শংকৰ সংঘৰ ডুবিয়া আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী সমাৰোহৰ লাইখুঁটা স্থাপন

উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডুবিয়া আঞ্চলিক শাখাই সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল ২৫টা বৰ্ষ। 

author-image
Asomiya Pratidin
New Update
cxcxz

ডিজিটেল সংবাদ, গহপুৰঃ উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডুবিয়া আঞ্চলিক শাখাই সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল ২৫টা বৰ্ষ। সেই উপলক্ষে ২০২৬ চনৰ ২৩, ২৪ আৰু ২৫ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালীবড়ি বৰডোপ পথাৰৰ ৰমানন্দ সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে ডুবিয়া আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী সমাৰোহ।

ডুবিয়া আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী সমাৰোহ ভাগৰ উদযাপন স্থলী ৰমানন্দ সমন্বয় ক্ষেত্ৰত দেওবাৰে লাইখুটা স্থাপন কৰা হয়। গুৰুবাদ্য, ডবা, শংখ আৰু আয়তীৰ উৰুলিৰ মংগল ধ্বনিৰ মাজত মাংগলিক ৰীতি নীতিৰে লাইখুটা ভাগ স্থাপন কৰে ডুবিয়া আঞ্চলিক শাখাৰ সভাপতি গুণাৰাম শইকীয়াই।

Capturevcvcvc

লাইখুটা স্থাপন অনুষ্ঠানত ডুবিয়া আঞ্চলিক শাখাৰ সমূহ বিষয়ববীয়াৰ লগতে আঞ্চলিক ভাগৰ অন্তৰ্গত সকলো প্ৰাথমিকৰ বিষয় ববীয়া, বাপ আইমাতৃ, যুৱক যুৱতী আৰু শিশু সকল উপস্থিত থাকে। উক্ত ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰতিটো দিনৰ কাৰ্যসূচীত জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তভাবে কামনা কৰিছে ডুবিয়া আঞ্চলিক শাখাৰ লগতে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া তথা সদস্যসকলে।

শ্ৰীমন্ত শংকৰদেৱ শংঘ