শ্যামকাণুৰ অধিবক্তাই সংগ্ৰহ কৰিলে এজাহাৰৰ প্ৰতিলিপি

শ্যামকাণু মহন্তই আৰম্ভ কৰিলে ন্যায়িক প্ৰক্ৰিয়া। অসমৰ অধিবক্তাৰ পৰা বিমুখ হৈ এইবাৰ দিল্লীৰ অধিবক্তাৰ কাষ চাপিছে শামকাণু।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-26 at 5.18.50 PM

ডিজিটেল ডেস্কঃ শ্যামকাণু মহন্তই আৰম্ভ কৰিলে ন্যায়িক প্ৰক্ৰিয়া। অসমৰ অধিবক্তাৰ পৰা বিমুখ হৈ এইবাৰ দিল্লীৰ অধিবক্তাৰ কাষ চাপিছে শামকাণু। ইতিমধ্যে শামকাণুৰ অধিবক্তাই সংগ্ৰহ কৰিছে এজাহাৰৰ প্ৰতিলিপি। লগতে এছআইটিয়ে জব্ধ কৰা সামগ্ৰীৰ তালিকাও সংগ্ৰহ কৰিলে দিল্লীৰ অধিবক্তাই। 

এই অধিবক্তা গৰাকীৰ নাম হৈছে অণিতা চাৰণ। অণিতাৰ জৰিয়তে ইতিমধ্যে শ্যামকাণুৱে আগতীয়া জামিন লাভৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কুছকাৱাজ। উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বে শ্যামকাণু মহন্তই অসমৰ ৪গৰাকী অধিবক্তাৰ কাষ চাপিছিল। পিছে, অসমৰ অভিবক্তাই শ্যামকাণুৰ হৈ উকালতি নকৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে দিল্লীৰ অধিবক্তাৰ কাষ চাপিবলৈ বাধ্য হৈছে শ্যামকাণু মহন্ত। 

শ্যামকানু মহন্ত