/asomiyapratidin/media/media_files/2026/01/17/647-2026-01-17-20-44-32.jpg)
ডিজিটেল সংবাদ, গহপুৰ : বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৰিবিল গাঁও পঞ্চায়তৰ এলেকাধীন কাৰিবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন বিদ্যালয় গৃহৰ নিৰ্মাণৰ বাবে শুক্ৰবাৰে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয়। শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই স্থানীয় ৰাইজৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰীৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰাৰ লগতে এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে।
বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়াৰ উপস্থিতিত অসম চৰকাৰৰ RIDF XXX আঁচনিৰ অধীনত প্ৰায় ৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বিদ্যালয় গৃহটোৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত কাৰ্য্যসূচীত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী সুনীতা তাঁতী, বিশ্বনাথ জিলা এচ চি মৰ্চাৰ উপ-সভাপতি মুনীন্দ্ৰ দাস, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰতন মোচাহাৰী, সহকাৰী অভিযন্তা,কাৰিবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰ ছেত্ৰী,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ঋষিৰাম ৰিজাল, বাসুদেৱ নেপাল, বুৰৈ মণ্ডলৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহৰ সকলো জনপ্ৰতিনিধি উপস্থিত থাকে।
ৰাজহুৱা সভাখনত ভাষণ প্ৰদান কৰি সাংসদ ৰঞ্জিত দত্তই বিজেপি চৰকাৰখনে অসমৰ শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপ আৰু অভিলাষী আঁচনিৰ বিষয়ে উল্লেখ কৰি চৰকাৰখনে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে গ্ৰহণ কৰি অহা কাৰ্য্য প্ৰণালীৰ বিষয়ে বহল বাখ্যা আগবঢ়ায়। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মপটুতাক শলাগ লয় সাংসদ ৰঞ্জিত দত্তই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us