Advertisment

বিদেশী ন্যায়াধিকৰণৰ গোচৰ নিস্পত্তিৰ বাবে অমিত শ্বাহলৈ পত্ৰ অধিবক্তাৰ

এই সন্দৰ্ভত, শিলচৰৰ অধিবক্তা ধৰ্মানন্দ দেৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক চিঠি প্ৰেৰণ কৰিছে। চিঠিত, তেওঁ অবৈধ নাগৰিক চিনাক্তকৰণ আৰু বিতাড়নৰ আইনী প্ৰক্ৰিয়া কেনেকৈ স্থগিত হৈছে সেয়া উল্লেখ কৰিছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, শিলচৰঃ বিদেশী চিনাক্তকৰণ কৰাৰ বাবে ৰাজ্যত স্হাপন কৰা ১০০ টা বিদেশী চিনাক্তকৰণ ন্যায়াধীকৰণত দীৰ্ঘ কাল ধৰি স্থবিৰ হৈ পৰিছে বিচাৰ প্ৰক্ৰিয়া। ২০২০ চনৰ ১০ জানুৱাৰীত সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন (কা) কাৰ্যকৰী হোৱাৰ পিচৰে পৰা বিদেশী চিনাক্তকৰণ গোচৰৰ নিস্পতি এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে।

Advertisment

ফলত লক্ষাধিক গোচৰ নিস্পতি নোহোৱাকৈয়ে এনেয়ে পৰি আছে ৰাজ্যৰ এফ টি কোৰ্ট সমূহত। এই নিস্পতি নোহোৱা গোচৰ সমূহ নিস্পতি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে শিলচৰৰ এগৰাকী আইনজীৱীয়ে। শিলচৰ বাৰ এছোছিয়েছনৰ আইন জীৱী ধৰ্মানন্দ‌ দেৱে গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা মতে, দীৰ্ঘদিন ধৰি বিদেশী চিনাক্তকৰণ ন্যায়াধীকৰণ আদালত সমূহত নিস্পতি নোহোৱাকৈ পৰি আছে প্ৰায় লক্ষাধিক গোচৰ।

বিশেষকৈ, সমগ্ৰ দেশত সংশোধিত নাগৰিকত্ব আইন (CAA) কাৰ্যকৰী হোৱাৰ পৰাই ফৰেইনাৰ্ছ ট্ৰিবুউনেলত বিদেশী চিনাক্তকৰণৰ আইনী প্ৰক্ৰিয়া প্ৰায় স্তব্ধ হৈ পৰিছে। CAAৰ অধীনত প্রতিবেশী তিনিখন ৰাষ্ট্ৰৰ পৰা ধৰ্মীয় নিৰ্যাতনভোগী ২০১৪ চনলৈকে ভাৰতলৈ অহা হিন্দুসহ ছয়টা সম্প্ৰদায়ক নাগৰিকত্বৰ সুৰক্ষা দিয়া হৈছে। কিন্তু মুছলিম আৰু ৰোহিঙ্গাৰ বাবে এই সুৰক্ষা প্ৰদান কৰা হোৱা নাই। তেনেহলে, তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলাই ৰখাৰ কি প্ৰয়োজন?

এই সন্দৰ্ভত, শিলচৰৰ অধিবক্তা ধৰ্মানন্দ দেৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক চিঠি প্ৰেৰণ কৰিছে। চিঠিত, তেওঁ অবৈধ নাগৰিক চিনাক্তকৰণ আৰু বিতাড়নৰ আইনী প্ৰক্ৰিয়া কেনেকৈ স্থগিত হৈছে সেয়া উল্লেখ কৰিছে।

ফৰেইনাৰ্ছ ট্ৰিবুউনেলসমূহৰ কাৰ্য ধীৰগতিত চলি আছে বুলিও পত্ৰত উল্লেখ কৰিছে অধিবক্তা গৰাকীয়ে। অথচ, এফ টি কোৰ্টত কৰ্মৰত মেম্বাৰ সকলৰ পাৰিতোষিক যথেষ্ট বৃদ্ধি কৰা হৈছে, কিন্তু কার্যক্ষমতা নাই। যোৱা বছৰ গৃহবিভাগে জনোৱা মতে, মেম্বাৰ সকলৰ পাৰিতোষিক ৮৫,০০০ৰ পৰা ১ লাখ চাৰি হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। তদুপৰি, ঘৰ ভাড়াৰ ভাট্টা আৰু গাড়ী খৰচৰ পৰিমাণো বৃদ্ধি কৰা হৈছে। প্ৰতিমাহে ১ লাখ ৪ হাজাৰকৈ মোটা অংকৰ দৰমহা লাভ কৰি আহিছে এই এফ টি কোৰ্টৰ সদস্য সকলে।

অধিবক্তা ধৰ্মানন্দ দেৱে চিঠিত আৰু উল্লেখ কৰিছে যে এই গোচৰসমূহৰ নিষ্পত্তি শীঘ্ৰই কৰা উচিত। তেওঁ উল্লেখ কৰা মতে, CAAৰ অধীনত সুৰক্ষিত হিন্দু, শিখ, জৈন, খ্ৰীষ্টান, বৌদ্ধ আৰু পাৰ্ছি সম্প্ৰদায়ক বাদ দি  NRCৰ অন্তৰ্ভুক্ত নোহোৱা বাকী লোকৰ গোচৰ সমূহ সোনকালে ফৰেইনাৰ্ছ ট্ৰিবিউনেল নিষ্পতি কৰিব লাগে । মুছলিম আৰু ৰোহিঙ্গাৰ বিৰুদ্ধে চলি থকা গোচৰ সমূহৰ নিষ্পত্তি কৰাটো অত্যন্ত আৱশ্যক বুলি  মন্তব্য কৰিছে অধিবক্তা গৰাকীয়ে।

সেয়ে, বিষয়টো অতি গুৰুত্বপুৰ্ণ বুলি বিবেচনা কৰি নিস্পতি নোহোৱা গোচৰ সমূহ  শীঘ্ৰে নিস্পতি কৰাৰ বাবে হস্তক্ষেপ বিচাৰি অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে অধিবক্তা ধৰ্মানন্দ দেৱে। চিঠিৰ প্ৰতিলিপি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু RSS ৰ সংঘচালক মোহন ভাগৱতলৈও প্ৰেৰণ কৰিছে।

ইফালে,  বিদেশী চিনাক্তকৰণ কৰিবলৈ ৰাজ্যত স্থাপন কৰা প্ৰায় ১০০ টি এফ টি কোৰ্টত নিযুক্তি দিয়া সদস্যসকল প্ৰায়ে আদালতত অনুপস্থিত থাকে বুলি সংবাদ‌ মাধ্যমৰ আগত অভিযোগ কৰিছে আইনজীৱী ধৰ্মানন্দ দেৱে।‌ আইনজীৱী গৰাকীৰ মতে, শিলচৰত থকা ৬ টা এফ টি কোৰ্টৰ সৰহ সংখ্যক কোৰ্টত অনুপস্থিত থাকে সদস্যসকল।

অধিবক্তা