বিহাৰ নিৰ্বাচনঃ বেকফুটত কংগ্ৰেছ! মেজিক নম্বৰ পাৰ কৰিলে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে...

বিহাৰত নিৰ্বাচন অনুষ্ঠিত হোৱা ২৪৩খন আসনত চলি আছে ভোটগণনা। পুৱা ৯.২০বজালৈকে প্ৰায় ১৩৫খন আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপি নেতৃত্বাধীন এন ডি এন য়ে। ক'ব পাৰি যে, বৰ্তমানলৈ অগ্ৰগতিৰ ক্ষেত্ৰত

author-image
Asomiya Pratidin
New Update
new ap web 2 (14)

ডিজিটেল ডেস্কঃ বিহাৰত নিৰ্বাচন অনুষ্ঠিত হোৱা ২৪৩খন আসনত চলি আছে ভোটগণনা। পুৱা ৯.২০বজালৈকে প্ৰায় ১৩৫খন আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপি নেতৃত্বাধীন এন ডি এন য়ে। ক'ব পাৰি যে, বৰ্তমানলৈ অগ্ৰগতিৰ ক্ষেত্ৰত পুৱাতেই মেজিক নম্বৰ পাৰ কৰিছে এন ডি এ মিত্ৰজোঁটে।

এই ১৩৫খন আসনৰ ভিতৰত বিজেপিয়ে অকলেই অগ্ৰগতি লাভ কৰি আছে ৬৫খন আসনত। নীতিশ কুমাৰৰ জে ডি ইউ আগবাঢ়ি আছে ৬৫খন আসনত। ইয়াৰ বিপৰীতে বিৰোধীৰ মহাজোঁট বন্ধন ৭২খন আসনত আগবাঢ়ি আছে।  ৭২খন আসনৰ ভিতৰত আৰ জে ডি অকলেই ৬৩খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ মাত্ৰ ৭খন আসনত এতিয়ালৈকে অগ্ৰগতি লাভ কৰি আছে। 

বিহাৰ বিহাৰ চৰকাৰ