছে। দূতাবাসৰ তৰফৰ পৰা নাগৰিকসকলক শীঘ্ৰেই ইৰান এৰিবলৈ কোৱা হৈছে। 

তেহৰানস্থিত ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক পৰামৰ্শ দিছে যে- ইৰানত থকা শিক্ষাৰ্থী, ব্যৱসায়ী, পৰ্যটকসকলে বিমান অন্য কোনো যাতায়তৰ ব্যৱস্থা কৰি ইৰান ত্যাগ কৰিব লাগে। ইয়াৰ উপৰি ইৰানত সাৱধানে থকাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰসমূহত লগত ৰাখিবলৈ কৈছে ভাৰতীয় দূতাবাসে। 

জৰুৰীকালীন পৰিস্থিতিত সহায় বিচাৰিবলৈ হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে। +98 9128109115; +98 9128109109, +98 9128109102 আৰু +98 9932179359 নম্বৰত ভাৰতীয় নাগৰিকসকলে যোগাযোগ কৰিব পাৰিব। তদুপৰি ই-মেইল আইডি cons.tehran@mea.gov.in তো কৰিব পাৰিব যোগাযোগ।

আনহাতে, ভাৰতীয় দূতাবাসে ইৰানত থকা ভাৰতৰ নাগৰিকসকলক https://www.meaers.com/request/home ৱেবছাইটত নিজৰ নিজৰ পঞ্জীয়ন কৰি থবলৈ পৰামৰ্শ প্ৰদান কৰিছে। যদি ইন্টাৰনেট বন্ধ কৰা হয় তেন্তে ভাৰতত থকা নিজৰ সম্পৰ্কীয় লোকৰ দ্বাৰা এই ক্ষেত্ৰত সহায় বিচাৰিবলৈ কৈছে। 

উল্লেখ্য যে, ইৰানৰ তেহৰানস্থিত ভাৰতীয় দূতাবাসে এনে পৰামৰ্শ প্ৰদান কৰাৰ পাছত যিকোনো সময়ত পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ শংকাই দেখা দিছে। এনে ভয়াৱহ পৰিস্থিতিৰ ফলত যাতে ভাৰতীয় নাগৰিকসকল সমস্যাৰ সমুখীন নহয় তাৰ বাবে শীঘ্ৰেই ইৰান ত্যাগ কৰিবলৈ কোৱা হৈছে। 

ইফালে, যিকোনো সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণত আক্ৰমণ কৰাৰ ইংগিত দি আহিছে। সেয়েহে দুয়োখন দেশৰ যুদ্ধৰ মাজত যেন ভাৰতীয় নাগৰিকসকলৰ কোনো ক্ষয়ক্ষতি নহয়, তাৰবাবে শীঘ্ৰেই ইৰাণ ত্যাগ কৰিবলৈ ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হৈছে। 

ভাৰত ইৰাণ