নগাঁৱৰ বিখ্যাত বাতৰি কাকত, আলোচনীৰ ব্যৱসায়ী লক্ষণ বসাক আৰু নাই...

নগাঁৱৰ বিখ্যাত বাতৰি কাকত আলোচনীৰ ব্যৱসায়ী লক্ষণ বসাক (৬৯) আৰু নাই। পানীগাঁও কেঁচাআলি (পৰোজ বৰা পথ)ৰ বাসিন্দা বসাকে যোৱা এমাহ ৰোগত ভুগী গুৱাহাটীত চিকিৎসা কৰি নিৰোগী হৈ আহি হঠাৎ

author-image
Asomiya Pratidin
New Update
sfsfsfsfsf

ডিজিটেল সংবাদ, নগাঁওঃ  নগাঁৱৰ বিখ্যাত বাতৰি কাকত আলোচনীৰ ব্যৱসায়ী লক্ষণ বসাক (৬৯) আৰু নাই। পানীগাঁও কেঁচাআলি (পৰোজ বৰা পথ)ৰ বাসিন্দা বসাকে যোৱা এমাহ ৰোগত ভুগী গুৱাহাটীত চিকিৎসা কৰি নিৰোগী হৈ আহি হঠাৎ হৃদক্রিয়া বন্ধ হৈ নিজা বাসগৃহতে শিল্পী দিৱসৰ দিনাই বিয়লি ৩-৩০ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে।

লামডিঙৰ অফিচাৰ কলনীৰ জয়ন্ত বসাক আৰু সৰলা বসাকৰ ৮ টি সন্তানৰ নুমলীয়া বসাকে মৃত্যুৰ সময়ত পত্নী নমিতা বসাক, বিবাহিত বৰজীয়ৰী মান্টি দাস, বিবাহিত পুত্র জিজু  বসাক আৰু ৩ ফেব্ৰুৱাৰীত বিবাহৰ দিন ধার্য্য হৈ থকা পূজা বসাক সহিতে জোঁৱাই, বোৱাৰী, নাতি নাতিনীক এৰি থৈ গৈছে।

সন্ধ্যা প্রায় ৮ বজাত নগাঁও আমোলাপট্টি শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় লক্ষণ বসাকৰ ।

নগাঁও নগাঁও চহৰ নগাঁও গ্ৰন্থমেলা