/asomiyapratidin/media/media_files/2026/01/05/kkkk-2026-01-05-09-21-52.jpg)
ডিজিটেল ডেস্কঃসত্ৰীয়া সংস্কৃতিৰ সাধক, প্ৰবীন ক্ৰীড়া উদ্যোগী, শ্ৰী শ্ৰী উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ দেহাৱসানৰ খবৰে সকলোকে মৰ্মাহত কৰিছে। কিছুদিনৰ ধৰি অসুস্থ হৈ থকা বিশিষ্ট ব্যক্তিগৰাকীৰ ৪জানুৱাৰী, ২০২৫ তাৰিখে ৯২বছৰ বয়সত ইহসংসাৰ ত্যাগ কৰে।
১৯৩৪ চনৰ ৫ জুলাইত যোৰহাটৰ টীয়কৰ শ্ৰীশ্ৰী উজনিয়াল সত্ৰত জন্ম হৈছিল লক্ষ্মীকান্ত মহন্তৰ। পিতৃৰ নাম আছিল স্বৰ্গীয় ফণীন্দ্ৰ নাথ গোস্বামী আৰু মাতৃৰ নাম স্বৰ্গীয় মুক্ষেশ্বৰী মহন্ত। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেওঁ প্ৰথমে বেতবাৰী হাইস্কুলত শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৫৮চনৰ অক্টোবৰৰ পৰা ১৯৬৯চনৰ ডিচেম্বৰলৈকে এইখন বিদ্যালয়ত তেওঁ শিক্ষকতা কৰিছিল যদিও, পিছলৈ সেই চৰকাৰী চাকৰি বাদ দিছিল।
সেই সময়ত ফুটবল আছিল খুবেই জনপ্ৰিয়। শিক্ষকতা চাকৰিৰ সমান্তৰালভাৱে তেওঁ ১৯৫৮চনতেই শিৱসাগৰ নগৰত এটা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিছিল। নাম আছিল 'ইণ্ডাষ্ট্ৰিয়েল আৰ্ট'। প্ৰথমে তেওঁ ছাইন ব'ৰ্ড লিখা কাম হাতত লৈছিল। তেওঁ আছিল আজিৰ তাৰিখলৈকে ফুটবল বা আন ক্ৰীড়া সামগ্ৰী নিৰ্মাণ কৰা উদ্যোগ স্থাপন কৰা অসমৰ প্ৰথম আৰু একমাত্ৰ উদ্যোগপতি।
১৯৬৩ চনত ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ জৰিয়তে ক্ৰীড়া সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰা মহন্তই ১৯৬৮চনত ৰংঘৰ নামৰ চ'ক পেঞ্চিল উদ্যোগ, ১৯৯৯চনত ABC অট'বেটাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল। ১৯৭৬চনত ফুটবলৰ বুট আৰু কেৰামবৰ্ড উদ্যোগ আৰম্ভ কৰে। ১৯৭৭চনত আৰম্ভ কৰিছিল চাটল ক'ক নিৰ্মাণৰ কাম। ২০০৮চনত ট্ৰেক ছ্যুট, টি ছাৰ্ট আদি খেলৰ পোছাক প্ৰস্তুত কৰা উদ্যোগ 'ইণ্ডাছ স্পৰ্টছ ৱেৰ' আৰম্ভ কৰে মাজু পুত্ৰ দেৱজিৎ মহন্তৰ জৰিয়তে।
বৰ্তমান শিৱসাগৰত তেওঁলোকৰ আছে দুখন ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ ক্ৰীড়া সামগ্ৰী বিক্ৰী কৰা প্ৰতিষ্ঠান। ১৯৭৯চনত গুৱাহাটীতো আৰম্ভ কৰিছিল ইয়াৰ শাখা। ১৯৬৭চনত অসম চৰকাৰৰ দ্বাৰ আয়োজিত ইণ্ডাষ্ট্ৰিয়েল ষ্টাডী টুৰত শিৱসাগৰৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰি দিল্লী, হাৰিয়ানা, জলন্ধৰ আদি ঠাই পৰিভ্ৰমণ কৰিছিল।
কেৱল ব্যৱসায়েই নহয়, সামাজিক দিশতো তেখেত সচেতন। ১৯৬০চনত যোৰহাটৰ শ্ৰীশ্ৰী লেতুকাম সত্ৰৰ প্ৰয়াত কৃষ্ণকান্ত মহন্ত আৰু নীৰদা মহন্তৰ জ্যেষ্ঠ কন্যা ছাৰু মহন্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ৫ পুত্ৰ কুশল, সুৰজিৎ, দেৱজিৎ, অভিজিৎ আৰু পাৰ্থজিতৰে এখন সম্পূৰ্ণ ঘৰ। আটাইকেইজন পুত্ৰই এতিয়া তেওঁৰ ব্যৱসায়ৰ সহযোগী। শিক্ষা-সংস্কৃতি, ক্ৰীড়া ক্ষেত্ৰৰ সৈতে ওতঃপোতভাৱে জড়িত লক্ষ্মীকান্ত মহন্ত। শিৱসাগৰ নাট্য সমাজৰ সৈতে তেওঁ ১৯৭৯চনৰ পৰাই তেওঁ জড়িত।
শিশু কালত কৃষ্ণৰ গোপবালক, ৰাম আদি চৰিত্ৰত অভিনয়ো কৰিছিল। ১৯৯০চনত তেওঁ 'আমি স্বপ্নাতুৰ', উত্তৰপুৰুষ নাট পৰিচালনাৰ লগতে অভিনয় কৰিছিল। বিভিন্ন সময়ত তেওঁ বহু সামাজিক অনুষ্ঠানৰ বিষয়বাবক দায়িত্ব গ্ৰহণ কৰিছে। অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক আছিল ১৯৯৯-২০০৩চনলৈ। অসমৰ ক্ৰীড়া সন্থাৰো তেওঁ আজীৱন সদস্য। কেবাখনো নাটো ৰচনা কৰিছে লক্ষ্মীকান্ত মহন্তই। সামাজিক কাম-কাজৰ মাজতে তেওঁ ব্যৱসায়কো সমানে আগুৱাই লৈ গৈছিল।
তেওঁ নিৰ্মাণ কৰা বলটোৰ নাম প্ৰথম 'অসম গৌৰৱ' নাছিল। ভাৰতীয় ফুটবল ইতিহাসৰ তাৰকা খেলুৱৈ টি আওৱে নুৰুল আমিনৰ সৈতে মিলি স্বাধীনতা কাপ ফুটবলৰ সময়ত এই নাম ৰাজহুৱা কৰিছিল। তেতিয়াৰ পৰাই 'অসম গৌৰৱ' ফুটবলে জন্মলাভ কৰিলে।
যিয়ে এই ফুটবল খেলিছিল, তেওঁলোকেই মানি লৈছিল এই ফুটবল কিমান উচ্চ মানৰ। কলকাতাৰ বহু কেইটা ক্লাৱে ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ ফুটবল খেলি তাৰ স্বীকৃতি দিছিল। ফুটবলৰ লগতে নিৰ্মাণ কৰিছিল ভলী বলৰো। ২০১৬চনৰ ১০ জানুৱাৰীত যোৰহাটৰ সাংস্কৃতিক গোষ্ঠী 'গতি'য়ে তেওঁক প্ৰদান কৰিছিল 'অসম গৌৰৱ'। বিভিন্ন দল-সংগঠনে তেওঁক সম্বৰ্ধনা জনাইছিল। শিৱসাগৰ, যোৰহাটৰ এই সামাজিক সংগঠনসমূহ জনোৱা সম্বৰ্ধনাই তেওঁক আৰু অধিক দায়ৱদ্ধশীল কৰি তোলে। ১১১সংখ্যক প্ৰতিষ্ঠা দিৱসত এই গৰাকী উদ্যোগপতিক মহাৰাণা ক্লাৱেও সম্বৰ্ধনা জনাইছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us