/asomiyapratidin/media/media_files/2025/08/22/web-ap-1-1-2025-08-22-19-08-51.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ অৰ্ধসামৰিক বাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাৰ উপেন চন্দ্ৰ নাথে ভূটীয়াপাৰা ফিজিকেল একাডেমী নামৰ এখন প্ৰতিষ্ঠান খুলি অঞ্চলটোৰ যুৱক-যুৱতীসকলক সেনা, অৰ্ধসামৰিক বাহিনী, অগ্নিবীৰ আদিত ভৰ্তি হ'বলৈ বিনামূলীয়াকৈ কোচিং আৰু শাৰীৰিক প্ৰশিক্ষণ দি আহিছে। উক্ত প্ৰতিষ্ঠানটোৱে দুবছৰ অতিক্ৰম কৰিলে আৰু প্ৰথম বছৰত মাথো দুই-তিনিগৰাকীয়ে সফলতা পোৱাৰ পিছত এইবাৰ উক্ত একাডেমীৰ পৰা ২০ গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে এছ এছ চি (জিডি) আৰু অগ্নবীৰৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।
লক্ষণীয় যে উক্ত একাডেমীৰ প্ৰশিক্ষাৰ্থীসকল ৯৯ শতাংশই অতি দুখীয়া পৰিয়ালৰ সন্তান। সাধাৰণতে তেওঁলোকে ৰাতিপুৱা দিন হাজিৰালৈ যোৱাৰ পূৰ্বে শাৰীৰিক প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু সন্ধিয়া কামৰ পৰা ঘূৰি অহাৰ পিছত লিখিত পৰীক্ষাৰ বাবে কোচিং লয়। অৱসৰপ্ৰাপ্ত অৰ্ধসামৰিক বাহিনীৰ জোৱান উপেন চন্দ্ৰ নাথে বহু কষ্টৰে যুৱক-যুৱতীসকলক পৰীক্ষাৰ বাবে সাজু কৰি তোলে আৰু এইবাৰ এছ এছ চি (জিডি) আৰু অগ্নবীৰৰ লিখিত পৰীক্ষাত ২০ গৰাকীকৈ প্ৰশিক্ষাৰ্থী উত্তীৰ্ণ হয়।
অহা ২৫ আগষ্টত তেওঁলোক গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইপিনে গুৱাহাটীলৈ অহা-যোৱা কৰিবলৈয়ো প্ৰশীক্ষাৰ্থীসকলৰ ধনৰ নাটনি হয় আৰু বিষয়টো আহুকাণে পহুকাণে স্থানীয় বিধায়ক তথা ইউ পি পি এল দলৰ এইবাৰৰ ছালাকাটি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ কাণত পৰে ।
আজি লৰেঞ্চ ইছলাৰীয়ে ভূটীয়াপাৰা ফিজিকেল একাডেমীত উপস্থিত হয় আৰু এছ এছ চি (জিডি) আৰু অগ্নবীৰৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা ২০ গৰাকী যুৱক -যুৱতীৰ সৈতে বাৰ্তালাপ কৰে। লৰেঞ্চ ইছলাৰীয়ে লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা ২০ গৰাকী প্ৰশিক্ষাৰ্থীক অভিনন্দনো জ্ঞাপন কৰে ।
ইয়াৰোপৰি প্ৰশিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ গুৱাহাটীলৈ অহা-যোৱা কৰাৰ বাবে প্ৰতিজনকে দুই হাজাৰ টকাকৈ হাতখৰছ আগবঢ়ায় লৰেঞ্চ ইছলাৰী। আনহাতে বিধায়কগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলক দিয়া উদ্দেশ্যি ভাষণত অৱসৰপ্ৰাপ্ত অৰ্ধসামৰিক বাহিনীৰ জোৱান উপেন চন্দ্ৰ নাথৰ কষ্ট আৰু ত্যাগক ভূয়সী প্ৰশংসা কৰে।
তেওঁ নি:স্বাৰ্থভাৱে কৰা কামৰ যোগেদি বহু যুৱক- যুৱতীৰ ভৱিষ্যত সোণালী হৈ পৰিব বুলি উল্লেখ কৰি ভূটীয়াপাৰাত এটা প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে গৃহ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। এই গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে আৰু অধিক সংখ্যক যুৱক-যুৱতীয়ে প্ৰশিক্ষণ ল'ব পাৰিব বুলিও মন্তব্য কৰে লৰেঞ্চ ইছলাৰীয়ে।
ইপিনে প্ৰশিক্ষক উপেন চন্দ্ৰ নাথে কয় যে তেওঁ সেচ্ছামূলক অৱসৰ লোৱাৰ পিছত এটা কথা লক্ষ্য কৰিছিল যে গাঁৱৰ যুৱক-যুৱতীসকলৰ প্ৰতিভা আছে কিন্তু প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ অভাৱত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে এছ এছ চি (জিডি) আৰু অগ্নবীৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয়। ইয়াৰে কিছুমান লিখিত পৰীক্ষাত আৰু আন কিছুমানে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে।
বিষয়টোৰ গুৰুত্ব বুজি তেওঁ নিজ গৃহতে যুৱক-যুৱতীসকলক পঢ়ুওৱা আৰম্ভ কৰে আৰু ভূটীয়াপাৰা খেলপথাৰত শাৰীৰিক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰে। তেনেকৈয়ে প্ৰথম বছৰত কেইবাজনো প্ৰশিক্ষাৰ্থীয়ে সফলতা লাভ কৰে আৰু এইবাৰ ২০ গৰাকীয়ে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে।
উপেন চন্দ্ৰ নাথে সদৰি কৰা মতে প্ৰশিক্ষাৰ্থীসকলক গোটেই বছৰ কঠোৰ শাৰীৰিক প্ৰশিক্ষণ দিয়া হয়, সেয়ে শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ সম্ভাৱনা কম বুলি মন্তব্য কৰি লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৯০ শতাংশই নিযুক্তি পোৱাৰ আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে উপেন চন্দ্ৰ নাথৰ এনে মহান কৰ্মৰ শলাগ লৈ কেইদিনমান পূৰ্বে নাথ যোগী ছাত্ৰ সন্থাই তেওঁলোকৰ বিশেষ অধিবেশনত সম্বৰ্ধনা জ্ঞাপন কৰিছিল।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us